ETV Bharat / state

বিজ্ঞান শাখাত নামভৰ্তি কৰিলে শিক্ষাৰ্থীসকলে কেনেকৈ আগবাঢ়িব ?

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 3:56 PM IST

বিজ্ঞান শাখাত নামভৰ্তি কৰিলে ছাত্ৰ-ছাত্ৰীসকলে কি সুবিধা লাভ কৰিব ? বিজ্ঞান শাখাত অধ্যয়ন কৰিলে কি কি বিষয়ত আৰু কেনেকৈ অধ্যয়ন কৰিব পাৰিব ? কেৰিয়াৰ পৰামৰ্শদাতা তথা যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ড৹ বুলজিৎ বুঢ়াগোহাঁইৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ।

Interview with career counselor
ড৹ বুলজিৎ বুঢ়াগোহাঁইৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ
বিজ্ঞান শাখাত অধ্যয়ন কৰিলে কি কি বিষয়ত আৰু কেনেকৈ অধ্যয়ন কৰিব পাৰিব ?

গুৱাহাটী, ১৬ ডিচেম্বৰ : এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া বিজ্ঞান শাখা নিৰ্বাচন কৰে, তেতিয়া সাধাৰণতে দেখা যায় যে তেওঁ ভৱিষ্যতে চিকিৎসা বিজ্ঞান বা অভিযন্ত্ৰিক বিষয়তহে অধ্যয়ন কৰিব । বিজ্ঞান শাখাত বা বিজ্ঞান বিষয়ত অধ্যয়ন কৰা মানেই কিন্তু চিকিৎসা বিজ্ঞান বা অভিযন্ত্ৰিক বিষয়ত নহয় ৷ অথবা চিকিৎসা বিজ্ঞান মানেই অকল এম বি বি এছ পাঠ্যক্ৰম নহয় ।

তাৰ বাহিৰেও আয়ুৰ্বেদিক, বি ডি এছ, হোমিওপেথিক, ফাৰ্মাচিষ্ট, ডিগ্ৰী-ডিপ্লমা, নাৰ্চিং, এন এন এম, জি এন এম, ফিজিও'থেৰেপিৰ পৰা আৰম্ভ কৰি লেবৰেটৰী টেকনেচিয়ানকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ পেৰামেডিকেল পাঠ্যক্ৰমকে ধৰি প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হাস্পতাল মেনেজমেণ্ট, মেডিকেল ৰিপ্ৰেজেন্টেতিভ আদিকে ধৰি চিকিৎসা বিজ্ঞানৰ লগত জড়িত পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে ।

এম বি বি এছ, বি ডি এছ, আয়ুৰ্বেদিক, হোমিওপেথিকত নামভৰ্তিৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা নীট অনুষ্ঠিত হয় । এই পৰীক্ষাত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পদাৰ্শ বিজ্ঞান, ৰাসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ ওপৰত ভিত্তি কৰি হয় । এই পৰীক্ষা সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠান হয় যদিও মেৰীট লিষ্টৰ ৮৫% অসমৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা হয় । ১৫ % ৰেংকিং অসমৰ বাহিৰৰ পৰা আহে ।

ঠিক তেনেদৰে নাৰ্ছিং আৰু ফাৰ্মাচিষ্টৰ বাবে অসম চৰকাৰৰ অধীনৰ চিকিৎসা মহাবিদ্যালয়বোৰৰ লগত সংলগ্ন প্ৰতিষ্ঠানবোৰত ডিপ্লমাৰ ব্যৱস্থা আছে । অভিযন্ত্ৰিক বিষয়ত অধ্যয়ন কৰিবলৈ হ’লেও ছাত্ৰ-ছাত্ৰীসকলে কিছু প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । ভাৰতবর্ষৰ শ্ৰেষ্ঠ ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠান হৈছে IIT ।

IIT ত নামভৰ্তি কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীসকলে JEE মেইনচ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিচত এডভান্সত অৱতীৰ্ণ হ'ব লাগিব । NIT ত নামভৰ্তি কৰিবলৈ হ’লে শিক্ষাৰ্থী সকলে JEE মেইনচ উত্তীৰ্ণ কৰিব লাগিব । অসমৰ চৰকাৰৰ অধীনস্থ ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰিবলৈ হ’লে CEE প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ।

ইয়াৰোপৰি কৃষি বিজ্ঞানত অধ্যয়ন কৰিব বিচাৰিলে কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ অধ্যয়ন কৰিব পাৰিব ।

লগতে পঢ়ক : HSLC ত উত্তীৰ্ণ হোৱাৰ পিচত কেনেদৰে বিষয় বা শাখা নিৰ্বাচন কৰিব লাগে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.