ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি

1 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : May 11, 2021, 1:02 PM IST

জাগুনত গ্ৰেনেড বিস্ফোৰণত নিহত কিশোৰ

মঙলবাৰে পুৱাৰ ভাগত জাগুনৰ কথাকাঠনিত গ্ৰেনেড বিস্ফোৰণ ৷ বিস্ফোৰণত এজন 12 বছৰীয়া কিশোৰ নিহত হোৱাৰ লগতে আহত হয় এজন যুৱক ৷

জনপ্ৰিয় কবি পল শেনছোৱাৰ দেহাৱসান

সোমবাৰে নিশা অসমৰ জনপ্ৰিয় কবি পল শেনছোৱাৰ ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয় । জনপ্ৰিয় কবি প্ৰেংকাইটিছত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লয় পল শেনছোৱাই ৷

ডুমাডুমাত স্বাস্থ্যকৰ্মীয়ে এম্বুলেঞ্চত নিনিলে কৰ'ণা ৰোগী

ডুমডুমা চহৰৰ বিবেকানন্দ পথৰ মনোৰঞ্জন সূৰ ফলতত্ৰধৰ নামৰ 60 বছৰীয়া লোকজন ক'ভিড আক্ৰান্ত হোৱা লোকজনৰ অৱস্থা অতি সংকটজনক হোৱাত জীয়ৰীয়ে ফোন যোগে ১০৮ এম্বুলেঞ্চ মাতি পঠিয়ায় ৷ কিন্তু পিপিই কিট পৰিধান কৰি অহা স্বাস্থ্যকৰ্মী কেইগৰাকীয়ে লোকজনক স্থানীয় ৰাইজক দাঙি আনিবলৈ কোৱাত হতভম্ব হৈ পৰে স্থানীয় লোকসকল ৷

ইন্ধনৰ মূল্যবৃদ্ধিক লৈ টেন্সপ’ৰ্টাৰছ এছ’চিয়েশ্বনৰ প্ৰতিবাদ

উত্তৰ গুৱাহাটীৰ গেছ বটলিং প্লাণ্টত টেন্সপ’ৰ্টাৰছ এছ’চিয়েশ্বনৰ ধৰ্মঘট । উল্লেখ্য যে, ৰাজ্যত ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়াৰ আশংকা প্ৰকট পৰিছে । কেইবা শতাধিক ট্ৰেংকাৰ, ট্ৰাক আৱদ্ধ হৈ পৰিছে বটলিং প্লাণ্টত । অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব নৰ্থ ইষ্ট পেক্ট এলপিজি টেন্সপ’ৰ্টাৰছ এছ’চিয়েশ্বনে । উত্তৰ-পূবৰ সকলো বটলিং প্লাণ্টৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰাহ কৰাৰ পৰা বন্ধ ৰাখিছে সংগঠনটোৱে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন আমুলৰ

দেশৰ অন্যতম সৰ্ববৃহৎ দুগ্ধজাত কোম্পানী আমুলৰ প’ষ্টাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি সৃদৃশ কাৰ্টুন ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ টুইটযোগে কাৰ্টুন প’ষ্টাৰ শ্বেয়াৰ কৰি তেওঁৰ ওপৰত বিশ্বাস কৰিবলৈ আহ্বান জনায় আমুল কোম্পানীয়ে ৷

‘জিভাৰ পানী’ৰে নিবনুৱাক কৰ্ম সংস্থাপন দিছে এগৰাকী শিক্ষকৰ

বাক্সা জিলাৰ মুছলপুৰৰ এগৰাকী যুৱ শিক্ষকৰ নিদৰ্শন । থলুৱা ফল-মূল তথা পাচলিৰে আচাৰ বনাই নিজৰ লগতে আন দহজনকো দিছে সংস্থাপন ।

কৰ'ণাত আক্রান্ত হৈ বৰপেটাৰ মুখ্য চিকিৎসা বিষয়াৰ মৃত্যু

ক'ভিড-১৯ মহামাৰীৰে যুঁজি অৱশেষত হাৰ মানিলে বৰপেটা জিলাৰ মুখ্য চিকিৎসা বিষয়া ডাঃ হিকমত আলী আহমেদে । সোমবাৰে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱ হৈছিল মুখ্য চিকিৎসা বিষয়াগৰাকীক ৷

বৰপেটাৰ সাংবাদিক জুলফিকাৰ আলী আহমেদৰ দেহাৱসান

চিৰ বিদায় মাগিলে বৰপেটাৰ সাংবাদিক জুলফিকাৰ আলী আহমেদে ৷ সোমবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা সাংবাদিকগৰাকীৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি । বৃক্ক ৰোগৰ চিকিৎসাৰ পৰিৱৰ্তে চিকিৎসকে কেৱল কৰ'ণাৰ চিকিৎসা কৰাৰ অভিযোগ পৰিয়ালৰ ।

নগাঁৱৰ ৰাজপথত উদ্ধাৰ অসহায় বৃদ্ধ

নগাঁৱৰ ৰাজপথত উদ্ধাৰ এগৰাকী অসহায় বৃদ্ধ ৷ পংখী বৰা নামৰ এগৰাকী যুৱতীৰ তৎপৰতাত মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাৰ সহযোগত উদ্ধাৰ কৰা হয় বৃদ্ধগৰাকীক ৷

ক'ভিড-১৯: ত্ৰিপুৰাত যোৱা ২৪ ঘণ্টাত ৪ জনৰ মৃত্যু

দেশৰ ভিন্ন ৰাজ্যৰ লগতে ক'ভিড-১৯ৰ দ্বিতীয়ে ঢৌৱে ভাবুকি আনিছে ত্ৰিপুৰালৈ । যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ১৩৩ জন লোক মহামাৰীৰ কবলত পৰিছে । মাত্ৰ এটা দিনতে কৰ'ণাই প্ৰাণ কাঢ়িলে ত্ৰিপুৰাৰ ৪ জন লোকৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.