ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি... - Top 10 @ 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

Top 10 @ 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Nov 22, 2020, 4:57 PM IST

এপ'ল মিলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ অপচেষ্টা

এপ'ল মিলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ অপচেষ্টা ৷ একাংশ প্ৰত্যক্ষদৰ্শীৰ সহযোগত কৰ্মচাৰীগৰাকীক উদ্ধাৰ কৰি ততালিকে ৰঙিয়াৰ পলিক্লিনিক হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে কৰ্মচাৰী গৰাকীক ৷

কোভিডে ক্ষতি কৰিছে মুখা আৰু পোছাক শিল্পীক

এই পূৰ্বৰ দৰে ৰাসৰ পোছাকৰ বাবে অৰ্ডাৰ লাভ কৰা নাই শিল্পী সকলে ৷ যাৰ বাবে নিজৰ পেটৰ ভাত মুঠিৰ বাবে চিন্তা কৰিবলগীয়া হৈছে এই সকল শিল্পীয়ে ৷

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সালসলনি

ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে ডাঃ সঞ্জীৱ কাকতিয়ে ৷ অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হয় ডাঃ প্ৰশান্ত দিহিঙীয়াক ৷

শিৱসাগৰত জিলা ভিত্তিক উশ্বু প্ৰতিযোগিতা

শিৱসাগৰৰ খেলুৱৈয়ে বিভিন্ন প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হোৱাৰ পাছতো আজিলৈকে কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰে শিৱসাগৰ উশ্বু সন্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰায়ে ৷

কৰিমগঞ্জত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত SI পৰীক্ষা

আজি ৰাজ্যজুৰি অনুষ্ঠিত হৈ অসম আৰক্ষীৰ SI পৰীক্ষা ৷ পূৰ্বতে এই পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ অভিকেন্দ্ৰ কৰিমগঞ্জতো কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হৈছে এই পৰীক্ষা ৷

শিৱসাগৰত পূৰ্ণ গতিত চলিছে ৰাসৰ প্ৰস্তুতি

শিৱসাগৰ জিলাৰ দিকচু মাউত গাঁৱত মিলনজ্যোতি পুথি ভঁড়াল আৰু "নৱৰত্ন" যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব এদিনীয়া ৰাস ৷

শালবাৰীত ইউপিপিএলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

দেওবাৰে শালবাৰীত পৃথকে পৃথকে তিনিটাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে সমষ্টিটোৰ ইউ পি পি এলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে ৷

কলগাছিয়াত সোনগুটি চপোৱাত ব্যস্ত চহা কৃষক

শাওনত মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা এতিয়া সোণালী হৈ পৰাত আনন্দিত হৈ পৰিছে কৃষক সকল ৷ ইয়াৰ মাজতে চৰকাৰী কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায় নোপোৱা বুলি ক্ষোভ প্ৰকাশ কৰে একাংশ কৃষকে ৷

আমিনগাঁৱত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ স্বচ্ছতা অভিযান

আমিনগাঁৱত দেওবাৰে বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে স্বচ্ছ ভাৰত অভিযান কোষৰ অধীনত এক স্বচ্ছতা অভিযান ৰূপায়ন কৰে ৷

তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত জিএমছিএইছ অধ্যক্ষৰ মন্তব্য

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত জিএমছিএইছ অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাৰ মন্তব্য ৷ বৰ্তমানো সংকটজনক অৱস্থাত আছে তৰুণ গগৈ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.