ETV Bharat / state

Water pipe explosion: খাৰঘূলিৰ জলবিস্ফোৰণ প্ৰসংগক লৈ সৰৱ ৰিপুন বৰা - Water pipe explosion at Kharghuli

খাৰঘূলিৰ জলবিস্ফোৰণ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই । মুখ্যমন্ত্ৰীক ঘটনা সন্দৰ্ভত নৈতিক দায়িত্ব স্বীকাৰ কৰাৰ প্ৰত্যাহ্বান জনাই সভাপতিগৰাকীয়ে (Ripun Bora react on Kharghuli water pipe burst) । অঞ্চলটোৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সমস্ত ক্ষতিপুৰণ দিয়াৰ দাবী উত্থাপন কৰে বৰাই ।

Ripun Bora react on Kharghuli water pipe burst
খাৰঘূলিৰ জলবিস্ফোৰণ প্ৰসংগক লৈ সৰৱ ৰিপুন বৰা
author img

By

Published : May 27, 2023, 8:54 PM IST

খাৰঘূলিৰ জলবিস্ফোৰণ প্ৰসংগক লৈ সৰৱ ৰিপুন বৰা

গুৱাহাটী,২৭ মে': "খাৰঘূলি ঘটনাৰ নৈতিক দায়িত্ব মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিব লাগে । এই ঘটনাত মৃত্যুবৰণ কৰা মহিলাগৰাকীৰ পৰিয়ালক মাত্ৰ দুই লাখ টকা দিয়েই দায়িত্ব পালন কৰিলেই নহ'ব । অঞ্চলটোৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সমস্ত ক্ষতিপুৰণ দিয়াটো চৰকাৰৰ দায়িত্ব ।"এই মন্তব্য ৰিপুণ বৰা ।

মহানগৰীৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই এক সংবাদমেল সম্বোধন কৰি খাৰঘূলিত হোৱা দুৰ্ঘটনাৰ পিচত চৰকাৰে লোৱা স্থিতিৰ কঠোৰ সমালোচনা কৰে (Ripun Bora react on Kharghuli water pipe burst) । সভাপতিগৰাকীয়ে কয় যে খাৰঘূলি ঘটনাৰ নৈতিক দায়িত্ব মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিব লাগে । বহুবছৰ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন মন্ত্ৰী থকাৰ পিচতো পানী যোগান আঁচনি সম্পূৰ্ণ কৰিব নোৱাৰিলে (Water pipe explosion) ।

গেমনৰ নিম্নমানৰ কামৰ বাবে কাম সামৰিলে । কিন্তু তাৰ পাচতো কোনো পদক্ষেপ গ্ৰহণ নহ'ল কিয় বা কিয় কোনো তদন্ত নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ৰিপুণ বৰাই । গেমনৰ বিৰুদ্ধে সেইসময়ৰ GMDA ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । সেইবাবে এই ঘটনাৰ সমস্ত দায়িত্ব বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ল'ব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে বৰাই (Water pipe explosion at Kharghuli) ।

২০১৭ চনৰ ভিতৰত গুৱাহাটীৰ ৰাইজে পানী লাভ কৰিব বুলি ঘোষণা কৰিছিল । কিন্তু ২২-২৩ চনতো পানী যোগান ধৰিব নোৱাৰিলে চৰকাৰে । পানী যোগানৰ নামত আৱণ্টিত কোটি কোটি আত্মসাৎ হৈছে বুলি বিস্ফোৰক মন্তব্য আগবঢ়াই তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । এই ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে বুলি উল্লেখ কৰি গেমনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীক উত্তৰ দিয়াৰ প্ৰত্যাহ্বান জনাই ৰিপুন বৰাই ।

উল্লেখ যে, বৃহস্পতিবাৰে জাইকাৰ নিৰ্মীয়মান পানীযোগান আঁচনিৰ পাইপ ফুটি প্ৰায় ৫০০ মিটাৰ পৰ্যন্ত উচ্চতালৈ উঠিছিল পানীৰ ফোঁৱাৰা ৷ সেই ঘটনাৰ পাচতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছিল এক হাহাকাৰ পৰিস্থিতি । জলবিস্ফোৰণত নিহত হৈছিল সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলা (Woman died after water pipe burst) । জলবিস্ফোৰণৰ ফলত প্ৰায় ১৯ গৰাকী লোক আহত হৈছিল ৷ এই ভয়ংকৰ জলস্ৰোতত জলমগ্ন হৈ পৰে সমগ্ৰ অঞ্চল ৷

লগতে পঢ়ক: Lakshya Konwar slams Bhupen Borah: ভূপেন বৰাক মিথ্যাচাৰৰ আশ্ৰয় লৈ অসমবাসীক বিভ্ৰান্ত নকৰিবলৈ সকীয়নি লক্ষ্য কোঁৱৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.