ETV Bharat / state

Maha Jan Sampark Abhiyan:গুৱাহাটীত বিশিষ্ট নাগৰিকৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jul 5, 2023, 10:45 PM IST

বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে গুৱাহাটীত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাজ্যিক বিজেপিয়ে ৰাজ্যজুৰি মহা জনসম্পৰ্ক অভিযান তীব্ৰতৰ কৰি তুলিছে । ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জনসম্পৰ্ক অভিযানৰ যোগেদি ৰাইজৰ মাজলৈ যোৱাৰ বাবে বিজেপিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

Maha Jan Sampark Abhiyan
বিজেপিৰ মহা জনসম্পৰ্ক অভিযান

গুৱাহাটী, ৫ জুলাই : লক্ষ্য আগন্তুক লোকসভা নিৰ্বাচন । সেই লক্ষ্য আগত ৰাখি বিজেপিয়ে আৰম্ভ কৰিছে মহা জনসম্পৰ্ক অভিযান । দেশজোৰা এই অভিযানৰ অংশ হিচাপে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে । প্ৰথমতে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে গুৱাহাটীৰ কাঁহিকুচিত বিশিষ্ট কৃষি বিজ্ঞানী ড৹ নলিন মহন আৰু তেখেতৰ সহধৰ্মিণী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জু গগৈক তেওঁলোকৰ বাসগৃহত সাক্ষাৎ কৰে ।

Maha Jan Sampark Abhiyan
বিজেপিৰ মহা জনসম্পৰ্ক অভিযান

ড৹ নলিন মহনে তেখেতৰ চৌহদত বিভিন্ন ঔষধি উদ্ভিদ আৰু বহুমূলীয়া গছেৰে পৰিপূৰ্ণ এখন সুন্দৰ "শৈক্ষিক জৈৱ-বৈচিত্ৰৰ (উদ্যান শস্য) উপবন" গঢ় দিছে । কৃষি বিজ্ঞান ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা ড৹ নলিন মহনৰ একান্ত প্ৰচেষ্টাত ঠন ধৰি উঠা এই উপবনখন আজি পৰিভ্ৰমণ কৰি আপ্লুত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । ইয়াৰ পাচতেই সৰ্বানন্দ সোণোৱালে পশ্চিম গুৱাহাটীৰ আজাৰাত উপস্থিত হৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন মেনেজাৰ কৃষ্ণ কুমাৰ দাসৰ লগতে ড৹ অমৃত চন্দ্ৰ দাস, পূৰৱী তালুকদাৰ দাসক তেওঁলোকৰ বাসগৃহত সাক্ষাৎ কৰে আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ সফলতাৰ ৯টা বছৰে কিদৰে দেশৰ বুকুত নৱজাগৰণৰ সৃষ্টি কৰিছে, সেই বিষয়ে উল্লেখ কৰে ।

Maha Jan Sampark Abhiyan
বিজেপিৰ মহা জনসম্পৰ্ক অভিযান

সোণোৱালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথৰ উপৰি বিশ্ববিদ্যালয়খনৰ তথ্য-প্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক শিখৰ কুমাৰ শৰ্মা, ইলেকট্ৰ'নিকছ্ এণ্ড কমিউনিকেচন টেকনল'জী বিভাগৰ মুৰব্বী অধ্যাপক তুলসী বেজবৰুৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষানুষ্ঠানৰ বৈজ্ঞানিক বিষয়া বিৰাজ ডেকাকো সাক্ষাৎ কৰে । সাক্ষাতৰ অন্তত সোণোৱালে কয় যে জনসাধাৰণৰ গঠনমূলক দিহা-পৰামৰ্শ আৰু মতামতে সুশাসন ব্যৱস্থাক শক্তিশালী ৰূপ প্ৰদান কৰে । সেয়েহে ভাৰতীয় জনতা পাৰ্টিয়ে "মহা জনসম্পৰ্ক অভিযান"ৰ জৰিয়তে সৰ্বস্তৰৰ লোকৰে মাজলৈ যোৱাৰ এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে ।

Maha Jan Sampark Abhiyan
বিজেপিৰ মহা জনসম্পৰ্ক অভিযান

উল্লেখ্য যে ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে ৰাজ্যজুৰি মহা জনসম্পৰ্ক অভিযান তীব্ৰতৰ কৰি তুলিছে । ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জনসম্পৰ্ক অভিযানৰ যোগেদি ৰাইজৰ মাজলৈ যোৱাৰ বাবে বিজেপিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

Maha Jan Sampark Abhiyan
বিজেপিৰ মহা জনসম্পৰ্ক অভিযান

লগতে পঢ়ক : Maha Jan Sampark Abhiyan: বিশ্বনাথৰ ধাৰ মই শোধ কৰিম; মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.