গুৱাহাটী, 27 মাৰ্চ: নিযুক্তি প্ৰক্ৰিয়া অবৈধ হোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিচতে ৰাজ্য চৰকাৰে মীন উন্নয়ন নিগম লিমিটেডৰ পৰা বৰ্খাস্ত কৰিছিল কেইবাজনো কৰ্মচাৰীক ৷ দীৰ্ঘদিন ধৰি কৰ্মৰত ২২ গৰাকী কৰ্মচাৰীক ৰাজ্য চৰকাৰে বৰ্খাস্ত কৰে মীন উন্নয়ন নিগম লিমিটেডৰ পৰা । সেই সকল কৰ্মচাৰীক চৰকাৰে পুনৰ নিযুক্তি দিয়াৰ দাবী তুলি সোমবাৰে চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে চাকৰিৰ পৰা বহিষ্কৃত কৰ্মচাৰীসকলে (Fisheries Development Corporation recruitment scam) ।
প্ৰতিবাদী কৰ্মচাৰীসকলে চৰকাৰে অন্যায়ভাৱে বৰ্খাস্ত কৰা ২২ গৰাকী কৰ্মচাৰীক পুনৰ নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তোলে । উল্লেখ্য যে, ২০১৭ চনত চৰকাৰী বিধিগতভাৱে নিযুক্তি লাভ কৰা ২২ জন কৰ্মচাৰীক নীতি বহিৰ্ভূতভাৱে ৰাজ্য চৰকাৰে চাকৰিৰ পৰা অব্যাহতি দিছিল । তাৰ পিছত চাকৰিৰ পৰা বহিষ্কৃত হোৱা ২২ গৰাকী কৰ্মচাৰীয়ে এই সন্দৰ্ভত কেইবাবাৰো মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰি তেওঁলোকক পুনৰ নিযুক্তি দিবলৈ লিখিত আবেদন নিবেদন কৰিও আজি পৰ্যন্ত কোনো সুফল লাভ নকৰাত আক্ষেপ প্ৰকাশ কৰে । চৰকাৰৰ এনে অন্যায়ৰ তথা বঞ্চনাত অতিষ্ঠ হৈ পৰা প্ৰতিবাদকাৰীসকলে আজি পুনৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবী তুলি গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ( Fisheries Development Corporation Limited employees protest)।
উল্লেখ্য যে মীন নিগমত মুঠ ২১৭ টা পদত অবৈধ নিযুক্তিৰ তথ্য পোহৰলৈ অহাৰ পিছতে এই নিযুক্তিৰ তদন্ত কৰিবলৈ গঠন কৰা হৈছিল এক উচ্চ স্তৰীয় তদন্ত কমিটী । তদন্ত কমিটীৰ প্ৰতিবেদনত অবৈধ নিযুক্তিৰ বিষয়টো স্পষ্ট হোৱাৰ পিছতে ২১৭ গৰাকী অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীক বৰ্খাস্ত কৰিবলৈ বিভাগীয় আয়ুক্ত সচিবে নিৰ্দেশ প্ৰদান কৰিছিল । এই নিৰ্দেশনাৰ পিছতে বক্ৰ পথেৰে নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে চাকৰি হেৰুৱাইছিল ৷ ইয়াৰ মাজতে উলুৰ সৈতে বগৰী পোৰা সদৃশ কাণ্ড ঘটি চৰকাৰী বিধিগতভাৱে নিযুক্তি লাভ কৰি বহিষ্কৃত হোৱা ২২ গৰাকী কৰ্মচাৰীয়ে আজি গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Protest at Guwahati) ৷
চৰকাৰে অতি শীঘ্ৰে 22 গৰাকী কৰ্মচাৰীৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত বৃহৎ গণ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে । তদুপৰি বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বহিষ্কৃত কৰ্মচাৰীসকলে (Gauhati High Court) ৷
লগতে পঢ়ক : Amritpal Singh news Update: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ দেহৰক্ষী