গুৱাহাটী, ২১ নৱেম্বৰ: শনিবাৰে মহানগৰীৰ দিছপুৰস্থিত লোকনিৰ্মাণ প্ৰশিক্ষণ কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ অৰ্থনৈতিক কোষৰ অধীনত "আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম"ৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ আহ্বায়ক ডাঃ দেৱজিৎ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিজেপিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷
অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ মন্ত্ৰৰে উদ্বুদ্ধ হৈ অসমৰ সৰ্বাংগীণ বিকাশৰ অৰ্থে ঐক্যবদ্ধভাৱে বিজেপিৰ অবিৰত যাত্ৰা সদায় থাকিব ৷ বৃহত্তৰ অসমৰ সকলো ভাষা-ভাষী, কৃষ্টি-সংস্কৃতিক লগত লৈ অসমখনক সৰ্বাংগসুন্দৰ কৰি গঢ়ি তুলি সকলোৱে একেলগে আগবাঢ়ি যোৱাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰচেষ্টা ৷
উল্লেখ্য যে, সভাপতি ডাঃ দেৱজিত মহন্তৰ সঞ্চালনাত ৰাজ্যৰ তিনিগৰাকী বিশেষ ব্যক্তি ক্ৰমে নলবাৰী জিলাৰ বিশিষ্ট মৎস পালক দেৱজিৎ বৰ্মন, এছআৰডি গ্ৰুপৰ সঞ্চালক সম্ৰাট ডেকা আৰু বিশিষ্ট অৰ্থনীতিবিদ অমিয় শৰ্মাৰ সৈতে ৰাজ্যৰ অৰ্থনীতি সম্পৰ্কত এক মতবিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰে ৷
লগতে পঢ়ক:আমিনগাঁৱত অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু CITUৰ প্ৰতিবাদ