ETV Bharat / state

নিষিদ্ধ হ’ল ‘আলফাৰ কলংকিত অধ্যায়’

author img

By

Published : Feb 3, 2021, 9:31 PM IST

নিষিদ্ধ কৰা হ’ল ৰঞ্জু নেওগ হাজৰিকা আৰু অমৰদ্বীপ বৰুৱাৰ লিখিত গ্ৰন্থ ‘আলফাৰ কলংকিত অধ্যায়’ ৷ কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ৬ ফেব্ৰুৱাৰীলৈ গ্ৰন্থখনৰ বিক্ৰী, ছপা আৰু বিতৰণত নিষেধাজ্ঞা জাৰি কৰিছে ৷

As-ghy-ulfa-kalangkito-adhay-has-been-bnned-vis-as10003
নিষিদ্ধ হ’ল ‘আলফাৰ কলংকিত অধ্যায়’

গুৱাহাটী,3 ফেব্ৰুৱাৰী: নিষিদ্ধ কৰা হ’ল ৰঞ্জু নেওগ হাজৰিকা আৰু অমৰদ্বীপ বৰুৱাৰ লিখিত গ্ৰন্থ ‘আলফাৰ কলংকিত অধ্যায়’ ৷ গ্ৰন্থখনত লাম উল্লিখিত এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে নিষিদ্ধ ঘোষণা কৰে গ্ৰন্থখন ৷ বুধবাৰে উজানবজাৰত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা ব্যক্ত কৰে অভিযোগকাৰী তগৰ চন্দ্ৰ নেওগৰ অধিবক্তাই ৷

আলফাৰ কলংকিত অধ্যায়ৰ ওপৰত আদালতৰ নিষেধাজ্ঞা

উল্লেখ্য যে, গ্ৰন্থখনত সন্নিবিষ্ট কৰা কেতবোৰ তথ্য ক’ৰ পৰা সংগৃহীত তাৰ কোনো উৎসৰ কথা উল্লেখ নথকাৰ বাবেই ৬ ফেব্ৰুৱাৰীলৈ গ্ৰন্থখনৰ বিক্ৰী, ছপা আৰু বিতৰণত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ আলফাৰ কলংকিত অধ্যায়ত ৮০/৯০ দশকত সাধাৰণ লোকক আলফাই কৰা বৰ্বৰ অত্যাচাৰৰ কথা উল্লেখ আছে ৷ কিন্তু কিতাপখনত উল্লেখ থকা তগৰ হাজৰিকাই কোনোপধ্যেই এনে কাৰ্যত জড়িত নাই বুলি স্পষ্ট কৰি আদালতত কিতাপখনৰ বিক্ৰীত নিষেধাজ্ঞা দিবলৈ আবেদন জনাইছিল ৷

As-ghy-ulfa-kalangkito-adhay-has-been-bnned-vis-as10003
আলফাৰ কলংকিত অধ্যায়ৰ ওপৰত আদালতৰ নিষেধাজ্ঞা

লগতে পঢ়ক-প্ৰমোদ বড়োৰ বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.