ধেমাজিৰ চিলাপথাৰত NSUIৰ বৃহৎ দলীয় সভা
অসম প্ৰদেশ এনএচইউআইৰ তত্বাবধায়ক তথা কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় এনএচইউ আইৰ সাধাৰণ সম্পাদক অনুশেচ শৰ্মাই সদৰি কৰে যে, অসমৰ প্ৰতিখন জিলাৰ যুৱক-যুৱতী সকলৰ লগত তেওঁ মত বিনিময় কৰিছে ৷ সকলোৱে বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰাৰ লগতে ২০২১ চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ উৎসাহিত হৈ আছে ৷
নীতিশ কুমাৰেই হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী : সুশীল মোদী
বুধবাৰে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সুশীল মোদীয়ে কয় যে বিহাৰৰ আগন্তুক মুখ্যমন্ত্ৰী নীতিশ কুমাৰেই হ’ব ৷ মুখ্যমন্ত্ৰীৰূপে নীতিশ কুমাৰক লৈ কোনো বিভ্ৰান্তি নাই ৷
বিপিএফ এৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে
বিপিএফ দলত মুখ্যম আঘাত ৷ বিপিএফ দলৰ নেতা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিপিএফ ত্যাগ ৷ বিজেপিত যোগদান কৰিব সাংসদ গৰাকীয়ে ৷
ট্ৰেভেলাৰ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত আহত 6
কৰিমগঞ্জত সংঘটিত পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত আহত 6 গৰাকী ব্যক্তি ৷ এগৰাকীৰ অৱস্থা সংকটজনক ৷
গোলাঘাটৰ লহেৰে চাপৰিত গ্ৰেপ্তাৰ দুধৰ্ষ চোৰাং চিকাৰী
কমাৰগাঁও আৰক্ষীয়ে লহেৰে চাপৰিত গ্ৰেপ্তাৰ কৰে দুধৰ্ষ চোৰাং চিকাৰী ৷ কেইদিনমান পূৰ্বেও গোলাঘাট আৰক্ষীয়ে বহুকেইজন চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে,51 বছৰীয়া চোৰাংচিকাৰীটোৱে পূৰ্বতেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিছিল ৷
অসমত থাকি পাকিস্তান ধ্বনি দিয়া সকল জাতিৰ শত্ৰু : পদ্ম হাজৰিকা
‘‘অসমৰ বায়ু-পানী খাই পাকিস্তান-বাংলাদেশৰ চিন্তাত থকা সকল আমাৰ ঘোৰ শত্ৰু ৷ আমাৰ মাটি, আমাৰ সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই অনা সকল জাতিৰ শত্ৰু ৷ এনে শত্ৰুক অসমৰ পৰা পুলিয়ে-পোখাই আঁতৰাই পঠিয়াব লাগিব ৷’’ পদ্ম হাজৰিকাৰ হুংকাৰ ৷
সন্ত্ৰাসবাদীৰে সংযোগৰ সন্দেহত চিৰচিত এজনক আটক
সন্ত্ৰাসবাদীৰে সংযোগ থকাৰ সন্দেহত চিৰচিত এজনক আটক ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া) ই অভিয়ুক্ত লোক গৰাকীক আটক কৰে ৷ আদালতৰ অনুমতি সাপেক্ষে লোক গৰাকীক পশ্চিমবংগলৈ প্ৰেৰণ ৷
বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে নাৰী উন্নয়ন সন্থাৰ ৰাজহুৱা সভা
বগৰীবাৰীত নাৰী উন্নয়ন সন্থাৰ বিশাল ৰাজহুৱা সভা | বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে সৰৱ প্ৰায় 20 হাজাৰ মহিলা | ন-দিহিং নদীৰ গৰাখহনীয়াৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ পাছতো গা নলৰা বিধায়ক তথা বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰে নাৰী উন্নয়ন সন্থাই ৷
দীপাৱলী উপলক্ষে ডিব্ৰুগড়ত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা
ডিব্ৰুগড়ত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা ৷ প্ৰশাসনে ৰঙীন লাইট বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ পিচতে বৃদ্ধি পাইছে থলুৱা মাটিৰ চাকিৰ চাহিদা ৷
মংগলদৈৰ এজাক শিশুৰ এক ব্যতিক্ৰমী প্ৰয়াস
মংগলদৈৰ এজাক শিশুৰ এক ব্যতিক্ৰমী প্ৰয়াস ৷ দীপাৱলি উপলক্ষে কস্তুৰী শিশু গৃহৰ শিশু সকলৰ মাজত এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ সেউজ পৃথিৱী গঢ়াৰ লক্ষ্যৰে নতুন ৰূপেৰে সাজি উলিয়াইছে ৰং বিৰঙৰ মাটিৰ চাকি ৷ মঙলদৈ চহৰৰ বাবে এই চাকি হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷