ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি - 3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 3 PM
3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jul 11, 2021, 3:03 PM IST

বিকল্প মূল্যায়নৰ মাৰ্কশ্বীট সন্দৰ্ভত বিলাসীপাৰাত প্ৰতিক্ৰিয়া

সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো বিকল্প মূল্যায়নৰ মাৰ্কশ্বীটক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হৈছে । অনিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ক্ষেত্ৰত বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ তুলি হতাশাত ভূগিছে ৷

লাহৰিজানত নিষিদ্ধ কানিসহ আটক এজন

কাৰ্বি আংলং জিলাৰ খটখটি থানা এলেকাৰ লাহৰিজান পহৰা চকীৰ ওচৰত শনিবাৰে সন্ধিয়া আৰক্ষীয়ে কানিসহ এজন লোকক আটক কৰে ৷ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক দিয়া কঠোৰ নিৰ্দেশক ভেঙুচালি কৰি একাংশ ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহ ৷

নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা: নিহত ডকাইত

নগাঁৱত শনিবাৰে নিশা আৰক্ষীৰ গুলীত এটা ড্ৰাগছ মাফিয়া আহত হয় ৷ এই ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতেই নগাঁও আৰক্ষীয়ে চলোৱা আন এক অভিযানত কুখ্যাত অপৰাধী জয়নাল আবেদিন নিহত হয় ৷

চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণৰ কাম সম্পন্নৰ দাবী ইণ্ডিজিনাচ ষ্টুডেণ্টছ ফ’ৰামৰ

বছৰৰ পাছত বছৰ পাৰ হোৱা স্বত্বেও আজিলৈকে শেষ নহ'ল শিলচৰৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণৰ কাম ৷ উক্ত পথটো নিৰ্মাণৰ বাবে শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শীৰ্ষ বিষয়াসকলক দাবী জনাইছে ইণ্ডিজিনাচ ষ্টুডেণ্ট ফ’ৰামৰ সদস্যসকলে ৷

ডিফু-দলদলী গড়কাপ্তানি পথৰ শোচনীয় অৱস্থা

ডিফু-দলদলীৰ ঝুম কন্ট্ৰ'ল পথৰ প্ৰায় ১০ কিল'মিটাৰ যোৰা পথৰ জৰাজীৰ্ণ অৱস্থা ৷ ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে চিকিৎসালয়লৈ ৰোগীও নিব নোৱাৰা পৰিস্থিতি সৃষ্টি হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত অসমীয়া ভাষাক অৱমাননা

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে জাতীয় সংগীতেৰে চৰকাৰী কাৰ্যসূচী মুকলি কৰিব বিচাৰিছে সেই সময়তে মুখ্যমন্ত্ৰীৰ সমষ্টিতে অসমীয়া ভাষাক চূড়ান্ত অপমান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

থলুৱা গামোচাৰ ব্যৱহাৰ: আৰম্ভ নহ’ল টীয়কৰ তাঁত বয়ন প্ৰকল্প

কিমান ফলপ্ৰসূ হ’ব 'থলুৱা গামোচা ব্যৱহাৰ' ৰ অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত ? পৰিত্যক্ত অৱস্থাত টীয়কৰ এটা আধৰুৱা প্ৰকল্প ৷ অত্যাধুনিক তাঁতশাল আৰু প্ৰায় অৰ্ধ শতাধিক শিপিনীৰ বাবে থকা-খোৱাৰ সু-ব্যৱস্থা থকা প্ৰকল্পটো আজিপৰ্যন্ত আৰম্ভ নহ'ল ।

উচ্চবৰ্ণীয় প্ৰেমিকাৰ পৰিয়ালৰ আক্ৰমণৰ বলি দলিত যুৱক

উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাত জিলাত সংঘটিত হৈছে এক নৃশংস ঘটনা ৷ নিম্নবৰ্ণৰ হোৱা বাবেই উচ্চবৰ্ণীয় প্ৰেমিকাৰ পৰিয়ালৰ লোকে বৰ্বৰভাৱে প্ৰহাৰ কৰিলে যুৱকক ৷

উত্তৰ প্ৰদেশ চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ প্ৰথম খচৰা প্ৰকাশ

উত্তৰ প্ৰদেশ ৰাজ্যিক আইন আয়োগে প্ৰকাশ কৰা খচৰা অনুসৰি দুটাতকৈ অধিক সন্তান থকা লোকে সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব । ইয়াৰ উপৰিও তেওঁলোকে কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব ।

ৰাণী কেটেভানৰ দেহাৱশেষ জৰ্জিয়া চৰকাৰক অৰ্পণ এছ জয়শংকৰৰ

জৰ্জিয়াৰ এক বিশেষ অনুষ্ঠানত সপ্তদশ শতিকাৰ জৰ্জিয়ান ৰাণী কেটেভানৰ দেহাৱশেষৰ এটা অংশ দেশখনৰ চৰকাৰক অৰ্পণ কৰে ভাৰতে । ভাৰত চৰকাৰৰ হৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ উপস্থিত থাকে এই হস্তান্তৰ প্ৰক্ৰিয়াত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.