ETV Bharat / state

Review meeting: কামৰূপ মহানগৰ জিলাত বনভোজ দলে মানিব লাগিব নিয়ম

author img

By

Published : Dec 23, 2022, 8:32 PM IST

এতিয়াৰে পৰা বনভোজ খোৱাৰ পাছত প্ৰত্যেক দলে বনভোজস্থলীসমূহ চাফ-চিকুণ কৰি থৈ অহাতো বাধ্যতামূলক হ’ব । দীপৰ বিলৰ দৰে পৰিভ্ৰমী চৰাই বা আন বন্য জন্তুৰ বাসস্থানৰ সমীপত বনভোজত উচ্চস্বৰত গান-বাজনা কৰিব নোৱাৰিব (Guidelines for New Year celebration) ।

Review meeting
কামৰূপ মহানগৰ জিলাত বনভোজ দলে মানিব লাগিব নিয়ম

গুৱাহাটী, 23 ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ৩১ ডিচেম্বৰ আৰু নতুন বছৰটো পথ-দুৰ্ঘটনামুক্তভাৱে উদযাপন কৰিবলৈ সমাজৰ সৰ্বস্তৰৰ ৰাইজলৈ জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি শুক্ৰবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাগৃহত জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।

উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য-সচিব হেমন্ত দেউৰী ভৰালী, অতিৰিক্ত উপায়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকা, উপ-আৰক্ষী আয়ুক্ত (ট্ৰেফিক) হিৰণ্য বৰ্মন, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহন প্ৰাধিকাৰী ৰফিকুল ইছলাম, যান-বাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ বিষয়াসহ জিলা পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহৰ সংশ্লিষ্ট বিষয়াসকলে অংশগ্ৰহণ কৰে (Review meeting of District Administration) ।

সভাৰ আৰম্ভণিতে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নতুন বছৰটো সম্পূৰ্ণ দুৰ্ঘটনামুক্তভাৱে উদযাপনৰ বাবে সৰ্বস্তৰৰ ৰাইজলৈ জনোৱা আহ্বান বাস্তৱায়িত কৰাৰ বাবে জিলাখনৰ পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহক অতি আন্তৰিকতা আৰু দায়বদ্ধতাৰে সহযোগ আগবঢ়াবলৈ অনুৰোধ জনায়। উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে এতিয়াৰে পৰা বনভোজ খোৱাৰ পাছত প্ৰত্যেক দলে বনভোজ-স্থলীসমূহ চাফ-চিকুণ কৰি থৈ অহাতো বাধ্যতামূলক হ’ব । দীপৰ বিলৰ দৰে পৰিভ্ৰমী চৰাই বা আন বন্য জন্তুৰ বাসস্থানৰ সমীপত বনভোজত উচ্চস্বৰত গান-বাজনা কৰিব নোৱাৰিব (Guidelines for New Year celebration) ।

নিৰ্দিষ্ট সময়সূচী তথা নিৰ্দেশনা মানিহে বনভোজৰ আনন্দ উপভোগ কৰিব পাৰিব। পথ-সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চালকসমূহৰ ওপৰত কঠোৰ দৃষ্টি ৰখা হ’ব । আনহাতে চিটিবাছত ই-টিকেট ব্য়ৱস্থা প্ৰৱতৰ্ন কৰাৰ পিছত এইবাৰ উপায়ুক্তগৰাকীয়ে চিটি বাছ আস্থানসমূহ নিৰ্দিষ্ট কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে । বোন্দা, বশিষ্ঠ, আজাৰা আদি গুৰুত্বপূৰ্ণ স্থানত বাছসমূহৰ পাৰ্কিং স্থানৰ সৰলীকৃত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈও চক্ৰ বিষয়াসকলক উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ।

সভাত অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাই সুৰাপায়ী চালক আৰু যান-বাহন সম্পৰ্কীয় অন্যান্য বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে জিলা পৰিবহন বিভাগ, আৰক্ষী আৰু আৱকাৰী বিভাগক অভিযান অধিক জোৰদাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলাখনৰ দুৰ্ঘটনাপ্ৰৱন স্থানসমূহ চিনাক্ত কৰি সেই স্থানসমূহৰ দুৰ্বলতাসমূহ আঁতৰাবলৈ আৰু সংশ্লিষ্ট বিষয়াসকলক অধিক সতৰ্কতামূলক ব্য়ৱস্থা ল’বলৈ সভাত উপ-আৰক্ষী আয়ুক্ত (ট্ৰেফিক) হিৰণ্য বৰ্মনে আহ্বান জনায় ।

লগতে পঢ়ক: Clown MLA: বিধানসভাত 'বহুৱা' বিচাৰি পালে বিধায়ক শ্বেৰমান আলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.