ETV Bharat / state

২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন : প্ৰৱেশ হ’ব দুজনকৈ নতুন বিধায়কৰ

author img

By

Published : Nov 9, 2021, 8:06 PM IST

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ সময় ঘোষণা ৷ এইবাৰৰ শীতকালীন অধিৱেশনত বিধান সভাত দেখা যাব দুখনকৈ নতুন মুখ ৷

Winter session of Assam Legislative Assembly from 20th December onwards
২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন : প্ৰৱেশ হ’ব দুজনকৈ নতুন বিধায়কৰ

গুৱাহাটী, ৯ নবেম্বৰ : ২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিবেশন । মঙলবাৰে এই সম্পৰ্কত এক অধিসূচনা জাৰি কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে । পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই শীতকালীন অধিবেশন । উল্লেখযোগ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইখনেই হ’ব প্ৰথমখন শীতকালীন অধিবেশন ৷ এই অধিবেশনত বিৰোধীয়ে বিভিন্ন বিষয়েৰে চৰকাৰক সমালোচনা কৰি সদন উত্তপ্ত কৰাৰ সম্ভাৱনা আছে ।

ইফালে, পাঁচটা সমষ্টিৰ উপনিৰ্বাচনৰ যোগেদি নতুনকৈ দুজন বিধায়কৰ সদনত প্ৰৱেশ ঘটিব । মন কৰিব লগীয়া যে, বিজেপিৰ তিনিজন নৱনিৰ্বাচিত বিধায়ক ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাই আৰু ফণী তালুকদাৰ বিধানসভাৰ বাবে নতুন নহয় । কিন্তু, বিজেপিৰ মিত্রদল ইউ পি পি এলৰ নৱনিৰ্বাচিত বিধায়ক জিৰণ বসুমতাৰী আৰু জলেন দৈমাৰীৰ প্ৰথমবাৰৰ বাবে বিধানসভাত প্ৰৱেশ ঘটিব ।

ইফালে, উপ-নিৰ্বাচন হ’বলগীয়া সমষ্টি সমূহৰ ভিতৰত মাজুলীত উপ-নিৰ্বাচন হ'বলৈ এতিয়াও বাকী আছে । মাজুলীক প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্রীসভাত স্থান পোৱাৰ পাছতে মাজুলীত উপনিৰ্বাচন হোৱাটো নিশ্চিত হৈছিল যদিও বিধায়ক হিচাপে সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পিছত মাজুলীত উপ-নিৰ্বাচনৰ সময় এতিয়াও ঘোষণা কৰা নাই নিৰ্বাচনী আয়োগে ৷

লগতে পঢ়ক : লামডিঙৰ উচ্ছেদ অভিযানৰ মাজতে উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.