ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 31, 2022, 5:06 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

প্ৰতীক হাজেলাৰ বিপদ ঘনীভূতঃ চি আই ডিয়ে বিচাৰিছে তদন্তৰ অনুমতি

প্ৰাপ্ত তথ্য অনুসৰি শেহতীয়াকৈ হাজেলাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ চি আই ডিয়ে অনুমতি বিচাৰি ৰাজ্য চৰকাৰৰ গৃহ বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে । গৃহ বিভাগৰ পৰা অনুমোদন লাভ কৰাৰ পিছতেই চি আই ডিয়ে প্ৰতীক হাজেলাৰ বিৰুদ্ধে আৰম্ভ কৰিব তদন্ত ।

বেদখলকাৰীৰ কৱলত ৰাজ্যৰ লাখ লাখ বিঘা ভূমি

ৰাজ্যৰ চৌদিশে হোৱা বেদখল সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কোন জিলাত কিমান চৰকাৰী ভূমি দখল হৈ আছে ইয়াৰ বিস্তৃত তথ্য বিচাৰিছে । ইতিমধ্যে ৰাজহ বিভাগে প্ৰতিখন জিলাৰে উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে বিতং তথ্য দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে । হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন অনুসৰি ৰাজ্যৰ প্ৰায় ৬৩ লাখ বিঘা মাটি দখলকাৰীৰ কবলত আছে ।

এতিয়াও কংগ্ৰেছৰ প্ৰতি আবেগ হেৰোৱা নাই ভূৱনেশ্বৰ কলিতাৰ

ৰাজ্যৰ বহু নেতাৰ দল সলনি হ’ল, কিন্তু এতিয়াও যেন হৃদয়ৰ কোনোবা এচুকত অকণমান হ’লেও আবেগ ৰৈ গ’ল আগৰ দলৰ প্ৰতি ৷ ক’ব খুজিছোঁ ৰাজ্যৰ বৰ্ষীয়ান ৰাজনৈতিক নেতা তথা ৰাজ্যসভাৰ বিজেপি সাংসদ ভূবনেশ্বৰ কলিতাৰ কথা (Rajya Sabha MP Bhubaneswar kalita)৷

Tara Air 9 NAET : দুৰ্ঘটনাগ্ৰস্ত বিমানৰ পৰা উদ্ধাৰ অন্তিমটো মৃতদেহ

নেপালত দুৰ্ঘটনাগ্ৰস্ত বিমান(Nepal aircraft goes missing) Tara Air 9 NAET ৰ পৰা উদ্ধাৰ 22 টা মৃতদেহ ৷ নেপাল সেনাই মঙলবাৰে দুৰ্ঘটনাগ্ৰস্ত তাৰা এয়াৰ বিমানখনৰ ধ্বংসাৱশেষৰ স্থানৰ পৰা অন্তিমটো মৃতদেহ উদ্ধাৰ কৰে ৷

নলবাৰীত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন

সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাতো বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয় (World No Tobacco Day celebrated in Nalbari)। সদৌ অসম ছাত্ৰ সন্থা আৰু নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ উদ্যোগত আয়োজন কৰা হয় বিশেষ সজাগতা সভাৰ । সজাগতামূলক শোভাযাত্ৰাৰো আয়োজন কৰা হয় ।

Former Tripura Minister came under attack : দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিকৰ

ত্ৰিপুৰাত উপ নিৰ্বাচনৰ (Tripura by election) পূৰ্বে ৰাজনৈতিক হিংসাৰ ঘটনা পোহৰলৈ আহিছে ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক ৰতন ভৌমিকৰ (attack alleged by BJP backed goons) ৷

নিৰ্বাচনী আচৰণ বিধি উলংঘন সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ জাননী

নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহালৈ নিৰ্বাচন আয়োগৰ জাননী (ECI notice to Tripura CM) । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ত্ৰিপুুৰাৰ উত্তৰ জিলা আৰু ধলাই জিলাত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ । ৩ দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ ৷

সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পৱিত্ৰ স্মৃতিত বাণিজ্য দিৱস উদযাপন

দানবীৰ সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পবিত্ৰ স্মৃতিত তেজপুৰত বাণিজ্য দিৱস উদযাপন (Commerce Day celebrated in the memory of Bholanath Baruah) ৷ ভোলানাথ বৰুৱা প্ৰথমগৰাকী ব্যক্তি, যিয়ে ইংলেণ্ডৰ ৰাণীক অনুৰোধ কৰি ৰাজ্যত ৰে'লৰ প্ৰচলন কৰাৰ লগতে লো, টিনপাতৰ ব্যৱসায় আৰম্ভ কৰি ৰাজ্যত এক ব্যৱসায়ৰ ধাৰা সৃষ্টি কৰিছিল ৷

Fire breaks out in Goalpara : গোৱালপাৰাৰ চৰকাৰী বিটি কলেজত ভয়ংকৰ অগ্নিকাণ্ড

গোৱালপাৰাৰ চৰকাৰী বিটি কলেজত সোমবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire at Goalpara govt BT Collage) । এই অগ্নিকাণ্ডৰ ফলত প্ৰতিষ্ঠানটোৰ যথেষ্ট ক্ষতিসাধন হয় । নিশাৰ ভাগত কেনেদৰে এই অগ্নিকাণ্ড সংঘটিত হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

২ জুনত বিজেপিত যোগদান কৰিব হাৰ্ডিক পেটেলে

২ জুনৰ ভিতৰত গেৰুৱা বসন পিন্ধিব প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্ডিক পেটেলে (Hardik Patel to join BJP) । মঙলবাৰে তেওঁ স্পষ্ট কৰে এই কথা । কিছুদিন পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল পাতিদাৰ আন্দোলনৰ নেতাগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.