গুৱাহাটী,16 ছেপ্তেম্বৰ: কাইলৈ বিশ্বকৰ্মা পূজা । তাৰ পিছতেই আহি আছে শাৰদীয় দুৰ্গোৎসৱ । পিছে এইবেলি বিশ্বকৰ্মা পূজাই হওঁক বা দুৰ্গা পূজাই হওঁক,ৰাইজে পালন কৰিব লাগিব কেতবোৰ বিশেষ নীতি-নিয়ম । ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বুধবাৰে জাৰি কৰিছে এই বিশেষ নিৰ্দেশাৱলী ৷

মুখ্য সচিবগৰাকীৰ নিৰ্দেশনা অনুসৰি পূজা সমূহত পুৰোহিতসহ আয়োজক সমিতিৰ 30 গৰাকীতকৈ অধিক লোক পেণ্ডেলত উপস্থিত থাকিব নোৱাৰিব । পূজা পেণ্ডেলত একে সময়ত 20 জনতকৈ অধিক ভক্ত প্ৰৱেশ কৰিব নোৱাৰিব । পেণ্ডেলত প্ৰৱেশ কৰা সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে হাত ধুব লাগিব বা চেনিটাইজ কৰিব লাগিব । এইবাৰ পথৰ দাঁতিত অস্থায়ীভাৱে পেণ্ডেল সাজি পূজা আয়োজনৰ কোনো অনুমতি চৰকাৰে নিদিয়ে । পূজাৰ নামত কোনো স্থানতে মেলা অনুষ্ঠিত কৰিব নোৱাৰিব বা শোভাযাত্ৰা আদিও উলিয়াব নোৱাৰিব । মাংগলিক কাম-কাজ (বিসৰ্জন) সম্পন্ন কৰিবলৈ পাঁচগৰাকীতকৈ অধিক লোক যাব নোৱাৰিব । পূজা পেণ্ডেলসমূহত সামাজিক দূৰত্ব বজাই ৰাখিব পৰাকৈ পৰ্যাপ্ত স্থান থাকিব লাগিব ।
লগতে চাওকঃ বাঘজানবাসীৰ খবৰ কোনে ৰাখিছে ?