কামৰূপ, 15 আগষ্টঃ আজি দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ কমলপুৰতো পালন কৰা হয় দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস ।
কমলপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজহ চক্ৰ বিষয়া ড৹ অংকিতা শৰ্মাই । স্বাাধীনতা দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোৰ বহুকেইজন ক'ভিড যুজাৰু সকলক সম্বৰ্ধনা জ্ঞাপন কৰে । লগতে ক'ভিড আক্ৰান্ত হৈ সুস্থ হোৱা কমলপুৰৰ সংবাদ কৰ্মী সকলকো সম্বৰ্ধনা জনাই চক্ৰ বিষয়া গৰাকীয়ে ।
ঠিক একেদৰে জজ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পুৱা 9 বজাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । অসম চৰকাৰ আৰু কামৰূপ মহানগৰ প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷