ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি
5 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Mar 14, 2021, 5:00 PM IST

বিজেপিৰ পৰা পদত্যাগ ৰাজ্যিক মুখপাত্ৰ ফণী পাঠকৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত মোক্ষম আঘাত কৰিছে ৰাজ্যিক মুখপাত্ৰ ফণী পাঠকে ৷ পাটাছাৰকুছি বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ টিকট প্ৰত্যাশী ফণী পাঠকে দেওবাৰে পদত্যাগ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৷

ভূপেন বৰাক আৰ্থিক সাহায্য প্ৰদান দলীয় কৰ্মীৰ

দেওবাৰে পুৱাতেই বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাৰ ভোগপুৰস্থিত বাসগৃহত যোগদান কাৰ্যসূচী সম্পন্ন হয় । যোগদান কৰা প্ৰতিজনকে কংগ্ৰেছ দলৰ প্ৰতীক সম্বলিত গ’লবস্ত্ৰৰে দললৈ উষ্ম আদৰণি জনায় ভূপেন বৰাই ।

সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন

ক্ৰমাৎ গৰম হৈ পৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ ৰাজনৈতিক বতাহ ৷ দেওবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ দলীয় টিকট লৈ জাকিৰ হুছেইন শিকদাৰ সৰুক্ষেত্ৰীত উপস্থিত হোৱাত সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীসকলে বৃহৎ বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন কৰে ৷ কংগ্ৰেছৰ নেতা, কৰ্মী আৰু সমৰ্থকসকলে বাইক ৰেলীৰে বিপুল আদৰণি জনায় প্ৰাৰ্থী গৰাকীক ৷

যুৱ সমাজৰ পৰামৰ্শ গ্ৰহণ অগপ প্ৰাৰ্থী ৰঞ্জিত ডেকাৰ

ভৱানীপুৰ বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত ডেকাই বাক্সাৰ সাউদৰ ভিঠা, হুদুখাটা, শালবাৰী, আওঁহাটাকে ধৰি প্ৰায় কেইবাখনো গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় । গ্ৰামাঞ্চলৰ যুৱ সমাজৰ লগত মত বিনিময় কৰি নিৰ্বাচনৰ ৰণকৌশল সম্পর্কে আলোচনা কৰে ডেকাই ।

হাইলাকান্দিত ফ্লায়িং স্কোৱাডে জব্দ কৰিলে লক্ষাধিক টকা

নিৰ্বাচনৰ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়তে হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১.৫০ লাখ টকা । দেওবাৰে হাইলাকান্দিৰ লালা অঞ্চলত স্থানীয় আৰক্ষীৰ সহযোগত ফ্লায়িং স্কোৱাডে তালাচী চলাই থকাৰ সময়তে এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰে এই টকাখিনি ৷

বাক্সাৰ মুছলপুৰত ইউ.পি.পি.এলৰ বিশাল বাইক ৰেলী

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৎপৰ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ ।‌ ৰবিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰতো ইউপিপিএল দলে উলিয়াই এক বিশাল বাইক ৰেলী ৷ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই বাইক ৰেলীত ৷

অগপৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

অগপই দেওবাৰে প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা ৷ ১৩টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে অগপই ৷

মমতাৰ উপৰত হোৱা আক্ৰমণৰ কথা অস্বীকাৰ নিৰ্বাচন আয়োগৰ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগ নস্যাৎ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে ৷ মুখ্য সচিবৰ লগতে ৰাজ্যিক পৰ্যবেক্ষকৰ এক প্ৰতিবেদনৰ আধাৰত এই ৰায় প্ৰদান কৰিছে নিৰ্বাচন আয়োগে ৷

ভাৰতীয় সেনাৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ

পঞ্জাৱৰ এটা পৰীক্ষা কেন্দ্ৰত ভাৰতীয় সেনাৰ বিষয়াসকলৰ নিযুক্তিত কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে । সমগ্ৰ বিষয়ৰ তদন্তৰ বাবে ভাৰতীয় সেনাই গোচৰটো চিবিআইক হস্তান্তৰ কৰিছে ।

UDAN 4.1ৰ অধীনত 392 টা নতুন বিমান পথৰ নিলামী আৰম্ভ বিমান মন্ত্ৰণালয়ৰ

ভাৰতীয় অসামৰিক বিমান মন্ত্ৰণালয়ৰ যুটীয়া সম্পাদক উষা পাধীয়ে কয় যে, ‘চাৰিটাকৈ সফল নিলামীৰ পিছত UDAN 4.1ৰ নিলামীৰ বাবে সেইসমূহ পথক বাচনি কৰা হৈছে যিসমূহ পূৰ্বতে UDANৰ অন্তৰ্ভূক্ত কৰা হোৱা নাছিল ৷ এই নিলামীৰ বাবে বাচনি কৰা পথসমূহৰ বাবে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসন আৰু অন্যন্য বাতিল হোৱা পথসমূহে অনুৰোধ জনাইছিল ৷’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.