ETV Bharat / state

বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি - Top News

বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 3 PM
বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : May 24, 2021, 3:03 PM IST

অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ দেহাৱসান । সোমবাৰে পুৱা গুৱাহাটীৰ এপল’ হাস্পতালত মৃত্যু হয় পৰিচালকগৰাকীৰ । দাৰা আহমেদৰ জ্যেষ্ঠ ভনীয়েক তথা বিশিষ্ট সাহিত্যিক, গীতিকাৰ এলি আহমেদে জনোৱা মতে, দেওবাৰে দুপৰীয়া ভাগত ভাত খাই উঠাৰ পাচতেই হঠাৎ বুকুত বিষ অনুভৱ কৰাত ততালিকে তেওঁক এপল’ হাস্পতালক ভৰ্তি কৰোৱা হয় ৷ চিকিৎসকে লগে লগে আইচিইউত ভৰ্তি কৰে পৰিচালকগৰাকীক ।

নপতা ফুকনৰ জন্ম নিদিব : বিধানসভাত মুখ্যমন্ত্ৰীক আহ্বান বিৰোধী দলপতিৰ

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰখনে বিৰোধী পক্ষক সদায় অৱহেলা কৰিয়েই চলিছিল । আনকি হিতাধিকাৰী বাচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰালৈকে‌ সকলোতে বিৰোধীক এৰাই‌ চলা হৈছিল আৰু এচাম নপতা‌ ফুকনৰ জন্ম দিয়া হৈছিল । এইবাৰৰ চৰকাৰখনে যাতে বিৰেধীক বিশ্বাস আৰু আস্থাত‌ লয় আৰু তেনেধৰণৰ নপতা ফুকনৰ জন্ম নিদিয়ে । বিধানসভা অধিবেশনৰ অন্তিম দিনা সদনৰ‌ মজিয়াত সোমবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

কেৰালাৰ পৰা অহা 9 জনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি

দেওবাৰে কেৰালাৰ পৰা আহি জাগীৰোড ৰে’ল ষ্টেচনত উপস্থিত হোৱা যুৱকসকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ ৷ মৰিগাঁৱৰ তৰুণৰাম খেলপথাৰত আৰক্ষীয়ে উদ্ধাৰ কৰা 140 জন লোকৰ কৰি থকা হৈছে ক'ভিড পৰীক্ষণ ৷ বৰ্তমানলৈকে 9 জনকৈ লোকৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷

জাগীৰোড ষ্টেচনৰ পৰা পলাতক 32 যাত্ৰীৰ ক’ভিড পৰীক্ষা সম্পন্ন

দেওবাৰে জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পলায়ন কৰা যাত্ৰীসকলৰ ভিতৰত 32 গৰাকী যাত্ৰীক চিনাক্ত কৰি সোমবাৰে ক’ভিড পৰীক্ষা কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ ইয়াৰে ভিতৰত দুগৰাকী ক’ভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

বাক্সাত পুনৰ অস্ত্ৰসহ যুৱকক গ্ৰেপ্তাৰ

বাক্সাত পুনৰ অস্ত্ৰসহ এজন যুৱকক কৰায়ত্ত আৰক্ষীৰ ৷ দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি বৰমা আৰক্ষী, সেনা বাহিনী আৰু চিআৰপিএফে যৌথ অভিযান চলাই আলাগঝাৰৰ ভৱেশ বৰ্মন নামৰ এজন যুৱকক কৰায়ত্ত কৰে ৷ অভিযানকাৰী দলটোৱে যুৱকজনৰ পৰা উদ্ধাৰ কৰে এটা ৭.৬৫ পিষ্টল, দুটা মেগজিন আৰু ৭ জাঁই সজীৱ গুলী ৷

মঙলদৈত ট্ৰেক্টৰ বাগৰি এজনৰ মৃত্যু

মঙলদৈ বাংলাগঢ় কোৱাৰ পাৰাত ভয়ংকৰ ঘটনা ৷ ট্ৰেক্টৰ বাগৰি থিতাতে নিহত হয় এজন লোক । নিহত লোকজন মুনিন ভুমিজ বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি,নদীৰ পৰা ট্ৰেক্টৰেৰে মাটি কঢ়িয়াই থাকোতে সংঘটিত হয় এই অঘটনটো । নিয়ন্ত্ৰণ হেৰুৱাই মথাউৰিৰ পৰা দ-খাৱৈত বাগৰি পৰে ট্ৰেক্টৰ সহ লোকজন ৷

হাফলঙত পুনৰ মৃত্যু ক’ভিড ৰোগীৰ

ডিমা হাছাও জিলাত ক’ভিডত আক্ৰান্ত হৈ পুনৰ এগৰাকী ৰোগীৰ মৃত্যু ৷ সোমবাৰে পুৱা হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে বন বিভাগৰ কৰ্মী ৰাজেন খানৰ ৷ জিলাখনত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 7 গৰাকীলৈ বৃদ্ধি হৈছে ৷

12 বিঘা মাটি নিদিয়াৰ বাবেই জোনাইত নিৰ্যাতনৰ বলি হ’ল বোৱাৰী

যৌতুকৰ বাবেই জোনাইত নিৰ্যাতনৰ বলি হ’ব লগা হ’ল বোৱাৰী ৷ যৌতুক হিচাপে পিতৃ গৃহৰ পৰা 12 বিঘা মাটি বিচাৰি বোৱাৰীৰ ওপৰত চলাই শাৰীৰিক আৰু মানসিক আত্যাচাৰ ।

অৱশেষত আৰক্ষীৰ জালত অযোধ্যা হত্যাকাণ্ডৰ মূল অভিযুক্ত

অৱশেষত অযোধ্যাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ জালত । কুচেৰা অঞ্চলত মূল অভিযুক্ত পৱনক অযোধ্যা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । প্ৰথমে পৱন আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী সংঘটিত হৈছিল । পৱনৰ গুলীত এগৰাকী অযোধ্যা আৰক্ষী আঘাতপ্ৰাপ্ত হৈছিল যদিও অৱশেষত পৱনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

26 মে’ত দীঘাৰ সমুদ্ৰতীৰত য়াছে খুন্দা মৰাৰ সম্ভাৱনা

ঘূৰ্ণীবতাহ য়াছে ২৬ মে'ত দীঘাৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে ৷ বংগোপ সাগৰৰ পূৱ-মধ্যভাগত নিম্নচাপৰ সৃষ্টি হৈছে আৰু দেওবাৰে পুৱা ই তীব্ৰতৰ হৈছে ৷ সম্প্ৰতি পাৰাদ্বীপৰ পৰা ৫৯০ কিল’মিটাৰ আৰু বালাচোৰৰ পৰা ৬৯০ কিল’মিটাৰ দূৰৈত ঘূৰ্ণীবিধৰ অৱস্থিতি ধৰা পৰিছে ৷ আলিপুৰ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে, সোমবাৰে পুৱালৈ এই নিম্নচাপ ঘূৰ্ণী বতাহলৈ ৰূপান্তৰিত হ'ব আৰু ই উত্তৰ-পশ্চিমলৈ গতি কৰিব ৷ পৰৱৰ্তী 24 ঘণ্টাত এই বতাহ অধিক শক্তিশালী ঘূৰ্ণী বতাহলৈ পৰিণত হ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.