নিউজ ডেস্ক,21 চেপ্তেম্বৰ: সম্পূৰ্ণ ছমাহৰ অন্তত পূৰ্বৰ পৰিৱেশ ঘূৰি আহিছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ ৷ চৰকাৰী নিৰ্দেশনা মানি সেৰেঙা উপস্থিতিৰে সোমবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল সকলো চৰকাৰী বিদ্যালয়ৰ পাঠদান ৷ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কৰ'ণা মহামাৰীৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহোতেই চৰকাৰী বিদ্যালয়সমূহত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে নৱম, দশম শ্ৰেণীৰ পাঠদান ৷ সেই অনুসৰি, সোমবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়ত সমূহত সেৰেঙাকৈ হ'লেও পৰিলক্ষিত হ'ল ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ৷
সুদীৰ্ঘ দিনৰ অন্তত বিদ্যালয়সমূহ আৰম্ভ হোৱাত আশা কৰা হৈছিল ছাত্ৰ-ছাত্ৰীৰ 100 শতাংশ উপস্থিতি ৷ ইয়াৰ বিপৰীতে বিদ্যালয়সমূহত তেনেই নগণ্য উপস্থিতি দেখা যায় শিক্ষাৰ্থীৰ ৷ গোলাঘাটৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত থাকে মাত্ৰ এগৰাকী ছাত্ৰী ৷ একেদৰে ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত থাকে ছগৰাকী শিক্ষাৰ্থী ৷ ৰঙিয়াৰ কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়তো আজিৰে পৰা আৰম্ভ হৈছে নিয়মীয়া পাঠদান ৷ সম্পূৰ্ণৰূপে ক'ভিড 19 ৰ প্ৰট’কল মানি শিক্ষাৰ্থীসকল আহে বিদ্যালয়লৈ ৷ বিদ্যালয় কৰ্তৃপক্ষয়ো শিক্ষাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰে সকলো যাৱতীয় ব্যৱস্থা ৷
কৰিমগঞ্জৰ পাথাৰকান্দিৰ বিদ্যালয়সমূহতো নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হৈছে পাঠদান ৷ হাইলাকান্দিত আকৌ বিদ্যালয়ত শিক্ষাৰ্থী উপস্থিত হৈছে যদিও আৰম্ভ নহ’ল পাঠদান ৷ চৰকাৰৰ তৰফৰ পৰা অভিভাৱকসকলক প্ৰদান কৰা অনুমতি পত্ৰত স্বাক্ষৰ প্ৰদান নকৰাৰ বাবে আৰম্ভ কৰিব পৰা নগ’ল এই পাঠদান ৷ সমান্তৰালকৈ বৰপেটাৰ কলগাছিয়া, ধুবুৰী, দক্ষিণ কামৰূপ, কলিয়াবৰ আদিতো পাঠদান আৰম্ভ হ’ল বিদ্যালয়সমূহত ৷ মহানগৰীৰ তাৰিণী চৰণ চৌধুৰী বহুমুখী বালিকা বিদ্যালয়ত দেখা যায় এক ব্যতিক্ৰমী পৰিৱেশ ৷ পাঠদানৰ অৰ্থে বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীসকল ঠিকেই উপস্থিত হয় যদিও পৰিলক্ষিত হয় ছাত্ৰীৰ শূন্য উপস্থিতি ৷ কৰ’ণাৰ আতংকৰ বাবে বিদ্যালয়খনত উপস্থিত হোৱা দেখা নগ’ল এগৰাকীও ছাত্ৰীক ৷
একপ্ৰকাৰ স্তব্ধ হৈ পৰা পাঠদান কাৰ্য পুনৰ সূচাৰুৰূপে আৰম্ভ কৰিবলৈ চৰকাৰে বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ সেই অনুসৰি ছমাহৰ অন্তত সোমবাৰৰ পৰা আৰম্ভ হৈছিল পাঠদান ৷ কিন্তু এই পাঠদানৰ প্ৰথম দিনটোত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত দেখা যায় এক মিশ্ৰিত ছবি ৷ দীৰ্ঘদিনীয়া গৃহ বন্দীত্ব আৰু অনলাইন শিক্ষাৰ সাময়িক অৱসান ঘটাই শিক্ষাৰ্থীসকল বিদ্যালয়ত উপস্থিত হোৱাৰ আশা প্ৰকাশ কৰা হৈছিল যদিও কৰ’ণা সংক্ৰমণৰ বাবে অধিকাংশ শিক্ষাৰ্থী উপস্থিত নহ’ল বিদ্যালয়ত ৷