ETV Bharat / state

গুৱাহাটীত চাইবাৰ ছিকিউৰিটীক লৈ দুদিনীয়া কৰ্মশালা

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 10:24 PM IST

চাইবাৰ জগতত আপুনি কিমান সুৰক্ষিত ? গুৱাহাটীত চাইবাৰ ছিকিউৰিটিৰ কৰ্মশালা ৷ বিশ্বৰ তথ্য-প্ৰযুক্তি খণ্ডৰ একাধিক আগশাৰীৰ প্ৰতিষ্ঠানৰ চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞৰ সমল ব্যক্তি ৰূপে অংশগ্ৰহণ ।

Cyber Sequrity workshop
চাইবাৰ ছিকিউৰিটীক লৈ কৰ্মশালা

গুৱাহাটী, ২২ নৱেম্বৰ : ‘চাইবাৰ ছিকিউৰিটী’ কেৱল এক কাৰিকৰী বিষয় নহয়, দ্ৰুত ৰূপান্তৰিত ডিজিটেল বিশ্বত ই এক সামূহিক দায়িত্ব হৈ পৰিছে । ডিজিটেল ক্ষেত্ৰখনৰে জড়িত বিশেষজ্ঞ, ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰকাৰী চৰকাৰী, বেচৰকাৰী, ব্যৱসায়িক তথা ব্যক্তিগত পক্ষসমূহৰ সকলোৰে মাজৰ সহযোগিতা, জ্ঞানৰ বিনিময় আৰু নিৰন্তৰ শিক্ষণৰ দ্বাৰাহে নিত্য-নতুন চাইবাৰ ভাবুকিৰে মোকাবিলা কৰাটো সম্ভৱ’, এই অভিমত ৰাজ্যৰ তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ । গুৱাহাটীৰ ভিভান্তা হোটেলত অনুষ্ঠিত চাইবাৰ ছিকিউৰিটী, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ডিজিটেল ৰূপান্তৰণ বিষয়ক এখন দুদিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বুধবাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তথ্য-প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে এই মত পোষণ কৰে ৷

Cyber Sequrity workshop
চাইবাৰ ছিকিউৰিটীক লৈ কৰ্মশালা

এমট্ৰন, মাষ্টাৰকাৰ্ড আৰু ভাৰতীয় তথ্য-প্ৰযুক্তি খণ্ডৰ অগ্ৰণী চাইবাৰ ছিকিউৰিটী প্ৰতিষ্ঠান ‘আই-ছেক ছিকিউৰিটী’ৰ যৌথ উদ্যোগত আয়োজিত 'ছিকিউৰ ২০২৩: ৱান ৱৰ্ল্ড, ৱান ছিকিউৰিটী, ৱান ফিউচাৰ' শীৰ্ষক কৰ্মশালাখনৰ এই সামৰণি অনুষ্ঠানত এমট্ৰনৰ পৰিচালন সঞ্চালক নৰসিং পাৱাৰ, সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অধ্যাপক ডঃ পৰমেশ্বৰ আয়াৰ, বিশ্বৰ দ্বিতীয় বৃহৎ পে'মেণ্ট প্ৰচেছিং কোম্পানী মাষ্টাৰকাৰ্ডৰ জ্যেষ্ঠ উপ-সভাপতি সন্তোষ কুমাৰ আৰু আই-ছেক ছিকিউৰিটীৰ পৰিচালন সঞ্চালিকা অমৃতা সিঙেও অংশগ্ৰহণ কৰে । ৰাজ্যৰ তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী মহন্তই কয়, 'প্ৰযুক্তিৰ দ্ৰুত বিকাশে নিতৌ ৰূপান্তৰণ ঘটোৱা ডিজিটেল ক্ষেত্ৰখন আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে । প্ৰযুক্তিগত উন্নতিয়ে সুদূৰপ্ৰসাৰী সুযোগ অনাৰ সমান্তৰালকৈ নিত্য-নতুন, জটিল প্ৰত্যাহ্বানো আনিছে । বিশেষকৈ চাইবাৰ ক্ষেত্ৰখন অহৰহ সন্মুখীন হৈ আহিছে ক্ৰমৱৰ্দ্ধমান ভাবুকি-প্ৰত্যাহবানেৰে ।

Cyber Sequrity workshop
চাইবাৰ ছিকিউৰিটীক লৈ কৰ্মশালা

চাইবাৰ ভাবুকি তথা সমস্যাসমূহ ক্ষীপ্ৰতাৰে উপলব্ধি কৰা, এনে ভাবুকি-সমস্যাৰ সঠিকভাৱে মোকাবিলাৰে বিপদ হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি । চাইবাৰ ছিকিউৰিটী বিষয়ক কৰ্মশালাই চাইবাৰ ৰিস্ক ব্যৱস্থাপনা আৰু প্ৰশমনৰ সৈতে জড়িত বিষয়সমূহকলৈ নিৰন্তৰ পৰ্যালোচনা আৰু জ্ঞানৰ আদান-প্ৰদানে ৰাজহুৱা, ব্যক্তিগত, ব্যৱসায়িক তথা সামাজিক ডিজিটেল স্থানসমূহক চাইবাৰ ভাবুকিৰ পৰা সুৰক্ষিত ৰখাত সহায় কৰাৰ লগতে চাইবাৰ ভাবুকিৰ বিৰুদ্ধে সামূহিক সুৰক্ষাকো শক্তিশালী কৰি তোলাত অৰিহণা যোগায় । উল্লেখ্য যে, এই দুদিনীয়া কৰ্মশালাখনত মাষ্টাৰকাৰ্ডকে ধৰি কেইবাটাও বিশ্বৰ তথ্য-প্ৰযুক্তি খণ্ডৰ একাধিক আগশাৰীৰ প্ৰতিষ্ঠানৰ চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞই সমল ব্যক্তি ৰূপে উপস্থিত থাকি বিশ্বজুৰি ডিজিটেল ক্ষেত্ৰখনত ক্ৰমৱৰ্দ্ধমান চাইবাৰ ভাবুকিয়ে সৃষ্টি কৰা সমস্যা-প্ৰত্যাহবান সন্দৰ্ভত বিস্তাৰিতভাৱে ব্যাখ্যা কৰাৰ লগতে এইক্ষেত্ৰত ল’ব লগা সুৰক্ষামূলক ব্যৱস্থা আৰু সমাধানৰ বিভিন্ন দিশৰ বিষয়েও প্ৰায়োগিক বিশ্লেষণ দাঙি ধৰে ।

Cyber Sequrity workshop
চাইবাৰ ছিকিউৰিটীক লৈ কৰ্মশালা

কৰ্মশালাখনত গুৱাহাটী উচ্চ ন্যায়ালয়, অসম আৰক্ষীৰ চিআইডি, দূৰসংযোগ বিভাগ, লোকনিৰ্মাণ বিভাগ, এনআইচি, এনআৰএল, অ'ইল, ইণ্ডিয়া কাৰ্বন, এপিডিচিএল, আইআইটি গুৱাহাটী, গুৱাহাটী বিশ্ববিদ্যালয়, ডনবস্ক’ বিশ্ববিদ্যালয়, বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (ইউএছটিএম), গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, এআইডিচি আৰু ৰিলায়েন্স জিঅ'ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি চাইবাৰ সুৰক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে বিস্তাৰিত জ্ঞান আৰু ব্যৱহাৰিক অভিজ্ঞতা আহৰণৰ সুযোগ লাভ কৰে । কৰ্মশালাখনৰ প্ৰথম দিনা মাষ্টাৰকাৰ্ডৰ সঞ্চালক তথা কোম্পানীটোৰ চাইবাৰ এণ্ড ৰিস্ক ছাৰ্ভিচেজৰ গ্লোবেল মাৰ্কেটিং লীড ডেন পেষ্ট'ৰ, সঞ্চালক (চাইবাৰ ছিকিউৰিটী এছএমই) বিনিত সিনহা, সঞ্চালক (চাইবাৰ এণ্ড ইণ্টেলিজেন্স) মনদীপ ছেধা, জ্যেষ্ঠ উপ-সভাপতি ৰাজেশ চোপ্ৰা, পাইকিছ ছিকিউৰিটীৰ হৰমিট কালৰাই যথাক্ৰমে 'ৰিজিঅ'নেল চাইবাৰ লেণ্ডস্কেপ এণ্ড মাষ্টাৰকাৰ্ড পাৰ্টনাৰশ্বিপ উইথ গ'ৱৰ্ণমেণ্টছ', 'ইনছাইটছ অন চাইবাৰ স্পেচ', 'চাইবাৰ ছিকিউৰিটী ইন দ্য ইৰা অব্ ডিজিটেল ট্ৰান্সফ'ৰমেচন', 'ৰেনছ'মৱেৰ চাইবাৰ ৰিস্কছ', 'ব্ৰীচ এণ্ড এট্যাক ছিমিউলেচন (চাইবাৰ ফ্ৰণ্ট)' শীৰ্ষক বিষয়বস্তুকলৈ বিতং বিশ্লেষণ আগবঢ়োৱাৰ লগতে অভিজ্ঞতা আধাৰিত ব্যৱহাৰিক উদাহৰণ দাঙি ধৰে । আজি দ্বিতীয় তথা অন্তিম দিনা 'চাইবাৰ কুৱাণ্ট', 'চাইবাৰ ফ্ৰণ্ট' আৰু 'ৰিস্ক ৰেক'ন' বিষয়ক উদাহৰণ আধাৰিত উপস্থাপনা আগবঢ়ায় ক্ৰমে বিনিত সিনহা, হৰমিট কলৰাৰ লগতে মাষ্টাৰকাৰ্ডৰ প্ৰডাক্ট মেনেজাৰ ছেভিন ভাৰ্চনীয়ে । তদুপৰি, ইজৰাইলৰ পৰা চাইবাৰ বিশেষজ্ঞ তথা মাষ্টাৰকাৰ্ডৰ সঞ্চালক (প্ৰডাক্ট) য়'নাথন গাৰ্জ'নেও অনলাইনৰ জৰিয়তে 'চাইবাৰ ইনছাইটছ' বিষয়ক এক বক্তৃতা প্ৰদান কৰে ।

লগতে পঢ়ক : ছাহজাহান সৰকাৰ-ঐশ্বৰ্য জীৱন বৰুৱাক পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.