সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি-
অৰুণাচলৰ হোলেঙ্গীৰ মুখ্যদ্বাৰত বাধ্যতামূলক ক'ভিড পৰীক্ষা
ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অৰুণাচল প্ৰশাসনে ৷ দৈনিক শ শ প্ৰৱেশ ঘটা অৰুণাচলৰ হোলেঙ্গীৰ মুখ্যদ্বাৰত ক'ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে ৷ লগতে সাজু কৰি ৰাখিছে ক'ভিড কেয়াৰ চেণ্টাৰ, বাধ্যতামূলক কৰিছে মাস্ক পৰিধান ৷
গৌৰীপুৰত জাল নোটসহ চাৰিটাকৈ পিষ্টল উদ্ধাৰ
গৌৰীপুৰ আৰক্ষীৰ সহযোগত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই গাঁৱখনৰ মজিবৰ ৰহমানৰ নামৰ এজন লোকৰ ঘৰত উদ্ধাৰ কৰে চাৰিটাকৈ হস্তনিৰ্মিত পিষ্টল ।
নগাঁৱত অৱহেলিত ক’ভিড আক্ৰান্ত
ক’ভিড আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ নামত চূড়ান্ত অৱহেলাৰ অভিযোগ উত্থাপন হৈছে এইবাৰ নগাঁৱত । জানিব পৰা মতে, চিকিৎসা প্ৰদান দূৰৈৰ কথা অক্সিজেন পৰ্যন্ত জুখি নাচালে কোনো এজন স্বাস্থ্য কৰ্মীয়ে । চিকিৎসালয়ত কোনো গুৰুত্ব নাপাই নিজ ঘৰলৈ উভতি যাবলগীয়া হ’ল পৰিয়ালটো ।
বোকাজানত ১০ লাখ টকাৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক
খটখটী আৰক্ষী থানাৰ অভিযানত ডিমাপুৰৰ নাগেন্দ মাহাতো আৰু বাবলু কুমাৰ নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক ৷ অভিযানত ২৫ টাকৈ চাবোনৰ বাকচত থকা মুঠ ৩১৮ গ্ৰাম হেৰ’ইন উদ্ধাৰ ৷ জব্দকৃত হেৰ’ইন খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা ৷
মহামাৰীৰ প্ৰতি ৰাইজক সজাগ কৰি মাস্ক বিতৰণ আৰক্ষীৰ
বালিপৰাত মহামাৰী কৰ’ণাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ অভিনৱ প্ৰচেষ্টা চাৰিদুৱাৰ আৰক্ষীৰ ৷ ৰাইজক মহামাৰীৰ সংক্ৰমণ ৰোধৰ বিষয়ত সজাগ কৰাৰ লগতে বিনামুলীয়াকৈ কৰিলে মাস্ক বিতৰণ ।
হোজাইৰ শিক্ষানুষ্ঠানসমূহলৈ প্ৰশাসনৰ নিৰ্দেশনা
কৰ'ণাৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্যৰাখি হোজাই জিলা প্ৰশাসনে এক অধিসূচনা জাৰি কৰে । অধিসূচনা অনুসৰি ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ৫০ শতাংশ শিক্ষার্থীৰে পাঠদান চলিব । পাঠদানৰ ক্ষেত্ৰত শিক্ষানুষ্ঠান কর্তৃপক্ষই অনলাইন ব্যৱস্থাক অগ্রাধিকাৰ দিব লাগিব ।
কৰ'ণাত আক্ৰান্ত বি এচ য়েডিয়ুৰুপ্পাৰ আৰোগ্য লাভ
চলিত বৰ্ষৰ মাৰ্চ মাহত কৰ'ণা প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এচ য়েডিয়ুৰুপ্পা দ্বিতীয়বাৰৰ বাবে যোৱা ১৬ এপ্ৰিলত কৰ'ণাত আক্ৰান্ত হৈছিল । ক'ভিডৰ সৈতে যুঁজি থকাৰ পাচত অৱশেষত নিগেটিভ ফলাফল আহিল মুখ্যমন্ত্ৰী বি এচ য়েডিয়ুৰুপ্পাৰ ।
দিল্লীৰ অক্সিজেন কোটা ৪৮০ মেট্ৰিকটনলৈ বৃদ্ধি
দিল্লীৰ কেইবাখনো ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়ত ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ চিকিৎসা অক্সিজেন কম হোৱাত কেন্দ্ৰই বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ অক্সিজেন কোটা ৩৭৮ মেট্ৰিক টনৰ পৰা ৪৮০ মেট্ৰিক টনলৈ বৃদ্ধি কৰে ।
ধন দাবী কৰি ৰঙাঘৰৰ আলহী ৰাজনৈতিক দলৰ নেতা
বৰপেটাৰ হাউলী চহৰত ধন দাবী কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল ৰাজনৈতিক দলৰ নেতা ৷ নেতাগৰাকী হৈছে ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়া(আৰপিআই) দলৰ যুৱ মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি আমজাদ আলী । অভিযোগ অনুসৰি হাউলীৰ মইনাল হক নামৰ এগৰাকী ব্যৱসায়ীক ধন দাবী কৰিছিল আমজাদ আলীয়ে ।
বৰপেটাত কৰ’ণা আক্ৰান্তৰ সংখ্যা 219 গৰাকীলৈ বৃদ্ধি
বৰপেটাত বুধবাৰে পুনৰ 38 গৰাকীকৈ লোকৰ দেহত ধৰা পৰে ক’ভিড 19 ৰ অৱস্থিতি ৷ জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা 219 গৰাকীলৈ বৃদ্ধি পাইছে ৷