ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি... - 5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...
5 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Apr 11, 2021, 5:02 PM IST

মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্র সাংসদ অজিত কুমাৰ ভূঞাৰ

ভোট গণনা প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ নিশ্চয়তা প্ৰদান কৰক । ভোট গণনাৰ সমস্ত প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফীত আৱদ্ধ কৰক । এই মন্তব্য় ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ ।

নাৰায়ণপুৰত বিহু কৰ্মশালাৰ সফল সামৰণি

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰৰ গাঁৱে-ভূঁঞে বিহু কৰ্মশালাৰে চেনেহৰ বিহুটিক আদৰাৰ প্ৰস্তুতি চলাইছে ৷ বাগদেৱী সংগীত বিদ্যালয় আৰু আৰ্টিষ্টিক ডেন্স একাডেমীৰ উদ্যোগত আয়োজন কৰা দহদিনীয়া বিহু কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰে ।

কামাখ্যা দৰ্শনলৈ অহা তিনিজনৰ দেহত কৰ’ণা

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা ক'ভিড পৰীক্ষা কাৰ্যসূচীৰ যোগেদি ৬,৮৩৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হয় ৷ ইয়াৰ ভিতৰত ৬১ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে । ৰাজ্যখনত বিগত ২৪ ঘণ্টাত মুঠ ৬৮,০৭৫ গৰাকী লোকৰ কৰ’ণা পৰীক্ষা কৰা হৈছিল ।

বৰপেটাত কাৰাটে প্ৰতিযোগিতা

বৰপেটা জিলাত অনুষ্ঠিত হয় জিলা ভিত্তিক কাৰাটে প্ৰতিযোগিতা ৷ বৰপেটা জিলা পুথিভঁড়ালত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ ৷

ৰাজ্যত প্ৰতিষেধকৰ নাটনি: মজুত মাত্ৰ দুই লাখ পালি

কেন্দ্ৰীয় চৰকাৰে সময়মতে প্ৰতিষেধক যোগান নধৰাৰ বাবে ৰাজ্যত নাটনিয়ে দেখা দিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম)ৰ ৰাজ্যিক মিছন সঞ্চালক ডঃ লক্ষ্মনন এছে দেওবাৰে ইটিভি ভাৰতক জনোৱা মতে, দেওবাৰ পুৱা পৰ্যন্ত তেওঁলোকৰ হাতত মজুত আছে প্ৰায় দুই লাখ পালি প্ৰতিষেধক ।

বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

প্ৰাক্তন আছু নেতা তথা বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মনজিৎ দাসৰ পদত্যাগ ৷ বৰপেটাৰ সাংসদ আব্দুল খালেকে অ-মুছলমানক বৰপেটা সদৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা কৰাৰ অভিযোগ তুলি দেওবাৰে বৰপেটাৰোডত সংবাদমেল সম্বোধন কৰি নেতা গৰাকীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে ৷

লতাশিলত প্ৰতিবাদত বহিল বিহু সমিতিৰ বিষয়-ববীয়া

দেওবাৰে ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত এছঅ’পি (SOP)ৰ বিৰুদ্ধে প্ৰায় 30 খন বিহু সমিতিৰ প্ৰতিবাদ ৷ বিহু অনুষ্ঠানক লৈ ৰাজ্যিক স্বাস্থ্য বিভাগে প্ৰকাশ কৰা নীতি-নিয়মৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিহু সমন্বয়ৰক্ষী সমিতি ৷

বনজুইৰ ফলত দ্ৰুতগতিত গলিছে উত্তৰাখণ্ডৰ হিমবাহ

বনজুই বৃদ্ধিৰ ফলত উত্তৰাখণ্ডত হিমবাহ দ্ৰুতগতিত গলিবলৈ ধৰিছে । জুইৰ ফলত উৎপন্ন হোৱা তাপ আৰু সূক্ষ্মকণাৰ ফলত বৰফৰ চাদৰ গলি যোৱাটো বৃদ্ধি পাইছে । বিজ্ঞানীসকলৰ মতে বনজুইৰ ফলত তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে পৰিৱেশত কাৰ্বনৰ পৰিমাণ বৃদ্ধি পায় ৷ যাৰ ফলত হিমবাহ গলি যোৱাৰ হাৰ বৃদ্ধি পায় । বনজুইৰ ফলত বায়ু প্ৰদূষণো বৃদ্ধি পাইছে ।

ক'ভিড সম্পৰ্কে অৰবিন্দ কেজৰিৱালৰ সংবাদমেল

দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে যদিহে পৰিস্থিতি অনুৰূপ গতিত থাকে, তেন্তে লক ডাউন জাৰি কৰাৰ বাহিৰে অন্য কোনো বিকল্প নাই । দিল্লী চৰকাৰ লক ডাউনৰ পক্ষপাতী নহয় ৷ কিন্তু চিকিৎসালয়সমূহত পৰিস্থিতি অধিক অৱনতি ঘটিলে কোনো বিকল্প নাথাকিব ৷ এক সংবাদমেলত এইদৰে কয় মুখ্যমন্ত্ৰী কেজৰিৱালে ।

দিল্লীত কৰ’ণা সংক্ৰমণৰ নতুন নিৰ্দেশনা জাৰি

দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এক নিৰ্দেশনা জাৰি কৰি দিল্লীৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় ৩০ এপ্ৰিললৈকে বন্ধ থাকিব বুলি ঘোষণা কৰে ৷ অৱশ্যে নৱম-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলক বিদ্যালয়লৈ যাবলৈ অনুমতি দিয়া হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.