ETV Bharat / state

Municipal tax hike: পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Mar 22, 2023, 6:51 PM IST

পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ গুৱাহাটীত বুধাবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে তৃণমূল কংগ্ৰেছ অসমে ৷ চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ (protest against municipality tax hike) ৷

Protest against municipal tax hike in Guwahati
পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, 22 মাৰ্চ : পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ । ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে তৃণমূল কংগ্ৰেছে । মহানগৰীৰ ৰ’টাৰী ক্লাৱত প্ৰায় শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত চৰকাৰ হায় হায়, পৌৰ কৰ বৃদ্ধি মানি নলওঁ, পৌৰ কৰ হ্ৰাস কৰক আদি শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে (Trinamool congress protest against municipality tax hike) ।

তৃণমূল কংগ্ৰেছ, অসমৰ সভাপতি ৰিপুণ বৰায়ো অংশগ্ৰহণ কৰে এই বিক্ষোভ কাৰ্যসূচীত ৷ চৰকাৰী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ সভাপতি গৰাকীয়ে কয় যে, ক্ৰমৱৰ্ধমান মূল্যবৃদ্ধিয়ে ইতিমধ্যে ৰাইজক জুৰুলা কৰি পেলাইছে । ইয়াৰ মাজতে অতিৰিক্তভাৱে পৌৰ কৰ বৃদ্ধিৰে সৰ্বসাধাৰণৰ মূৰত মাধমাৰ শোধাব বিচাৰিছে ৰাজ্য চৰকাৰে । ৰিপুণ বৰাই এই সন্দৰ্ভত পুনৰ কয় যে, শেহতীয়াভাৱে অসম চৰকাৰে ৰাজ্যৰ পৌৰনিগম আৰু পৌৰসভা এলেকাৰ বাসিন্দাসকলৰ পৰা অত্যধিক হাৰত কৰ সংগ্ৰহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Protest against municipal tax hike) ।

অহা ১ এপ্ৰিলৰ পৰা এই সিদ্ধান্ত কার্যকৰী হ’ব বুলিও চৰকাৰে সদৰী কৰিছে । কিন্তু বৰ্তমানৰ পৰিস্থিতিত এই পৌৰ কৰ বৃদ্ধি কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, সম্প্ৰতি মৌলিক প্ৰয়োজনখিনিয়ে সৰ্বসাধাৰণে পূৰাব নোৱাৰা ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ কাৰণ ৰন্ধন গেছকে ধৰি চাউল, দালি, মিঠাতেলৰ অত্যাধিক মূল্যবৃদ্ধিয়ে ইতিমধ্যে জনসাধাৰণক আৰ্থিকভাৱে কোঙা কৰি পেলাইছে । মধ্যবিত্ত আৰু দুখীয়া মানুহৰ ক্রয় ক্ষমতাও ক্ৰমাৎ লোপ পাইছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Protest in Guwahati against municipal tax hike) ।

লগতে পঢ়ক : Fugitive Amritpal Issue : শান্তি বিঘ্নিত কৰাৰ অপৰাধত পঞ্জাবত ১৫৪ জনক গ্ৰেপ্তাৰ

মূল্যবৃদ্ধিৰে ককবকাই থকা এনে এক অভাৱনীয় সময়ত পৌৰকৰ বৃদ্ধিয়ে সাধাৰণ ৰাইজক মাধমাৰ শোধোৱাটো নিশ্চিত বুলি কয় সভাপতি ৰিপুন বৰাই । উল্লেখ্য যে, অসম তৃণমূল কংগ্ৰেছ দলে সমগ্ৰ অসমৰ ১০২ খন পৌৰসভা এলেকাত পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰ’টাৰী ক্লাৱত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অসম চৰকাৰৰ মুখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.