ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 NEWS AT 5 PM

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

top-10-news-at-5-pm
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Aug 8, 2021, 5:03 PM IST

ক'ভিডত আক্ৰান্ত মন্ত্ৰী অতুল বৰাক জি এম চি এইচত ভৰ্তি

ক'ভিডত আক্ৰান্ত কৃষি মন্ত্ৰী অতুল বৰা (Agriculture Minister Atul Bora) ৷ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ ক'ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে মন্ত্ৰীগৰাকীক ।

Encounter: আৰক্ষীৰ গুলীচালনাত নিহত দুৰ্ধৰ্ষ ডকাইত

শনিবাৰে নিশা চামগুৰিৰ খাটোৱালত আৰক্ষী(Police) আৰু ডকাইতৰ(Dacoit) মাজত ভয়াৱহ গুলীয়াগুলিৰ(Encounter) ঘটনা ৷ উক্ত গুলীয়াগুলিত দুগৰাকীকৈ আৰক্ষী আহত হোৱাৰ বিপৰীতে নিহত হয় এটা দুৰ্ধৰ্ষ ডকাইত ৷

লক্ষাধিক টকাসহ গ্ৰেপ্তাৰ বনকৰা মহিলা

ডিব্ৰুগড়ত এগৰাকী বনকৰা মহিলাৰ ঘৰত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা । এক লাখ, দুই লাখ নহয় প্ৰায় পোন্ধৰ লক্ষাধিক টকা । কিন্তু ক’ৰ পৰা মহিলাগৰাকীয়ে পালে এই টকা ৷

এছ আই কেলেংকাৰীৰ পাচত এইবাৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলিছে ৰাজ্যত

ৰাজ্য কঁপাই যোৱা এছ আই নিযুক্তি কেলেংকাৰীৰ পাচত এইবাৰ পোহৰলৈ আহিছে আৰক্ষী বিভাগত সংঘটিত আন এক চাঞ্চল্যকৰ কাণ্ড ৷ এইবাৰ আৰক্ষীত ভৰ্তিৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলাইছে এটা চক্ৰই ৷ কামৰূপ আৰক্ষীৰ জালত পৰিছে এটাৰ পিছত এটাকৈ আৰক্ষী বিভাগৰ চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ বিতৰণ কৰা অভিযুক্ত ।

নিজক জীৱনক তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱাত ব্যস্ত এগৰাকী চিকিৎসক

বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই বিশেষভাৱে চৰ্চা লাভ কৰিছে বিশ্বনাথৰ এগৰাকী চিকিৎসকে ৷ কৰ'ণাৰ মহামাৰীৰ সংকট কালতো দৈনিক চিকিৎসা সেৱা আগবঢ়াই গৈছে চিকিৎসকগৰাকীয়ে ৷

বোমাতংক: দিল্লীৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা

বোমা বিস্ফোৰণৰ ভাবুকি সম্পৰ্কীয় ই-মেইল লাভ কৰাৰ পাছতে ৰাজধানী চহৰ নতুন দিল্লীৰ বিমানবন্দৰত তীব্ৰ উত্তেজনা । চাৰিওফালে আৰক্ষী তথা সুৰক্ষা কৰ্মীয়ে তালাচী অভিযান আৰম্ভ কৰে । বিমানবন্দৰৰ ভিতৰতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

গুৱাহাটীত পৰিবহণ বিভাগৰ অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ

চাৰি মাহত ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ৫৮,০৭,৭৪,২২২ টকাৰ ৰাজহ সংগ্ৰহ । বিগত বৰ্ষৰ চাৰিটা মাহৰ তুলনাত এইবেলি ৩১.৭২ কৌটি টকাতকৈ অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে । বহুজাতিক কোম্পানী তথা ট্ৰান্সপ’ৰ্ট এজেন্সিয়ে ৰাজহ আদায় দিবলৈ আগবাঢ়ি অহাত কেৱল জুলাই মাহতে অভিলেখ পৰিমাণৰ ১৮,৯৮,৩৪,৭৭ টকাৰ ৰাজহ সংগ্ৰহ হয় ।

চিকিৎসাকৰ্মীক শিলগুটি আৰু ইটাৰ টুকুৰা নিক্ষেপ কৰি পাঁচজন গ্ৰেপ্তাৰ

কৰ্তব্যৰত চিকিৎসাকৰ্মীক লক্ষ্য কৰি শিলগুটি আৰু ইটাৰ টুকুৰা নিক্ষেপ ৷ হোজাই জিলাৰ ডাবলং স্বাস্থ্যকেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা ৷ এই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ পাঁচজন লোক ৷

চন্দ্ৰপুৰত Dumping Ground ৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ

ডাম্পিং গ্ৰাউণ্ড (Dumping Ground)ৰ বিৰোধিতাৰে দেওবাৰে চন্দ্ৰপুৰত ৰে’ল পথ অৱৰোধ (Train Road Block) ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ (Anti Dumping Ground Manch)ৰ ৷ চন্দ্ৰপুৰৰ ঠাকুৰকুছি ৰে’ল ষ্টেচন (Thakurkuchi Station)ৰ সমীপত ৰূপায়ণ কৰা ৰে’লপথ অৱৰোধ কাৰ্যসূচীত ভাগ লোৱা শতাধিক প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে ৷

নগাঁৱত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ

নগাঁৱত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰৰ ঘাটি । এই সন্দৰ্ভত নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এজন যুৱক সহ তিনিগৰাকী মহিলাক ৷ কেৱল এয়াই নহয়, আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.