ETV Bharat / state

HSLC exams 2024 : কেতিয়া, কি পদ্ধতিৰে অনুষ্ঠিত হ’ব আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ? - EDUCATION SECTOR OF ASSAM LATEST NEWS

2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ নতুন পদ্ধতিৰে অনুষ্ঠিত কৰা হ’ব পৰীক্ষা ৷ নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ’ব পৰীক্ষা ৷

HSLC exams 2024
ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 2:25 PM IST

Updated : Sep 13, 2023, 3:07 PM IST

গুৱাহাটী, 13 ছেপ্টেম্বৰ: পৰীক্ষা পদ্ধতিত নতুনত্ব আনিছে ছেবাই । আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিশেষ নতুনত্ব আনিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই । 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । এই সন্দৰ্ভত ছেবাই সকলো বিদ্যালয় পৰিদৰ্শকলৈ জাৰি কৰিছে জাননী ।

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা 50% নম্বৰৰ অ' এম আৰ শ্বীটৰ জৰিয়তে হ'ব । পৃথক উত্তৰ বহীত হ'ব বাকী 50% নম্বৰৰ পৰীক্ষা । 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ছেবাই গ্ৰহণ কৰা নতুন সিদ্ধান্ত সন্দৰ্ভত মঙলবাৰে ছেবাৰ অধ্যক্ষই বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ জাননী জাৰি কৰিছে । জাননী অনুসৰি 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে অ' এম আৰ শ্বীটযোগে পৰীক্ষাত অৱতীৰ্ণ হ'ব ।

HSLC exams 2024
ছেবাৰ নিৰ্দেশনা

জাননী অনুসৰি শিক্ষাৰ্থীসকলে ইতিমধ্যেই গুণোৎসৱৰ জৰিয়তে অ' এম আৰ শ্বীটৰ সাম্যক ধাৰণা লাভ কৰিছে । যাৰ বাবে 2024 বৰ্ষত 50% প্ৰশ্নোত্তৰৰ বাবে অ' এম আৰ শ্বীটৰ ব্যৱস্থা কৰা হ'ব । অৱশ্যে শিক্ষাৰ্থীসকলে এই সুবিধা ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ বাবেহে লাভ কৰিব । এই চাৰিটা বিষয়ত 50% প্ৰশ্ন বস্তুনিষ্ঠ হোৱাৰ সমান্তৰালভাৱে উত্তৰ বহী 16 টা পেজত অন্তৰ্ভুক্ত হ'ব বুলি জাননীত উল্লেখ কৰা হৈছে ।

তদুপৰি পৰীক্ষাত বহাৰ যোগ্যতা সম্পৰ্কতো ছেবাই জাননী যোগে নিৰ্দেশনা জাৰি কৰিছে । উল্লেখ্য যে, 2023 বৰ্ষৰ পৰাই ৰাজ্যত আৰম্ভ হৈছে নতুন শিক্ষানীতি । সেই অনুসৰি নতুন শিক্ষানীতিৰ আধাৰত 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হয় । নতুন শিক্ষানীতি অনুসৰি প্ৰতিজন শিক্ষাৰ্থীয়ে 4 টা বিষয়ত 50% কৈ বস্তুনিষ্ঠ প্ৰশ্ন লাভ কৰিছিল । মুঠ 100 নম্বৰ ভিতৰত 45 নম্বৰ আছিল থিয়’ৰীৰ আৰু 45 নম্বৰ আছিল বস্তুনিষ্ঠ ।

ইয়াৰোপৰি 10 নম্বৰ আছিল আভ্যন্তৰীণ মূল্যায়নত । মাতৃভাষা আৰু ঐচ্ছিক বিষয়ৰ প্ৰশ্ন পূৰ্বৰ দৰেই আছিল । আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু অধিক নতুনত্বৰ মাজেৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকল ।

লগতে পঢ়ক: Shooting in US: চাঞ্চল্যকৰ ! ছাত্ৰৰ গুলীত মৃত্যু আন এজন ছাত্ৰৰ

Last Updated : Sep 13, 2023, 3:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.