ETV Bharat / state

AGP Joining Programme: ৰঙিয়াত অগপৰ যোগদান কাৰ্যসূচী - পঞ্চায়তৰ প্ৰাক্তন সভাপতি কামাল হোছেইন

এবিএমছুৰ বিচেন্নালা পঞ্চায়তৰ প্ৰাক্তন সভাপতি কামাল হোছেইনৰ নেতৃত্বত ৫০ গৰাকী ব্যক্তিয়ে দেওবাৰে অগপ দলত যোগদান কৰে (AGP Joining programme)।

AGP Joining Programme at Rangia
AGP Joining Programme: ৰঙিয়াত অগপ যোগদান কাৰ্যসূচী
author img

By

Published : Nov 6, 2022, 10:38 PM IST

ৰঙিয়া, 6 নৱেম্বৰ: দেওবাৰে ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বিচেন্নলা পঞ্চায়তৰ ইচ্ছাপুৰ কমিউনিটি সভাগৃহত বিচেনালা শক্তি পৰিষদৰ এখন প্ৰতিনিধিত্বমূলক সভা অনুষ্ঠিত হয় (AGP Joining Programme at Rangia)৷ যাদৱ দাসে সভাপতিত্ব কৰা সভাখনত এবিএমছুৰ বিচেন্নালা পঞ্চায়তৰ প্ৰাক্তন সভাপতি কামাল হোছেইনৰ নেতৃত্বত ৫০ গৰাকী ব্যক্তিয়ে অগপ দলত যোগদান কৰে (AGP Joining programme)।

বিচেন্নালা শক্তি পৰিষদৰ সম্পাদক আতাউৰ ৰহমানে আত ধৰা সভাখনত অগপৰ কেন্দ্ৰীয় কাৰ্যনিবাহক অৰ্ণৱ ভৰালী উপস্থিত হৈ দলটোত নতুনকৈ যোগদান কৰা কৰ্মী সকলক সম্ভাষণ জনায় ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে অগপই অসমত বাস কৰা প্ৰতিটো জতি ধৰ্মৰ লোকৰ সমবিকাশ আৰু সম উন্নয়ন বিচাৰে ৷ সেয়েহে অগপৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে ৷

লগতে পঢ়ক: Vegetable Rates falling down: খাৰুপেটীয়াত দ্ৰুতগতিত হ্ৰাস পাইছে সতেজ পাচলিৰ দাম

অগপই কেতিয়াও ধৰ্মক লৈ ৰাজনীতি কৰা নাই আৰু ভৱিষ্যতেও নকৰে বুলি দোহাৰি অগপৰ নেতা গৰাকীয়ে সমাগত পঞ্চয়ত নিৰ্বাচনৰ বাবে দলীয় কৰ্মী সকলক সাজু হৈ ৰাইজৰ কাষত থকাৰ বাবে আহ্বান জনায় । সভাত ৰঙিয়া বিধান পষিদৰ সভাপতি লীলাধৰ শালৈয়ে ভাষণ প্ৰসংগত কয় যে দলটোৰ শক্তি বৃদ্ধি হ'লেহে প্ৰতিটো ক্ষেত্ৰতেই দলটোৱে আনৰ পৰা মৰম আৰু আদৰ আজুৰি আনিবলৈ সক্ষম হ’ব । ইয়াৰ উপৰিও মিত্ৰদলটোৰ নেতা গৰাকীয়ে দলটোৰ সাংগঠনিক দিশৰ ওপৰতো কৰ্মীসকলৰ লগত মত বিনিময় কৰে ।

সভাত বিধান পৰিষদৰ উপ-সভাপতি প্ৰদীপ বড়ো, হৰেকৃষ্ণ কলিতা, যাদৱ কলিতা, সহ-সম্পাদক গোলক দাস, মহেন্দ্ৰ শালৈ, ধৰ্মীয় সংখ‍্যালঘু পৰিষদৰ ৰঙিয়া বিধান পৰিষদৰ সভাপতি চফেদ আলীয়ে দলীয় সংগঠনিক স্থিতি সবল কৰি ৰখাৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক: Bike rally against Privatization: ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.