ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি... - Top 10 @ 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

Top 10 @ 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Nov 1, 2020, 5:01 PM IST

মিঞা মিউজিয়াম বিজেপিৰ ভিছন ডকুমেণ্টৰ প্ৰস্তাৱ : জগদীশ ভূঞা

আগন্তুক নিৰ্বাচনত দলৰ সদস্য সকলে দলটোক আগুৱাই নিবলৈ সমষ্টিয়ে সমষ্টিয়ে সমিতিৰ গঠন আৰু সদস্য পদ বৃদ্ধিৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰে। যোৱা ২৫ আগষ্টত তেজপুৰৰ বাণ থিয়েটাৰত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ অসমৰ মাজৰ পৰা আত্মপ্ৰকাশ ঘটা নতুন আঞ্চলিক ৰাজনৈতিক দল "অসম জাতীয় পৰিষদ", এতিয়া সম্পূৰ্ণ ৰূপে সাজু হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলক ৰুধিবলৈ ।

কাজলগাঁৱত ইউ পি পি এলৰ নিৰ্বাচনী সমদল

চিৰাঙত ইউপিপিএল দলে জিলাখনৰ 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিত দেওবাৰে এক সমদল বাহিৰ কৰে ৷ প্ৰায় 500 শতাধিক লোকে অংশগ্ৰহণ কৰে এই পদযাত্ৰাত ৷ 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে উদ্বোধন কৰি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে নেতা গৰাকীয়ে ৷

50 বছৰীয়া মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন

কৰিমগঞ্জত দেওবাৰে আধাৰশিলা স্থাপন কৰা হয় প্ৰায় 50 বছৰীয়া পুৰণি এটি মন্দিৰৰ ৷ দীৰ্ঘদিনে এই মন্দিৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে জন প্ৰতিনিধিক অনুনয়-বিননয় কৰিও পোৱা নাছিল কোনো সঁহাৰি ৷

বাক্সাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ

পৰিৱৰ্তনৰ শ্ল’গানেৰে চৰকাৰ গঠন কৰা বিজেপি এতিয়া মুল্যবৃদ্ধি ৰোধ কৰাত বিফল হৈ পৰিছে ৷ মূল্য বৃদ্ধি ৰোধত বিফল হোৱাৰ অভিযোগ তুলি বাক্সাত যোগান মন্ত্ৰী গ ’বেক, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

কাৰ দখলত যাব পাটাছাৰকুছি : অগপৰ স্পষ্ট মত প্ৰাৰ্থী আমিয়েই প্ৰদান কৰিম

নামনি অসমৰ অন্যমত পাটাছাৰকুছি সমষ্টিক লৈ মিত্ৰজোঁট অগপ-বিজেপিৰ মাজত স্পষ্ট হৈ পৰিছে মতবিৰোধ ৷ এনে অৱস্থাত অগপৰ বৰ্তমানৰ বিধায়ক পবীন্দ্ৰ ডেকাক একাষৰীয়া কৰি দেওবাৰে পাঠশালাত উদ্বোধন কৰা হয় অগপৰ এটা স্থায়ী কাৰ্যালয় ৷ বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ দাসে উদ্বোধন কৰে কাৰ্যালয়টো ৷ কাৰ্যালয় উদ্বোধনত উপস্থিত থাকে শেহতীয়াকৈ দলটোত যোগদান কৰা বজালীৰ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক ড৹ ৰঞ্জিত ডেকা ৷

খুমটাইৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত ভক্তৰ সোঁত

খুমটাইৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত ভক্তৰ সোঁত ৷ কাতি মাহৰ তৃতীয় দেওবাৰত উপস্থিত হয় অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত ৷ ক'ভিড-19 ৰ বাবে চলিত বৰ্ষত কিছু কাৰ্যসূচী বাতিল কৰা হৈছে যদিও অনুষ্টুপীয়াকৈ পালন কৰা হৈছে কাৰ্যসূচী ৷

নগাঁৱত বিজেপি নেতাৰ গুণ্ডাগিৰি

গাঁওৰক্ষী বাহিনীৰ সম্পাদক বিষ্ণুৰাম মণ্ডলে যতন দাস নামৰ এজন গুণ্ডাক লগত লৈ ৰামকৃষ্ণ দাসক ঘৰৰ পৰা উঠাই আনি মাৰপিট কৰে । বৰ্তমান ৰামকৃষ্ণ দাসক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে ।

পশ্চিমবংগত 12 কিলোগ্ৰাম অবৈধ সোণ জব্দ,আটক 5

শনিবাৰে ৰাজহ চোৰাং নিৰ্দেশালয়ৰ অভিযানত পশ্চিমবংগৰ দুই প্ৰান্তৰ পৰা প্ৰায় 6.22 কোটি টকাৰ 12 কিলোগ্ৰাম অবৈধ সোণ জব্দ ৷ লগতে আটক কৰা হৈছে 5 জনক ৷ এই অবৈধ সোণখিনি বাংলাদেশ আৰু মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷

গা ধুবলৈ গৈ উটি গ’ল ছাত্ৰ

কোকৰাঝাৰত সংঘটিত হৈছে এক অঘটন ৷ গা ধুবলৈ গৈ নৈৰ কোবাল সোঁতত উটি গ’ল এগৰাকী ছাত্ৰ ৷ অদ্যপি সন্ধান বাহিৰ হোৱা নাই ছাত্ৰগৰাকীৰ ৷

পত্নীক হত্যা কৰি পুত্ৰক লৈ উধাও হত্যাকাৰী স্বামী

শুকুৰবাৰে 2 নং ইচ্ছাপুৰ নিবাসী কদম আলীয়ে পত্নী দিলোৱাৰা বেগমক হত্যা কৰি মৃতদেহটো ঘৰতেই পেলাই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে । যোৱাৰ সময়ত কদম আলীয়ে তেওঁলোকৰ চাৰি বছৰীয়া একমাত্ৰ সন্তানটোকো লগতে লৈ যায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.