18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি
অৱশেষত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ৰামজী ফিল্ম চিটি ৷ হায়দৰাবাদৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী কেন্দ্ৰটো 18 ফেব্ৰুৱাৰীৰ পৰা মুকলি কৰি দিয়া হ’ব পৰ্যটকৰ বাবে ৷ পূৰ্বৰ দৰেই চিনেমেজিক, লেজাৰ তথা অন্য বিনোদনসমূহ উপভোগৰ সুযোগ লাভ কৰিব পৰ্যটকে ৷
কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ হুংকাৰ বিধায়ক আমিনুলৰ
আগন্তুক বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে যেন ফাঁট মেলিব ধৰিছে কংগ্ৰেছ-এআইইউডিএফ-ৰ মিত্ৰতাত । ধিং সমষ্টিৰ এআইইউডিএফ-ৰ বিধায়ক আমিনুল ইছলামে কংগ্ৰেছ নেতৃত্বক প্ৰদান কৰিলে সকীয়নি ৷
সংস্কৃতি ৰক্ষা কৰাটো বিজেপিৰ নৈতিক দায়িত্ব: ৰণজিৎ কুমাৰ দাস
মঙলবাৰে বৰপেটা জিলাৰ বৰপেটাৰোড ষ্টেডিয়ামত অনুষ্ঠিত চেক বিতৰণ সভাত অসম দৰ্শন আঁচনি 2021 ৰ অধীনত 584 টা নামঘৰলৈ 2.5 লাখ টকাকৈ অনুদান আগবঢ়াই ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷
হোজাইত লাভ জেহাদীৰ কৱলৰ পৰা উদ্ধাৰ জনজাতীয় যুৱতী
মহম্মদ লালা নামৰ লোকজনে ডিমা হাচাও জিলাৰ হাফলং থানাৰ অন্তর্গত ডিকৰিক গাঁৱৰ এগৰাকী জনজাতীয় যুৱতীক পলুৱাই নিয়াৰ সময়তে আৰক্ষীয়ে আটক কৰে লোকজনক ৷
ঐতিহাসিক চম্পাৱতী মহা কুণ্ডমেলাৰ বাবে ব্যাপক প্ৰস্তুতি
চাপানালাৰ বনভোজস্থলীত বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ভব্য মেলাখনলৈ প্ৰায় লক্ষাধিক দৰ্শনাৰ্থী আগমন ঘটাৰ আশা ৰাখি পৰিচালনা কমিটিয়ে কৰিছে বিশেষ আয়োজন ।
পুনৰ উত্তপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগে সঠিক সময়ত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পৰিৱৰ্তে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া ৰহস্য জনকভাৱে পিছুৱাই দিয়াৰ বাবে একাংশৰ ছাত্ৰ ক্ষোভিত হৈ পৰে । আৰু ইয়াৰ পিছতেই ক্ষোভিত ছাত্ৰ সকলে বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰা সন্মুখত বহু ৰাতিলৈকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অসম চিকিৎসা মহাবিদ্যালয়ত সৰস্বতী পূজা উদযাপন
অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বহু বছৰৰ পাছত কেন্দ্ৰীয়ভাৱে সৰস্বতী পূজা উদযাপন কৰা হয় ৷
১৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব মাজুলী-যোৰহাট সংযোগী দলঙৰ ভূমি পূজন
মাজুলী-যোৰহাট সংযোগী দলঙৰ ভূমি পূজনৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে মাজুলী ফুলনীত এখন বিশাল জনসভা সম্বোধন কৰিব । উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী সোণোৱালক ১০,০০০ গামোচাৰে সম্বৰ্ধনা জনোৱা হ’ব ।
অমিত শ্বাহে বিজেপিক উদ্ধাৰ কৰিবলৈ তাবিজ লবলৈ অসমলৈ আহিছে: দেবব্ৰত শইকীয়া
অমিত শ্বাহে অসমত বিজেপিক উদ্ধাৰ কৰিবলৈ বেজৰ পৰা তাবিজ লবলৈ অসমলৈ আহিছিল । এই মন্তব্য বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ৷ মঙলবাৰে ডুমডুমাত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান দেবব্ৰত শইকীয়াৰ ৷
40 বছৰৰ অন্তত মটক স্বায়ত্ব শাসিত পৰিষদ গঠন
40 বছৰৰ অন্তত মটক স্বায়ত্ব শাসিত পৰিষদ গঠন ৷ উৎফুল্লিত মটক যুৱ ছাত্ৰ সন্মিলন ৷ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন সংগঠনটোৰ ৷