ETV Bharat / state

Tea production in Assam: ৰাজ্যত হ্ৰাস পাইছে চাহ উৎপাদন, জলবায়ু পৰিৱৰ্তনৰ কৱলত চাহ উদ্যোগ - অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া জয়ন্তী

অসমৰ চাহৰ এক গৌৰৱোজ্জল ইতিহাস আছে । কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে জলবায়ু পৰিৱৰ্তনকে ধৰি অন্য বহু কাৰণত ৰাজ্যৰ চাহ উদ্যোগলৈ অশনি সংকেত নামি আহিছে (Present condition Assam tea industry) ।

assam tea industry
চাহ উদ্যোগ
author img

By

Published : Apr 13, 2023, 10:46 PM IST

গুৱাহাটী, 13 এপ্ৰিল : অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া জয়ন্তী উদযাপন কৰি থকাৰ সময়তে চাহ উদ্যোগলৈ অশনি সংকেত নামি আহিছে । উল্লেখযোগ্য যে, ৰাজ্যৰ অৰ্থনৈতিক বিকাশত চাহ উদ্যোগৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । চাহ উদ্যোগৰ লগত বহু মানুহৰ জীৱিকা নিৰ্ভৰ হৈ আছে । চাহ বাগিচাৰ সংখ্যা বা চাহ খেতি কৰা মাটিৰ পৰিমাণ বাঢ়িছে যদিও বছৰি চাহ উৎপাদন হ্ৰাস পাবলৈ ধৰিছে ।

চৰকাৰী তথ্য মতে, ২০১৭ চনত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাসহ ৰাজ্যত মুঠ চাহ বাগিচা আছিল ৮৮, ৪৪২ খন । ২০২২ বৰ্ষত সেই সংখ্যা বৃদ্ধি পালে ১,২২,৪৪০ খনলৈ । ২০১৭ চনত ৰাজ্যত চাহ খেতি কৰা মাটিৰ পৰিমাণ আছিল ৩.১৪ লাখ হেক্টৰ । ২০২২ চনত সেই পৰিমাণ বাঢ়িল ৩.৪৭ লাখ হেক্টৰলৈ । চাহ বাগিচা, চাহ খেতি কৰা মাটিৰ পৰিমাণ বাঢ়িল যদিও উৎপাদন আৰু উৎপাদিকা শক্তি পূৰ্বৰ তুলনাত অভাৱনীয়ভাৱে হ্ৰাস পালে ।

২০১৭ চনত ৰাজ্যত চাহ উৎপাদন হৈছিল ৬৬.৫৩ কোটি কিলোগ্ৰাম । হেক্টৰে প্ৰতি উৎপাদিকা আছিল ২১১৯ কিলোগ্ৰাম । কিন্তু ২০২২ চনৰ আগষ্ট পর্যন্ত চাহ উৎপাদন হ’ল ৩৯.২৮ কোটি কিলোগ্ৰাম । পূৰ্বৰ তুলনাত হেক্টৰে প্ৰতি উৎপাদিকা হ্ৰাস পাই হ'লহি ১১৩২ কিলোগ্ৰাম । এনেদৰে চাহ বাগিচা আৰু চাহ খেতি কৰা মাটিৰ পৰিমাণ বঢ়াৰ পাছতো উৎপাদন নাবাঢ়িলে ৰাজ্যৰ অর্থনীতি ক্ষতিগ্ৰস্ত হ'ব বুলি বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে । যোৱা 16 মাৰ্চত প্ৰকাশিত অসমৰ অৰ্থনৈতিক সমীক্ষাত চাহ খণ্ডৰ অৱস্থা শোচনীয় ছবি প্ৰকাশ পাইছে (Assam tea industry is in bad condition) ।

মনকৰিবলগীয়া যে, ৰাজ্যৰ অৰ্থনীতিলৈ চাহ খণ্ডই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে । কিন্তু বিগত বহু বছৰৰ পৰা চাহ খণ্ডৰ অৱস্থা শোচনীয় । চাহৰ মুঠ উৎপাদন আৰু উৎপাদিকা দুয়োটাই বিভিন্ন কাৰণত হ্ৰাস পাবলৈ ধৰিছে । ২০২২-২৩ বৰ্ষৰ অসমৰ অৰ্থনৈতিক সমীক্ষা মতে ২০১৭ বৰ্ষত অসমত চাহ উৎপাদন হৈছিল ৬৬.৫৩ কোটি কিলোগ্ৰাম । ২০২২ বৰ্ষৰ আগষ্ট পর্যন্ত এই সংখ্যা হ্ৰাস পালে ৩৯.২৮ কোটি কিলোগ্ৰামলৈ । প্ৰতি হেক্টৰৰ উৎপাদিকাও ২১১৯ কিলোগ্ৰামৰ পৰা হ্ৰাস পাই হ'লহি ১১৩২ কিলোগ্ৰাম ।

উল্লেখ্য যে, চাহ উদ্যোগৰ প্ৰতি জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বান নামি অহাৰ ফলশ্ৰুতিত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ভাৰত চাহ নিগমে " ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহৰ মূল্য অক্ষুন্ন ৰাখিব পৰাকৈ জলবায়ু স্থিতিস্থপকতা নিৰ্মাণ" শীর্ষক এক প্ৰজেক্ট আগবঢ়াইছে । এই প্ৰজেক্টৰ কাম কাৰ্যকৰী কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল এদপচন ফাণ্ড ফৰ ক্লাইমেট ছেনজৰ । কিন্তু আঁচনিখন সঠিকভাবে কাৰ্যকৰী কৰিব পৰা নাই । জলবায়ু পৰিৱৰ্তনৰ ফলত চাহ উদ্যোগৰ ভবিষ্যতৰ প্ৰতিও সংকট নামি আহিছে । যাৰ প্ৰভাৱ পৰিছে ইয়াৰ সৈতে জড়িত ১.১৬ নিযুত কৰ্মীৰ ওপৰত । চৰকাৰী তথ্য মতে প্ৰায় ৩.৫ নিযুত লোক চাহ উদ্যোগৰ ওপৰত নিৰ্ভৰ হৈ জীয়াই আছে ।

লগতে পঢ়ক : Mid Day Meal Workers Union: প্ৰাপ্য আদায় নিদিলে আন্দোলন কৰিবলৈ সাজু মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.