ETV Bharat / state

সাতগাঁৱত বড়োসকলৰ লোক উৎসৱ ৰংজালি বৈশাগুৰ সফল সামৰণি

author img

By

Published : May 23, 2022, 11:25 AM IST

দুদিনীয়া কাৰ্যসূচীৰে সাতগাঁৱত অনুষ্ঠিত হোৱা বড়োসকলৰ অন্যতম ঋতুকালীন উৎসৱ 'ৰংজালি বৈশাগু'ৰ সফল সামৰণি (Ranjali Bwisagu Celebrated in in Satgaon)৷ পৰম্পৰাগত, নৃত্য-গীত তথা আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠানৰে সামৰণি পৰে ৰংজালি বৈশাগুৰ ।

end-of-the-ranjali-bwisagu-festival-in-satgaon
সাতগাওঁত বড়োসকলৰ লোক উৎসৱ ৰংজালি বৈশাগুৰ সফল সামৰণি

গুৱাহাটী, 23 মে' : দুদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ সাতগাঁও বাথৌ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বড়োসকলৰ অন্যতম ঋতুকালীন উৎসৱ 'ৰংজালি বৈশাগু'ৰ দেওবাৰে সফল সামৰণি পৰে(Ranjali Bwisagu Celebrated in in Satgaon) ৷ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলনৰ পিছত অন্যান্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

উল্লেখ্য যে, কামৰূপ মহানগৰ জিলাৰ দুলাৰাই বড়ো হাৰিমু এফাৎৰ উদ্যোগত আৰু সানজা গুৱাহাটী দখৰা দুলাৰাই বড়ো হাৰিমূৰ সহযোগত সাতগাঁও, দলবাৰী, বাথৌ মন্দিৰ প্ৰাংগণত উদযাপন কৰা হয় এই 18 সংখ্যক ৰংজালি বৈশাগু উৎসৱ(18th Ranjali Bwisagu festival) ।

ইফালে, এই উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত বড়ো কছাৰী স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য অনিল বসুমতাৰী, দুলা ৰায় বড়ো, হাৰিমু এফাৎ নামৰ বড়ো সাংস্কৃতিক অনুষ্ঠানৰ উপসভাপতি দেবেন ব্ৰহ্ম আৰু সাতগাঁও দলবাড়ীৰ 'হাদুংগ্ৰা'ৰ সভাপতি প্ৰফুল্ল বড়ো আদিকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

সাতগাঁৱত বড়োসকলৰ লোক উৎসৱ ৰংজালি বৈশাগুৰ সফল সামৰণি

আনহাতে বড়ো কৃষ্টি-সংস্কৃতি, পৰম্পৰাগত, নৃত্য-গীতৰে জীপাল হৈ পৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বড়োসকলৰ উপাস্য দেৱতা 'বোৰাই বাথৌ'ক নৃত্য-গীতেৰে অৰ্চনা আগবঢ়ায় বড়োসকলে । নিশাৰ ভাগত আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠানৰে সামৰণি পৰে ৰংজালি বৈশাগুৰ । ইফালে ৰাজ্যৰ 22 খন জিলাৰ বড়ো জনগোষ্ঠীৰ লোকৰ অংশগ্ৰহণেৰে এক উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ।

লগতে পঢ়ক : ছিকিমত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় : সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.