গুৱাহাটী, ১অক্টোবৰ: মহানগৰীৰ ৰাজপথত হঠাৎ দুৰ্গাদেৱী (Durga Puja at Guwahati)। দুৰ্গা দেৱীয়ে পূজাৰ সময়ত গাড়ী চলাওতে পৰিবহণ বিভাগৰ পঞ্চসূত্ৰ মানি চলিবলৈ সকলোকে আহ্বান জনায় । শণিবাৰে মহানগৰীৰত উৎসৱৰ সময়ত ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত বাটৰ নাট প্ৰদৰ্শন কৰে এটা চাৰিজনীয়া দলে ।
জিলা পৰিবহণ বিষয়া দাসে (Awareness programme of DTO in Guwahati)মহানগৰীৰ জালুকবাৰীত পোদ্দাৰ চুজুকি মটৰ চাইকলে শ্ব’ৰূম মুকলি কৰাৰ পিছতে ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন কৰা হয় । উৎসৱৰ সময়ত গাড়ী চলাওতে সকলোকে নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাই তেওঁ কয় যে দুচকীয়া বাহন চলাওতে দুই আৰোহীয়ে হেলমেটৰ লগতে চিটবেল্ট পৰিধান কৰিব লাগে । সুৰাপান কৰি গাড়ী নচলাব নালাগে বুলিও তেওঁ কয় । তীব্ৰগতি পৰিহাৰ কৰি গাড়ী চলোৱাৰ সময়ত ম'বাইলত কথা নাপাতিবলৈও সকলোকে আহ্বান জনায় ।
তেওঁ উৎসৱৰ বতৰত পৰিবহণ বিভাগৰ এইকেইটা পঞ্চ সূত্ৰ মানি গাড়ী চলাবলৈ সকলোকে আহ্বান জনায় । দুৰ্গাপূজাৰ সময়ত মহানগৰীৰ যিকোনো স্থানত বিশেষকৈ পথ দুৰ্ঘটনা প্ৰৱণ অঞ্চলত তালাচী চলোৱা হ'ব বুলি তেওঁ কয় । সুৰাপান কৰি গাড়ী চলোৱা সকলৰ বিৰুদ্ধে ১০হাজাৰ টকা জৰিমনা ,অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে নিশাটো থানাৰ লকাপত কটাব লাগিব বুলি তেওঁ সকীয়াই দিয়ে ।
দুচকীয়া বাহন চলাওতে দুই আৰোহীয়ে হেলমেট পৰিধান নকৰিলে এহেজাৰ টকা জৰিমনা ভৰাৰ লগতে নিশাটো থানাত কটাব লাগিব। ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে দুবছৰ পিছত এইবাৰ উলহ মালহেৰে সকলোৱে দুৰ্গা পূজা উদযাপন কৰিব । পথ দুৰ্ঘটনাই যাতে উৎসৱমুখৰ পৰিৱেশ ম্লান নকৰে তাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে বুলি মন্তব্য কৰে । সেয়েহে দুৰ্গাপূজাৰ সময়ত সকলো নীতি নিয়ম মানি গাড়ী চলায় সুৰক্ষিতভাৱে পূজা উপভোগ কৰিবলৈ তেওঁ আহ্বান জনায় ।
লগতে পঢ়ক:সামৰণি পৰিল দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ