ETV Bharat / state

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Feb 25, 2021, 2:59 PM IST

Updated : Mar 2, 2021, 3:48 PM IST

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি
তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে: সুস্মিতা দেৱ

বিজেপি চৰকাৰ হ’লে আকৌ NRC হ’ব ৷ কিন্তু যদি কংগ্ৰেছৰ চৰকাৰ আহে 2014 চনৰ ভোটাৰ তালিকাত নাম থকা সকলোকে ভাৰতীয় নাগৰিক হিচাপে বিবেচিত কৰা হ’ব বুলি মন্তব্য কৰে সুস্মিতা দেৱে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়মঃ উচ্চ স্তৰীয় তদন্ত কমিটি গঠন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম তদন্ত কৰিবলৈ ৰাজ্যপাল তথা উচ্চ শিক্ষানুষ্ঠানখনৰ আচাৰ্য জগদীশ মুখীয়ে গঠন কৰি দিছে এখন উচ্চস্তৰীয় কমিটি । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ইন্দ্ৰ শ্বাহৰ নেতৃত্বত গঠন কৰা হৈছে কমিটিখন ৷
বিৰোধীৰ মিত্ৰতা অসমৰ বাবে অশুভ সংকেত: ৰাজ্যিক বিজেপি

অসমক শােষণ, বঞ্চনা আৰু লুণ্ঠনেৰে ইতিহাস ৰচনা কৰা কংগ্ৰেছী নেতাসকলে উন্নয়নৰ কাম-কাজসমূহ সঠিককৈ হৃদয়ংগম কৰিব পৰা নাই । কংগ্রেছী নেতাসকলে এতিয়া “অসম বচাওঁ” বুলি বদৰুদ্দিন আজমলৰ শৰণাপন্ন হৈ আমাৰ চৰকাৰৰ ভাল কাম সমূহৰ অপব্যাখ্যা আৰু অপপ্রচাৰ চলাই সু-পৰিকল্পিতভাৱে ৰাইজক বিভ্রান্ত কৰাৰ অপচেষ্টাত লিপ্ত হৈছে" । এই মন্তব্য ভাৰতীয় জনতা পার্টী অসম প্ৰদেশৰ মুখ্য মুখপাত্র ৰূপম গােস্বামীৰ ৷

বঙাইগাঁও বিধানসভা সমষ্টি দখল কৰিবলৈ সাজু কংগ্ৰেছ

বঙাইগাঁও বিধানসভা সমষ্টিত যুঁজিবলৈ কংগ্ৰেছ সাজু । বিগত সাতটা কাৰ্যকাল ৩২ নম্বৰ বঙাইগাঁও বিধানসভা সমষ্টিটো অগপ দলে দখল কৰি থকাত এইবাৰ এই সমষ্টিটো কংগ্ৰেছে দখল কৰিবলৈ সাজু বুলি দাবী কৰে জিলাখনৰ একমাত্ৰ কংগ্ৰেছ বিধায়ক আব্দুল হাই নাগৰিয়ে ।

আধাৰশিলা স্থাপনত গুৰুত্ব বিধায়ক উৎপল বৰাৰ !

ৰাজ্যত এতিয়া আধাৰশিলা স্থাপন আৰু বিভিন্ন আঁচনি মুকলিৰ অনুষ্ঠানৰ পৰ্ব চলি থকা পৰিলক্ষিত হৈছে ৷ সকলোৰে উদ্দেশ্য এটাই- সমাগত নিৰ্বাচন ৷ বিভিন্ন ৰাজনৈতিক নেতাসকল এতিয়া ব্যস্ত হৈ পৰিছে আধাৰশিলা স্থাপন পৰ্বত ৷ বাদ পৰি ৰোৱা নাই বিধায়ক উৎপল বৰা ৷

হোজাইত মুখ্যমন্ত্ৰী সোণোৱালক তুলাধূনা লুৰিণৰ

হোজাই জিলাৰ নীলবাগানস্থিত মোবাৰক বস্তি কাবাডী ফিল্ডত অসম জাতীয় পৰিষদৰ বিশাল জন জাগৰণ সভা । মুখ্যমন্ত্ৰী সোণোৱালে ‘জয় আই অসম’ কবলৈ পাহৰি পেলাইছে । মুখ্যমন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন লুৰিণৰ ।

২৬ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধলৈ পূর্ণ সমর্থন অসম জাতীয় পৰিষদৰ

অহা ২৬ ফেব্ৰুৱাৰীত কনফেডাৰেচন অব অল ইণ্ডিয়া ট্রেডাৰ্ছে আহ্বান জনোৱা ভাৰত বন্ধলৈ সমৰ্থন আগবঢ়ালে অসম জাতীয় পৰিষদে ৷

কংগ্ৰেছ-এআইডিইউএফ মানেই সংখ্যালঘু নহয়: ৰঞ্জিত দাস

কংগ্ৰেছ আৰু এআইডিইউএফ-ৰ তুলনাত বিজেপিয়ে বেছি সংখ্যালঘু ভোট লাভ কৰিব বুলি দাবী কৰিছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ দিনত সংখ্যালঘুসকল শান্তিত আছে বুলিও দাবী কৰে দাসে ৷ বিজনীত অনুষ্ঠিত বিজেপিৰ যোগদান সভাত উপস্থিত থাকি এই মন্তব্য দাসৰ ৷

আকাশবাণীৰ সেই চিনাকী কণ্ঠৰ গৰাকী কুল বৰুৱা আৰু নাই...

অসমৰ সাংস্কৃতিক জগতখনত কেইবা দশক ধৰি নিজস্ব শৈলীৰে সুকীয়া আসন দখল কৰা কুল বৰুৱা আৰু নাই । বুধবাৰে নিশা ১১.৪৫ বজাত শিলপুখুৰীস্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে ।

৫৩৪ বছৰ পূৰ্বে ঘিউৰে নিৰ্মাণ কৰা এটা মন্দিৰ......

৫৩৪ বছৰ পূৰ্বে থৰ মৰুভূমিত নিৰ্মাণ কৰা জৈন মন্দিৰ । যাক পানীৰে নহয়, ঘিউৰে নিৰ্মাণ কৰা হৈছিল । এই মন্দিৰৰ শিল্প কৰ্ম অতুলনীয় । মন্দিৰ দৰ্শনৰ বাবে অগনণ ভক্তৰ সোঁত বয় ।

Last Updated : Mar 2, 2021, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.