ETV Bharat / state

Gamosa controversy: গামোচাক বিকৃত কৰাৰ বাবে বাংলা সাহিত্য সভা অসমৰ বিৰুদ্ধে এজাহাৰ দাখিল

author img

By

Published : Mar 27, 2023, 9:32 PM IST

অসমীয়া গামোচাক বিকৃত কৰাৰ বাবে বাংলা সাহিত্য সভা, অসমৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (FIR against Bangla Sahitya Sabha) ৷ ইয়াৰ লগত জড়িত সকলোকে তদন্তৰ আঁওতালৈ অনাৰ দাবী ছাত্ৰ সংগঠনটোৰ ৷ এনে কাৰ্য কেতিয়াও মানি হোৱা নহ’ব বুলি মন্তব্য সংগঠনটোৰ নেতৃত্বৰ ৷

Gamosa controversy
গামোচাক বিকৃত কৰাৰ বাবে বাংলা সাহিত্য সভা অসমৰ বিৰুদ্ধে এজাৰ দাখিল

গুৱাহাটী, 27 মাৰ্চ: বাংলা সাহিত্য সভা, অসমে অসমীয়া জাতিৰ স্বাভিমান গামোচাক বিকৃত কৰাৰ বিৰুদ্ধে পাণবজাৰ থানাত আজি এখন এজাহাৰ দাখিল কৰে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই বাংলা সাহিত্য সভা, অসমৰ বিৰুদ্ধে দাখিল কৰিছে এই এজাহাৰ ৷ ব‍াংলা সাহিত্য সভা, অসমৰ সভাপতি, সম্পাদক, মন্ত্ৰী বিমল বড়া আৰু ৰণোজ পেগুক তদন্তৰ আঁওতালৈ অনাৰ দাবী সংগঠনটোৰ (Assamese Gamosa controversy) ৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই এজাহাৰ দাখিল কৰি কয়, ‘‘বাংলা সাহিত্য সভ‍া, অসমে অসমীয়াৰ বুকুত গোৰ মাৰিছে ৷ GI টেগ লাভ কৰা কোনো এটা সামগ্ৰীকে বিকৃত কৰিব নোৱাৰে ৷ এয়া আইনমতে দণ্ডণীয় ৷ গামোচাখন দুটুকুৰা কৰি বিকৃত ৰূপ দিয়াটো অসমীয়া জাতি-সংস্কৃতিৰ প্ৰতি চূড়ান্ত অপমান ৷ এই কথা অসমবাসী ৰাইজে মানি ল’ব নোৱাৰে (SMSS FIR against Bangla Sahitya Sabha) ৷’’

এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি ইয়াৰ সৈতে জড়িত থকাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ সমন্বয়ৰ নামত গামোচাক দুটুকুৰা কৰাটো কেতিয়াও মানি হোৱা নহ’ব বুলিও উল্লেখ কৰে সংগঠনটোৱে ৷

উল্লেখ্য যে, গুৱাহাটীৰ মালিগাঁৱত বাংলা সাহিত্য সভা, অসমে আয়োজন কৰা এক অনুষ্ঠানত সমন্বয়ৰ নামত অসমীয়া জাতিৰ গৌৰৱ গামোচাখন মাজতে কাটি বঙালী গামোচাৰ সৈতে সংলগ্ন কৰা কাৰ্যক লৈ ৰাজ্যজুৰি অব্যাহত আছে বিতৰ্ক আৰু প্ৰতিক্ৰিয়া ৷ সেই অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিল বিকৃত গামোচাৰে ৷ ইয়াকে লৈ এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ সৰ্বস্তৰৰ লোক (Controversy over Assamese Gamosa) ৷

লক্ষ্যনীয়ভাৱে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দুখন গামোচা কাটি একেলগ কৰা কাৰ্যক সমন্বয় বুলিহে উল্লেখ কৰিছে ৷ ৰণোজ পেগুৰ মন্তব্যৰ বিৰুদ্ধেও এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যবাসী ৷ আনহাতে, মন্ত্ৰী বিমল বড়াই এয়া গ্ৰহণযোগ্য নহয় বুলি বিতৰ্ক পাচত মন্তব্য কৰিছে ৷

লগতে পঢ়ক: Gamosa controversy: গামোচাক বিকৃত ৰূপ দিয়াক লৈ সৰৱ অসম তৃণমূল কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.