গুৱাহাটী, 9 আগষ্টঃ গুৱাহাটীত উপস্থিত দুই তাৰকা সংগীতশিল্পী উষা মংগেশকাৰ আৰু অলকা ইয়াগনিক । শুকুৰবাৰে মুম্বাইৰ পৰা বৰঝাৰ বিমান বন্দৰত উপস্থিত দুই তাৰকা শিল্পী । মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত অংশ ল'বলৈ গুৱাহাটীত উপস্থিত হয় দুয়োগৰাকী সংগীত শিল্পী ৷ মাছখোৱাত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰি পুনৰ মুম্বাইলৈ উভতিব উষা মংগেশকাৰ । বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰীস্থিত ড° ভূপেন হাজৰিকাৰ সমাধিস্থলিত উপস্থিত হয় উষা মংগেশকাৰ । ভূপেন দাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি ভূপেন দাক স্মৰণ কৰে বলীউডৰ প্ৰখ্যাত সংগীত শিল্পীগৰাকীয়ে। আনহাতে অলকা ইয়াগনিকো ব্যক্তিগত বিশেষ কাৰ্যসূচীত অংশ ল'বলৈ উপস্থিত হয় গুৱাহাটীত । দুয়োগৰাকী তাৰকাক শুভাকাংক্ষীয়ে উষ্ম আদৰণী জনায় ।
গুৱাহাটীত উপস্থিত সংগীতশিল্পী উষা মংগেশকাৰ আৰু অলকা ইয়াগনিক - etv bharat
মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত অংশ ল'বলৈ গুৱাহাটীত উপস্থিত হয় দুই সংগীত তাৰকা ৷
গুৱাহাটী, 9 আগষ্টঃ গুৱাহাটীত উপস্থিত দুই তাৰকা সংগীতশিল্পী উষা মংগেশকাৰ আৰু অলকা ইয়াগনিক । শুকুৰবাৰে মুম্বাইৰ পৰা বৰঝাৰ বিমান বন্দৰত উপস্থিত দুই তাৰকা শিল্পী । মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত অংশ ল'বলৈ গুৱাহাটীত উপস্থিত হয় দুয়োগৰাকী সংগীত শিল্পী ৷ মাছখোৱাত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰি পুনৰ মুম্বাইলৈ উভতিব উষা মংগেশকাৰ । বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰীস্থিত ড° ভূপেন হাজৰিকাৰ সমাধিস্থলিত উপস্থিত হয় উষা মংগেশকাৰ । ভূপেন দাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি ভূপেন দাক স্মৰণ কৰে বলীউডৰ প্ৰখ্যাত সংগীত শিল্পীগৰাকীয়ে। আনহাতে অলকা ইয়াগনিকো ব্যক্তিগত বিশেষ কাৰ্যসূচীত অংশ ল'বলৈ উপস্থিত হয় গুৱাহাটীত । দুয়োগৰাকী তাৰকাক শুভাকাংক্ষীয়ে উষ্ম আদৰণী জনায় ।
Bite. উষা মঙ্গেস্কাৰ ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam