ETV Bharat / state

Assam Sahitya Sabha : অসম সাহিত্য সভাৰ নিৰ্বাচনত ৰিগিং ! - Assam Sahitya Sabha Election controversy

অসম সাহিত্য সভাৰ নিৰ্বাচনত আকৌ কালিমা (Assam Sahitya Sabha Election) ৷ চলিত সভাপতি নিৰ্বাচনত ৰিগিং ! সাহিত্য সভাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পত্ৰ ৷

Sahitya Sabha
Sahitya Sabha
author img

By

Published : Nov 18, 2022, 2:24 PM IST

গুৱাহাটী, ১৮ নৱেম্বৰ : অসম সাহিত্য সভাৰ নিৰ্বাচনত পুনৰবাৰ কালিমা (Assam Sahitya Sabha Election) ৷ চলিত সভাপতি নিৰ্বাচনত ৰিগিঙৰ অভিযোগ ! যাৰ বাবে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদকসহ আন এজনৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে নিৰ্বাচনী বিষয়াই (Assam Sahitya Sabha President Election) ।

বহু চৰ্চিত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ কাম-কাজত নিয়ম উলংঘাৰ অভিযোগ উঠিছে । উক্ত অনিয়মৰ ঘটনা নলবাৰী জিলাত সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Assam Sahitya Sabha Election controversy) । উল্লেখ্য, ডিচেম্বৰ মাহত নলবাৰী জিলাত অনুষ্ঠিত হ'লগীয়া অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকতে ঘোষণা হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিকে ধৰি অন্যান্য পদবীৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল ।

প্ৰাপ্ত তথ্য অনুসৰি, নিয়মবহিৰ্ভূতভাৱে ভোটাধিকাৰ থকা শাখাৰ পৰা নিৰ্বাচনৰ বেলট সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ বিৰুদ্ধে । অসম সাহিত্য সভাৰ ২০২২ বৰ্ষৰ নিৰ্বাচনৰ সভাপতি পদৰ এজন প্ৰাৰ্থীয়ে এই সন্দৰ্ভত নিৰ্বাচন সমিতিৰ ওচৰত অভিযোগ দাখিল কৰে (Rigging in sahitya sabha president election) ।

উল্লেখ্য, সাহিত্য সভাৰ আগন্তুক কাৰ্যকালৰ সভাপতি পদৰ বাবে অৰুণাচলৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি, ডঃ নাহেন্দ্ৰ পাডুন, ডঃ জগদীশ পাটগিৰি, ডঃ ৰোমান শৰ্মা, প্ৰহ্লাদ চন্দ্ৰ তাছা আৰু ডঃ সূৰ্য হাজৰিকাই মনোনয়ন-পত্ৰ দাখিল কৰিছে । আনহাতে, সভাপতি, উপ-সভাপতি তথা প্ৰধান সম্পাদককে আদি কৰি বিভিন্ন পদবীত মুঠ ১৭ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত মুঠ ৭৮৪ টা শাখাই এইবাৰৰ নিৰ্বাচনত ভোটদানৰ অধিকাৰ লাভ কৰিছে । ৩ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া ।

কিন্তু তাৰ মাজতে উত্থাপন হোৱা এই অভিযোগক কেন্দ্ৰ কৰি পুনৰবাৰ প্ৰশ্ন উত্থাপন হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ স্বচ্ছতাক সন্দৰ্ভত । এচাম সুবিধাবাদীয়ে বাৰে বাৰে সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠান এটাক ন্যস্ত স্বাৰ্থ পূৰণৰ মঞ্চ হিচাবে ব্যৱহাৰৰো অভিযোগ সাহিত্যপ্ৰেমীৰ ।

লগতে পঢ়ক :Zubeen Garg birthday: নিশা 12 বজাত যোৰহাটত কেক কাটিলে জুবিন গাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.