ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

author img

By

Published : Aug 19, 2020, 9:10 AM IST

Updated : Aug 19, 2020, 10:57 AM IST

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

Top 10 at 9 am
পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰঃ অশ্বিনী পাইট

অসমৰ জনসাধৰণে ৰাজ্যখনত পুনৰ বিজেপি চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলাৰ মুখপাত্ৰ অশ্বিনী পাইটে ৷ মঙলবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷

ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ

চৰকাৰখনে ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ হৈছে কৰিমগঞ্জ জিলাত ৷ জিলাখনত অনিয়মীয়া বিদ্যুৎ যোগান ৷

দুৰ্ঘটনাত প্ৰাণ গ'ল এগৰাকী ক’ভিড যোদ্ধাৰ

নগাঁৱত শোকাৱহ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰেভেলাৰৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী ক’ভিড যোদ্ধাৰ।

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

108 আৰু 104 ত ফোন কৰি সঁহাৰি নোপোৱাৰ ফলতে ব্যক্তিগৰাকীক উপযুক্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাৰ ফলতে মৃত্যু ৷

লকডাউনৰ পিচতেই ৰাজ্যত হোৰাহোৰে বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি শাকপাচলিৰ মূল্য

সোমবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো চৰকাৰী নীতিনিয়ম মানি খোলা পৰিলক্ষিত হ’ল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ পঞ্চাশ শতাংশ যাত্ৰীৰে সৈতে চলিল চিটি বাছসমূহো ৷ কিন্তু বজাৰলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ আহিহে মূৰেকপালে হাত দিব লগা হৈছে গ্ৰাহক সমাজে ৷

ভাৰতীয় বায়ুসেনাই পশ্চিম সীমান্তত মোতায়েন কৰিলে টেজাছ

চীনৰ সৈতে অব্যাহত থকা বিবাদমান পৰিস্থিতিৰ মাজতে ভাৰতীয় বায়ুসেনাই পশ্চিম সীমান্ততো সুৰক্ষাজনিত দিশটো অধিক বঢ়াই তুলিছে ৷ ভাৰতীয় বায়ুসেনাৰ ৱেষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ অধীনত 45 স্কোৱাড্ৰণত বায়ুসেনাই শেহতীয়াকৈ মোতায়েন কৰিছে এলচিএ টেজাছ ৷

আৰিয়া 2020 ৰেংকিঙত উজলিল আইআইটি মাদ্ৰাছ, কেআইআইটি

দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি ভাৰতৰ অটল ৰেংকিং অৱ ইনষ্টিটিউট অন ইনোভেশ্বন অচিভমেন্ট চমুকৈ আৰিয়া 2020 ঘোষণা কৰে ৷ মঙলবাৰে দিনৰ 11 বজাত এই ৰেংকিং ঘোষণা কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক, ৰাজ্যিক মন্ত্ৰী সঞ্জয় শৰ্মাৰাও ধোটৰে আৰু দেশৰ উচ্চ শিক্ষা সচিব অমিত খাৰেৰ উপস্থিতিত আৰিয়া ৰেংকিং 2020 ভাৰ্চুৱেলি মুকলি কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

ভাঙি পেলোৱা হ'ল হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ খাৰঘূলীস্থিত বাসগৃহ

ZERO মাইল খ্যাত শিল্পীগৰাকীৰ বাসগৃহত এতিয়া এক গোমা পৰিৱেশে বিৰাজ কৰিছে ৷ ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনপ্ৰিয় শিল্পীগৰাকীয়ে শ্বেয়াৰ কৰিলে ধ্বংসস্তূপত পৰিণত হোৱা বাসগৃহৰ বহুকেইখন ফটো ৷ ফটো শ্বেয়াৰ কৰাৰ পিছতে অনুৰাগীৰ মাজত দেখা পোৱা গ'ল উৎসুকতা ৷ কিন্তু কিয় ভাঙি পেলোৱা হ'ল শিল্পীগৰাকীৰ বহু স্মৃতি জড়িত বাসগৃহটো ?

কলিয়াবৰত অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিলে তিনি লক্ষাধিক টকা

কলিয়াবৰৰ টুবুকী জাৰণিত অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ সন্ত্ৰাস ৷ দিন দুপৰতে কলিয়াবৰৰ বৰঘূলীস্থিত ইউনাইটেড বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্তাধিকাৰী হাদি আলমৰ পৰা অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিলে তিনি লক্ষাধিক টকা ৷ এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

উল্টাপানী বনবিভাগৰ কাৰ্যালয়ত আক্ৰমণৰ লগত জড়িত 8 জনক আটক

কোকৰাঝাৰ জিলাৰ উল্টাপানী বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ কৰা ঘটনাত জড়িত আঠজন লোকক আটক কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে ৷ আটকাধীন আটাইকেইজন 2 নং উল্টাপানীৰ বাসিন্দা ক্ৰমে বেথাল বাসুমতাৰী, মানুষ বাসুমতাৰী, জাৰাং নাৰ্জাৰী, বিছনতা বাসুমতাৰী, ৰঞ্জিত বাসুমতাৰী, বিড়ছেন বাসুমতাৰী, ৰণবীৰ বাসুমতাৰী আৰু ৰমেশ টেৰকী বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

Last Updated : Aug 19, 2020, 10:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.