ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি... - top 10

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 7 am
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Feb 16, 2021, 7:10 PM IST

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাঃ প্ৰতিখন জিলাৰ পৰা পূজাৰ বতৰা

আজি ৰাজ্যজুৰি পালন কৰা হৈছে সৰস্বতী পূজা ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাৰ উপলক্ষে আজি সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে উখল-মাখল পৰিৱেশৰ ৷ দেৱীৰ পূজা-আৰাধনাৰ মাজতে শিক্ষাৰ্থী সকলৰ মাজত পৰিলক্ষিত হৈছে সৌন্দৰ্য প্ৰদৰ্শনৰ অঘোষিত প্ৰতিযোগিতা ৷ সাজোন-কাচোনেৰে পূজালৈ ওলাই আহিছে ছাত্ৰ-ছাত্ৰী সকল ৷

বৰমা মহাবিদ্যালয়ত সৰস্বতী পূজাৰ লগতে উদযাপন বাথৌ পূজা

বৰমা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবছৰে সৰস্বতী পূজাৰ লগতে বাথৌ পূজা উদযাপন কৰি আহিছে ৷ এইবাৰো মহাবিদ্যালয়খনত দেখা গ’ল পূজাৰ উখল মাখল পৰিবেশ ৷

কোকৰাঝাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ

প্ৰদীপ ৰায়ক কোনো লোকে হত্যা কৰি মৃতদেহটো পুখুৰীৰ পাৰৰ জংঘলত পেলাই দিয়া বুলি পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷

"বাওঁপন্থী"ৰ পৰিৱৰ্তে গেৰুৱা হ'ল ভূৱন পেগু

অৱশেষত গেৰুৱা হ'ল বিধায়ক ভূৱন পেগু ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ভূৱন পেগুয়ে ৷ আঞ্চলিকতাবাদ তথা বাওঁপন্থী আদৰ্শৰে পৰিপুষ্ট ভূৱন পেগুৰ বিজেপি গমনক লৈ চৰ্চিত ৰাজ্যৰ ৰাজনীতি ৷

পথ সুৰক্ষা এতিয়াও এক অলিক সপোন

দেশত প্ৰত্যেক দিনাই বিভিন্ন স্থানবোৰত সংঘতিত হৈ থকা পথ দুৰ্ঘটনাবোৰত গড়ে ৪১৫ জন লোকৰ মৃত্যু ঘটে ৷ একেদৰেই এই দুৰ্ঘটনাবোৰত বছৰি চাৰে তিনি লাখতকৈও অধিক লোকে শাৰীৰিক পংগুত্বক আকোৱালি ল’ব লগাত পৰে ৷ কিন্তু ভাৰতবাসীয়ে সমগ্ৰ বিশ্বত ব্যৱহাৰ হোৱা বাহন সমূহৰ মাত্ৰ এক শতাংশ বাহনহে ব্যৱহাৰ কৰে ৷ তৎস্বত্বেও ইয়াত বিশ্বৰ ৬ শতাংশ পথ দুৰ্ঘটনা সংঘতিত হয় ৷ আনহাতে বিশ্বৰ তুলনাত ভাৰতবৰ্ষৰ পথ দুৰ্ঘটনাবোৰত নিহত সকলৰ হাৰ হ’ল ১১ শতাংশ ৷

মধ্য প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনাঃ 39 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

মধ্যপ্ৰদেশৰ ছিধিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই 54 গৰাকী যাত্ৰী কঢ়িয়াই নি থকা এখন বাছ দ নলাৰ বুকুত বাগৰি পৰাৰ ফলতে সংঘটিত হয় উক্ত ভয়ংকৰ দুৰ্ঘটনাটো । দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা এই পৰ্যন্ত 39 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

শ্ৰমিকৰ প্ৰতিবাদত স্তব্ধ দুলীয়াজান অইল ইণ্ডিয়া লিমিটেড

ঠিকা ভিত্তিক শ্ৰমিক সকলৰ জীৱনৰ সুৰক্ষা প্ৰদানৰ দাবীৰে দুলীয়াজান অইল ইণ্ডিয়া লিমিটেড কাৰ্যালয়ত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ যিকোনো সময়ত ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা ৷

চৌৰ্য বৃত্তিত কিশোৰ: ধৰা পৰি প্ৰহৃত হ’ল জনতাৰ

আৰ্থিক দৈন্যতাৰ বাবেই শিশুটো চুৰি কাৰ্যত লিপ্ত হৈছিল বুলি জানিব পৰা হৈছে । কিশোৰটোৱে এখন চাইকেল চুৰি কৰিবলৈ যাওঁতে ৰাইজে প্ৰত্যক্ষ কৰি কেমেৰাৰ সন্মুখতে মাৰপিট কৰে ৷

মাহত চতুৰ্থবাৰলৈ দৈনিক কৰ'ণাত আক্ৰান্তৰ সংখ্যা ১০ হাজাৰৰ তলত

দেশত প্ৰতিদিনে কৰ'ণাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে । দেশত নতুনকৈ আক্ৰান্ত হৈছে ৯ হাজাৰ ১২১ গৰাকী লোক আৰু ইয়াৰ লগে লগে দেশত আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ কোটি ৯ লাখ ২৫ হাজাৰ ৭১০ গৰাকী । বৰ্তমানলৈ দেশত মুঠ মৃত্যুৰ সংখ্যা ১ লাখ ৫৫ হাজাৰ ৮১৩ গৰাকী ।

বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে পুডুচেৰীত সংখ্যালঘু হ'ল কংগ্ৰেছ

কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে কংগ্ৰেছৰ মাজত লাগিছে অথন্তৰ ৷ কিয়নো আন এগৰাকী কংগ্ৰেছী বিধায়কে বিধায়কে পদত্যাগ প্ৰত্ৰ প্ৰেৰণ কৰিছে ৷ যাৰ ফলত বিধানসভাত ভি নাৰায়ণস্বামীৰ নেতৃত্বাধীন চৰকাৰৰ সংখ্যাগৰিষ্ঠতা নোহোৱা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.