ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি - বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

তিনি বজাৰ শীৰ্ষ 10 বাতৰি

Top 10 news at 5 PM
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jul 4, 2021, 5:06 PM IST

অইলৰ নিযুক্তিত 4 জিলাৰ প্ৰাৰ্থীক প্ৰাধান্য: আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া

অইল ইণ্ডিয়া লিমিটেডে চাকৰিৰ বাবে জাৰি কৰা মকৰলত অসমৰ চাৰি জিলাৰ লগতে অৰুণাচলৰ চাংলাং জিলাৰ প্ৰাৰ্থীসকলক প্ৰাধান্য দিয়া কাৰ্যৰ বিৰোধিতা কৰিছে আলফা(স্বা) (ULFA) এ ৷

অসম আৰক্ষীক গুলিয়াই হত্যাৰ ভাবুকি আগ্ৰাসী মিজোৰ

হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border)ত উত্তপ্ত পৰিস্থিতি চলি থকা সময়ত এইবাৰ কাছাৰতো উত্তপ্ত হৈ উঠিছে অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border) । অসমৰ মাটিতে অসম আৰক্ষী (Assam Police) তথা বন বিভাগৰ লোকক মিজো আৰক্ষীয়ে গুলিয়াই হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে ।

স্বয়ং পিতৃয়ে আটক কৰিলে পুত্ৰহন্তাক

গাড়ী চুৰি চক্ৰৰ লগত জড়িত পুত্ৰৰ হত্যাকাৰীক আটক কৰিলে এগৰাকী সাহসী পিতৃয়ে ৷ পুত্ৰ হত্যাকাৰীৰ বিৰুদ্ধে দুৰ্ভগীয়া বৃদ্ধ পিতৃয়ে ৰাজ্যৰ চুকে কোণে এটাৰ পিছত এটাকৈ চলাই গৈছিল অভিযান ৷ আৰক্ষীৰ গাফিলতিৰ বাবে ভুক্তভোগী পৰিয়ালে অপৰাধীৰ সন্ধানত অব্যাহত ৰাখিছিল অভিযান ৷

বিছনাতেই দিন কটাইছে ৰঙিয়াৰ মুক্তি যুজাঁৰু কৃষ্ণ লহকৰে

মহাত্মা গান্ধীৰ আদৰ্শ মানি বৃটিছৰ বিৰুদ্ধে সত‍্যাগ্ৰহ আন্দোলনত জপিয়াই পৰা ৰঙিয়াৰ মুক্তি যুজাৰু কৃষ্ণ লহকৰে এতিয়া বিছনাতেই দিন কটাইছে ৷ অসুস্থ হৈ আছে ৰঙিয়াৰ প্ৰবীণ মুক্তি যুঁজাৰু গৰাকী । ছমাহৰ পৰা শয‍্যাশায়ী কৃষ্ণ লহকৰ। মহাত্মা গান্ধীৰ আদৰ্শ মানি বৃটিছৰ বিৰুদ্ধে সত‍্যাগ্ৰহ আন্দোলনত জপিয়াই পৰা ৰঙিয়াৰ মুক্তি যুজাৰু কৃষ্ণ লহকৰে এতিয়া বিছনাতেই দিন কটাইছে।

পঞ্চায়ত সভানেত্ৰী ফৰিদা পাৰবীনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীনৰ বিৰুদ্ধে পূৰ্বতেও দুৰ্নীতিৰ বহুকেইটা অভিযোগ উত্থাপন হৈছিল ৷ কেৱল ধন আত্মসাৎ কৰাই নহয়, নিজৰ খেয়ালখুচি মতে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।

ভেকচিনৰ নাটনিৰ মাজতে বহু জিলাত ভয়াৱহ সংক্ৰমণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ ক'ভিড (Covid 19)ৰ সংক্ৰমণ বৃদ্ধি পাইছে। কঠোৰ বাধা-নিষেধ থকাৰ পাছতো বহু ঠাইত ক'ভিড (Covid 19)ৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা নাই । কামৰূপ মহানগৰ জিলাকে ধৰি গোলাঘাট, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট জিলাত সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ ।

ম’বাইল ৰিম’ট এক্সেছ হেক কৰি হেকাৰে লুটিলে ১২ লাখ টকা

যোৰহাটৰ চোলাধৰাৰ ড০ মোহন কাকতি নামৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ একাউন্টৰ পৰা এই বৃহৎ পৰিমাণৰ ধন লুট কৰে হেকাৰে ৷ অৱসৰপ্ৰাপ্ত বিষয়া অভিযোগ অনুসৰি এটা মেচেজ আহিছিল ব্যক্তিজনলৈ ৷ ফোনত কথা পাতি থাকোতেই মোহন কাকতিৰ মোবাইল হেক কৰি সকলো তথ্য সংগ্রহ কৰে হেকাৰে ৷

নিলম্বিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ হাতেৰে পুৰস্কৃত বিডিঅ’ সৰোজ দাস

ব্যতিক্ৰমী পদক্ষেপেৰে অতিৰিক্ত কৰ্মদিন সৃষ্টিৰ লগতে লক ডাউনৰ সময়ত দিশহাৰা হোৱা প্ৰায় ছয় লাখ লোকক দিয়া হৈছিল জবকাৰ্ড ৷ কিন্তু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বিয়াগোম দুৰ্নীতিৰ বাবে নিলম্বিত হ’ল কৰিমগঞ্জ জিলাৰ দুল্লভছড়া উন্নয়ন খণ্ডৰ বিডিঅ’ সৰোজ দাস ।

ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীলৈ মন্ত্ৰী ৰণজিৎ দাসৰ কঠোৰ সকীয়নি

বক্ৰপথেৰে চৰকাৰী ৰেচন কাৰ্ড লোৱা সম্ভ্ৰান্ত পৰিয়ালসমূহলৈ সংবাদ মাধ্যমৰ জৰিয়তে কঠোৰ সকীয়নি প্ৰদান মন্ত্ৰী ৰণজিৎ দাসৰ ৷ শীঘ্ৰে ৰেচন কাৰ্ড ঘূৰাই নিদিলে সংবাদ মাধ্যমৰ যোগে তেওঁলোকক লাজ দিয়া হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী গৰাকীয়ে ৷

নগাঁৱত জিলা প্ৰশাসনৰে পৰ্যালোচনা সভা অভিভাৱক মন্ত্ৰীৰ

নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই জিলাখনৰ উপায়ুক্ত কবিতা পদ্মনাভন আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসমূহৰ লগত এক পৰ্যালোচনা সভাত মিলিত হয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.