ETV Bharat / state

Public Protest at Sonapur : সোণাপুৰ বৰবিলাৰৰ মাটিত কাৰ শেনচকু ?

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 8:09 AM IST

Updated : Sep 11, 2023, 10:55 AM IST

সোণাপুৰৰ বৰবিলাত বৃদ্ধি পাইছে ভূ-মাফিয়াৰ দপদপনি ৷ ভূ-মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে দেওবাৰে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Public Protest at Sonapur
সোণাপুৰ বৰবিলাৰৰ মাটিত শেনচকু কাৰ শেনচকু

গুৱাহাটী, 11 ছেপ্টেম্বৰ : আৰক্ষী-প্রশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ সোণাপুৰ বৰবিলাত বৃদ্ধি পাইছে ভূ-মাফিয়াৰ দপদপনি । স্বাধীনোত্তৰ কালৰ পৰা বসবাস কৰি অহা বিলপাৰৰ সাধাৰণ ৰাইজক ভূ-মাফিয়াই ভয় ভাবুকিৰে মাটি কাঢ়ি নিয়াৰ চেষ্টা চলেৱাৰ অভিযোগ উঠিছে ৷ ফলত দুয়োপক্ষৰ মাজত বৃদ্ধি পাইছে ভূমি কেন্দ্ৰিক বিবাদ ৷ বিগত কিছুদিনৰ পূৰ্বে গগৈ উপাধি নামৰ এজন ব্যক্তিৰ নেতৃত্বত অহা এটা ভূ-মাফিয়াৰ দলে বিলপাৰত মাটি বলপূৰ্বকভাৱে দখল কৰাৰ চেষ্টা কৰিছিল ৷ কিন্তু স্থানীয় ৰাইজে বাধা প্ৰদান কৰে ভূ-মাফিয়াৰ দলটকো ৷

ইয়াকে লৈ দুয়ো পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয় । উল্লেখ্য যে উক্ত অঞ্চলটোত ভূ-মাফিয়াৰ অতপালি দিনক দিনে বৃদ্ধি পোৱাৰ পিচতো আৰক্ষী প্ৰশাসনে ভূ-মাফিয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ যাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । সেয়ে অঞ্চলবাসীৰ মূৰৰ কামোৰণি হৈ পৰা ভূ- মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ দাবী তুলি দেওবাৰে সোণাপুৰৰ বিলপাৰবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিলপাৰ বস্তি প্ৰাথমিক বিদ্যালয় চৌহদত ন্যায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৰাইজে ।

অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত কৰা প্ৰতিবাদত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ বিলপাৰত ভূ-মাফিয়াৰ গুণ্ডামি বন্ধ কৰক, ভূ-মাফিয়াক আৰক্ষীয়ে অতি সোনকালে গ্ৰেপ্তাৰ কৰক, আমাৰ মাটি আমাৰ অধিকাৰ, আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৰাইজে ।

‘‘তেওঁলোক কোনো বাংলাদেশী নহয় ৷ বছৰ বছৰ ধৰি বসবাস কৰি অহা ৰাইজক শাস্তি কৰিছে ভূ-মাফিয়াই ৷ সেয়ে ভূ-মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ’’ এই মন্তব্য অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীৰ ৷

লগতে পঢ়়ক:Child Marriage in Assam: শীঘ্ৰেই অসমত চলিব বাল্যবিবাহ বিৰোধী বৃহৎ অভিযান; মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত

Last Updated : Sep 11, 2023, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.