গুৱাহাটী, 4 জুনঃ অসমত অনা-অসমীয়াৰ দাদাগিৰী নচলিব বুলি হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনা অসমৰ সম্পাদক শৃংখল চলিহাই ৷ মহানগৰীৰ পাণবজাৰস্থিত এপেক্স বেংকত বুধবাৰে বেংকটোৰ প্ৰৱন্ধক শশাংক শেখৰ শাস্ত্ৰীয়ে বহু কেইগৰাকী অসমীয়া কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ কেৱল ইমানেই নহয় সেই কৰ্মচাৰীসকলক কামৰ পৰা উলিয়াই দিয়াৰো ভাবুকি দিয়ে বুলি জানিব পৰা গৈছে ৷
এই ঘটনাত তীব্ৰ প্ৰতিবাজ সাব্যস্ত কৰে বীৰ লাচিত সেনাই ৷ বৃহস্পতিবাৰে বেংকটোত উপস্থিত হৈ বেংক প্ৰবন্ধক গৰাকীক এনে ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে দলটোৰ সদস্য সকলে ৷
লগতে পঢ়কঃ কোৱাৰেণ্টাইন কেন্দ্ৰত ন্যূনতম সা-সুবিধা নথকাৰ অভিযোগ