ETV Bharat / state

শিক্ষাৰ্থীৰ বাবে ছাত্ৰ পুথিভঁৰাল মুকলি অসম ছাত্ৰ পৰিষদৰ - অসম ছাত্ৰ পৰিষদ

আনহাতে যি সকলে পুৰণি কিতাপসমূহ ৰাখি থৈছে অসম ছাত্ৰ পৰিষদৰ ছাত্ৰ পুথিভঁৰাল লৈ আগবঢ়াই দিবলৈ অনুৰোধ জনাই কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই । লগতে এনে মহৎ কাৰ্যক আদৰণি জনাবলৈ সত্যব্ৰত কলিতা আৰু সুনিল ডেকাই ছাত্ৰ পুথিভঁৰাল লৈ পুৰণি কিতাপৰ টোপোলা আগবঢ়াই।

শিক্ষাৰ্থীৰ বাবে ছাত্ৰ পুথিভঁৰাল মুকলি অসম ছাত্ৰ পৰিষদৰ

author img

By

Published : May 7, 2020, 12:34 PM IST

গুৱাহাটী, 7 মে : অসম ছাত্ৰ পৰিষদৰ এক প্ৰশংসনীয় পদক্ষেপ। অসমৰ শিক্ষাৰ্থীসকলক উপকৃত কৰিব পৰাকৈ ছাত্ৰ পুথিভঁৰাল মুকলি কৰে অসম ছাত্ৰ পৰিষদৰ সভাপতি তৃণয়ন বৰুৱাই। ছাত্ৰ পুথিভঁৰালৰ এই পদক্ষেপক আদৰণি জনাই অনুষ্ঠানত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ লগতে যুৱ পৰিষদৰ সভাপতি সুনিল ডেকা।

শিক্ষাৰ্থীৰ বাবে ছাত্ৰ পুথিভঁৰাল মুকলি অসম ছাত্ৰ পৰিষদৰ

লক্​ ডাউনৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাত যাতে কোনো বাধা নাহে তাৰ বাবে এই সুবিধা মুকলি কৰা হৈছে ৷ বৰ্তমানলৈ 17 খন জিলাত কিতাপ সংগ্ৰহৰ বাবে ম'বাইল নম্বৰ মুকলি কৰি দিছে অসম ছাত্ৰ পৰিষদে। 6 মে' ৰ পৰা 26 মে' পৰ্যন্ত প্ৰায় সংখ্যক জিলাত থকা স্বেচ্ছাসেৱক সকলে ইচ্ছুক বিভিন্নজনৰ পৰা কিতাপ সংগ্ৰহ কৰিব ৷ তাৰ পাছতে 26 মে' পৰা 6 জুন পৰ্যন্ত প্ৰয়োজন অনুসৰি ছাত্ৰ-ছাত্ৰী সকলক তেওঁলোকে কিতাপসমূহ বিতৰণ কৰিব । কেৱল পাঠ্যপুথি নহয় সংগঠনটোৱে 6 জুন পৰা 16 জুন পৰ্যন্ত বিভিন্ন ধৰণৰ বাহিৰা কিতাপ বিতৰণ কৰিব বুলি অৱগতে কৰে তৃণয়ন বৰুৱাই । গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক প্ৰতিখন জিলাৰ অসম ছাত্ৰ পৰিষদৰ স্বেচ্ছাসেৱক সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনাই অসম ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে।

আনহাতে যি সকলে পুৰণি কিতাপসমূহ ৰাখি থৈছে অসম ছাত্ৰ পৰিষদৰ ছাত্ৰ পুথিভঁৰাল লৈ আগবঢ়াই দিবলৈ অনুৰোধ জনাই কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই । লগতে এনে মহৎ কাৰ্যক আদৰণি জনাবলৈ সত্যব্ৰত কলিতা আৰু সুনিল ডেকাই ছাত্ৰ পুথিভঁৰাল লৈ পুৰণি কিতাপৰ টোপোলা আগবঢ়াই।

উল্লেখ্য যে, শীঘ্ৰে ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ বাবে এটি এপ মুকলি কৰা হ'ব বুলিও জানিবলৈ দিয়ে অসম ছাত্ৰ পৰিষদৰ সভাপতি তৃণয়ন বৰুৱাই।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.