ETV Bharat / state

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

top10 news
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 12, 2021, 9:00 AM IST

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি-

1. আত্মীয়ৰ কু-অভিসন্ধি : পৰিকল্পিতভাৱে গণৰোষত পেলালে দিলোৱাৰক

উৰা বাতৰিক কেন্দ্ৰ কৰি হোজাই জিলাৰ নীলবাগান অঞ্চলত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ ঘটনাৰ বিৱৰণ অনুসৰি উৰা বাতৰিৰ প্ৰভাৱত এজন লোকক খেদি খেদি প্ৰহাৰ কৰে একাংশ লোকে ৷

2. ত্ৰিপুৰাত ক’ৰণাত আক্ৰান্ত হৈ এজনৰ মৃত্যু

ত্ৰিপুৰাত নতুনকৈ ক’ৰণা সংক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মহামাৰীৰ সম্ভাৱ্য দ্বিতীয় ঢৌৰ আশংকা কৰা হৈছে । বিগত এসপ্তাহত ৰাজ্যখনত ক’ৰণা সংক্ৰমণৰ ঘটনা যথেষ্ট বৃদ্ধি হোৱাৰ খবৰ পোৱা গৈছে । প্ৰশাসনে নতুন সংক্ৰমণৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষণৰ সংখ্যা পুনৰ বৃদ্ধি কৰিছে ৷

3. চিৰাঙত চলিছে ৰংজালী বৈশাগুক আদৰাৰ প্ৰস্তুতি

বাপতি সাহোন বিহুটিলৈ মাজত মাথো কেইটামান দিন বাকী ৷ প্ৰতিগৰাকী অসমীয়াই ৰঙালীক আদৰাৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি ৷ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজ নিজ পৰম্পৰা অনুসৰি পালন কৰি আহিছে অসমীয়াৰ স্বাভিমান হেঁপাহৰ বিহুটি ৷

4. ৰঙালীৰ ৰঙেৰে ভৰিছে মহানগৰী

ক'ৰণা মহামাৰী আৰু ল'ক ডাউনৰ বাবে বিগত বৰ্ষত ৰঙালী বিহু উদযাপনৰ পৰা বঞ্চিত হোৱা ৰাজ্য বাসীয়ে এইবাৰ দুগুণ উৎসাহেৰে ৰঙালীৰ ৰঙত মতলীয়া হ'বলৈ সাজু হৈছে । ক'ৰণৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে যদিও ৰাজ্যবাসীয়ে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

5. মাজুলীত বিহুনাচ কৰ্মশালা সম্পন্ন

ৰঙালীক আদৰাৰ বাৰে প্ৰস্তুতি সম্পন্ন মাজুলীবাসীৰ ৷ বিহুৰ কৰ্মশালা সম্পন্ন কৰে মাজুলীৰ দক্ষিণপাট কুমাৰ গাওঁৰ সেউজ মইনা পাৰিজাত যুৱক সংঘ, ৰেঙনী পুথিভৰালৰ কৰ্মকৰ্তাই ৷

6. কাৰ ছত্ৰছাঁয়াত ধুবুৰীত চলিছে বালি মাটিৰ চিণ্ডিকেট ?

ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ ঠিকা লাভ কৰা এল এণ্ড টি কোম্পানীক মাটি প্ৰদানৰ অনুমতি লৈ চিণ্ডিকেট চক্ৰটোৱে ক’লা বজাৰত বিক্ৰী কৰি আহিছে বালিমাটি ।

7. হৰ্ছ ট্ৰেডিঙৰ ভূতে খেদিছে কংগ্ৰেছ মহাজোঁটক

নিৰ্বাচনী মহাৰণ শেষ হ'ল ৷ আৰম্ভ হ'ল এতিয়া ৰাজ্যত ঘোঁৰা কিনাৰ ৰাজনীতি ৷ হৰ্ছ ট্ৰেডিঙক লৈ অধিক গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৷ অভিযোগ উঠিছে প্ৰাৰ্থী কিনিবলৈ ইতিমধ্যে জাল মেলি দিছে বিজেপিয়ে ৷ তাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ ভয়ত ত্ৰস্তমান কংগ্ৰেছ মহাজোঁট ৷ হৰ্ছ ট্ৰেডিঙৰ পৰা ৰক্ষা পাবলৈ শুকুৰবাৰে ৰাজস্থানলৈ প্ৰেৰণ কৰা হয় মহাজোঁটৰ 21গৰাকীকৈ প্ৰাৰ্থীক ৷

8. ক’ভিড প্ৰট’কল মানি চলিব লাগিব: সৰ্বানন্দ সোণোৱাল

অসমৰ ৰাইজে ক'ভিড প্ৰট’কল মানি চলিব লাগিব ৷ এপ্ৰিল মাহতে ডিব্ৰুগড়ত ১৪৯ জনলৈ বৃদ্ধি হৈছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ লগতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে কৰ’ণাৰ বাবে দিয়া নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰাটো অতি জৰুৰী বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

9. শিলচৰৰ ৰাজপথত যুৱকৰ তাণ্ডৱ

শিলচৰ চহৰত এদল যুৱকৰ তাণ্ডৱ ৷ উদণ্ড যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত আৰক্ষীসহ 7 পথচাৰী ৷

10. কণ্ঠশিল্পীৰ মাননি বৃদ্ধিক লৈ বিপাঙত ৰাজ্যৰ বিহু কমিটি

ঢোল-পেঁপা-গগণাৰ মাতত ৰজন জনাইছে সমগ্ৰ ৰাজ্য ৷ কাৰণ পদূলিমুখ পালেহি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু ৷ অসমীয়াৰ আয়ুসৰেখা স্বৰূপ হেঁপাহৰ ৰঙালীক আদৰিবলৈ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া প্ৰস্তুতি তুংগত উঠিছে ৷ সমান্তৰালভাৱে কৰ'ণাতংক আৰু চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে সাজু কৰি তোলা হৈছে বিহুমঞ্চ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.