ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি... - TOP 10 AT 5PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 5PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Nov 10, 2020, 5:04 PM IST

বদৰুদ্দিন আজমলক বুঢ়া আঙুলি দেখুৱালে হিমন্ত বিশ্ব শৰ্মাই

এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক বুঢ়া আঙুলি দেখুৱালে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰে কামৰূপ জিলাৰ আমিনগাঁৱত আলাবৈ ৰণৰ স্মৃতি সৌধ মুকলি কৰি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে । তদুপৰি মন্ত্ৰীগৰাকীয়ে আজমলক ভয় কৰি ৰাজনীতি কৰা নাই বুলি কৈ বদৰুদ্দিন আজমলে তেওঁৰ একো কৰিব নোৱাৰে বুলিও মন্তব্য কৰে ৷

খাৰুপেটীয়াত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল এটি ৪ বছৰীয়া শিশুৰ

দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। খাৰুপেটীয়াৰ নিকটৱৰ্তী বাইগৰমাৰী গাঁৱত তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত কৰুণ মৃত্যুক আকোঁৱালি ল'লে এটি ৪ বছৰীয়া কণমানিয়ে। ঘৰৰ পদুলিত খেলি থকা অৱস্থাতে মাটি কঢ়িৱাই অনা ট্ৰেক্টৰখনে মাজেদা বেগম নামৰ কণমানিজনীক খুন্দিয়ায়।

মুম্বাই আৰক্ষীৰ চমনৰ পাছতো থানাত উপস্থিত নহ’ল কংগনা

কংগনা আৰু তেওঁৰ ভগ্নীৰ বিৰুদ্ধে বান্দ্ৰা ন্য়ায়ালয়ত মনুভাৰ আলী শ্বাহিল নামৰ এজন লোকে এক অভিযোগ দাখিল কৰিছিল ৷ মনুভৰ আলী শ্বাহিলে কংগনা আৰু তেওঁৰ ভগ্নী এনে মন্তব্যৰ জৰিয়তে সম্প্ৰদায়টোৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগ কৰিছিল ।

আজি আইপিএলৰ মহাৰণত দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ

আজি আইপিএলৰ ফাইনেল ৷ আইপিএলৰ মহাৰণত দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ ৷

COVID-১৯: ভাৰতত ৮৫ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই

১০ নৱেম্বৰলৈকে ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে ৮৫,৯১,৭৩০ গৰাকী লোক। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে সোমবাৰে ১০,৪৩,৬৬৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।

বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া

বিহাৰত চলি আছে ভোটগণনা ৷ ইতিমধ্যে প্ৰথমখন আসনৰ ফলাফল আহি পৰিছে ৷ সেই অনুসৰি, কেবটী বিধানসভা সমষ্টিত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী মুৰাৰী মোহন ঝাই ৷ বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন নেতাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ চাওঁক এই প্ৰতিবেদন ৷

বহিঃৰাজ্য়ত আৱদ্ধ হোজাইৰ যুৱকক উদ্ধাৰ

বহিঃৰাজ্যত উদ্ধাৰ হোজাইৰ 10 গৰাকী যুৱক ৷ চাকৰিত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে উত্তৰাখণ্ডৰ ডেৰাডুনলৈ নিয়া যুৱকৰ এটি দল কবলত পৰিল প্ৰৱঞ্চকৰ ৷ ৪ ছেপ্তেম্বৰত যুৱকৰ দলটোক ডেৰাডুনলৈ নিছিল যমুনামুখৰ প্ৰশান্ত বৰা নামৰ ব্যক্তিগৰাকীয়ে ৷

বিগত বৰ্ষৰ তুলনাত হিমাচলত আপেলৰ উৎপাদন 30% হ্ৰাস

স্কেব ৰোগ আপেলত কৰ্কট ৰোগৰ দৰে। ই আনুবংশিক। এই ৰোগে প্ৰথমে আপেল গছৰ পাতত আক্ৰমণ কৰে। আপেল ফল ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পিছত জন্তুবোৰেও সেই ফল নাখায় । স্কেব এটা ভেঁকুৰৰ পৰা সৃষ্ট ৰোগ আৰু ১৯৮৪ চনৰ পিছত এই বছৰ পুনৰ ইয়াৰ সৰ্বাধিক প্ৰভাৱ পৰিলক্ষিত হৈছে ।

অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত প্ৰতিবাদ

অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত সাব্যস্ত প্ৰতিবাদ ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এই প্ৰতিবাদ সাব্যস্ত কৰে এবিভিপিৰ সদস্যসকলে ৷

আইপিএল ফাইনেল মেচ সন্দৰ্ভত কি ক'লে কিৰণ পোলাৰ্ডে ?

মুম্বাই ইণ্ডিয়ান্স দলৰ অভিজ্ঞ খেলুৱৈ কিৰণ পোলাৰ্ডে কয় যে, বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলৰ পাছত আই পি এলৰ ফাইনেল সবাতোকৈ মহত্বপূৰ্ণ ৷ আইপিএলৰ চলি থকা 13তম সংস্কৰণৰ চুড়ান্ত মেচখন আজি মুম্বাই ইণ্ডিয়ান্স আৰু দিল্লী কেপিটেল্চৰ মাজত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ‘ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.