ETV Bharat / state

নতুন ভাড়া নিৰিখক লৈ প্ৰতিবাদমুখৰ মহানগৰীৰ ব্যৱসায়ীসকল - মহানগৰী

মহানগৰীৰ দিছপুৰ চুপাৰ মাৰ্কেটৰ ব্যৱসায়ী সকলৰ অভিযোগ অনুসৰি, বজাৰ নিৰ্মাণৰ নামত অহা ধন হৰলুকি হৈছে আৰু ইয়াৰ প্ৰত্যক্ষ ছত্ৰছাঁয়াত আছে খুদ নিগমৰ আয়ুক্ত ৷

প্ৰতিবাদমুখৰ মহানগৰীৰ ব্যৱসায়ীসকল
প্ৰতিবাদমুখৰ মহানগৰীৰ ব্যৱসায়ীসকল
author img

By

Published : Dec 18, 2020, 10:27 PM IST

গুৱাহাটী, 18 ডিচেম্বৰ : গুৱাহাটী পৌৰ নিগমৰ অধীনৰ ৯ খনকৈ বজাৰৰ বজাৰ গৃহ নিৰ্মাণৰ নামত অহা ১২ কোটি টকা কলৈ গ’ল ? কোনে উদৰস্থ কৰিলে ব্যৱসায়ী সকলৰ বজাৰ গৃহ নিৰ্মাণৰ নামত অহা ধন ? এই প্ৰশ্ন নিগমৰ অন্তৰ্গত মহানগৰীৰ দিছপুৰ চুপাৰ মাৰ্কেটৰ ব্যৱসায়ী সকলৰ ৷

মহানগৰীৰ দিছপুৰ চুপাৰ মাৰ্কেট
মহানগৰীৰ দিছপুৰ চুপাৰ মাৰ্কেট

ব্যৱসায়ী সকলৰ অভিযোগ অনুসৰি, বজাৰ নিৰ্মাণৰ নামত অহা ধন হৰলুকি হৈছে আৰু ইয়াৰ প্ৰত্যক্ষ ছত্ৰছাঁয়াত আছে খোদ নিগমৰ আয়ুক্ত ৷ বজাৰ নিৰ্মাণ কৰিবলৈ অহা ধনেৰে নিজৰ ভঁৰাল চহকী কৰি নিগমৰ অন্তৰ্গত বজাৰগৃহসমূহ মেৰামতিৰ নামত অনিয়ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীসকলে ৷

নতুন ভাড়া নিৰিখক লৈ প্ৰতিবাদমুখৰ মহানগৰীৰ ব্যৱসায়ীসকল

ইফালে বজাৰগৃহ সমূহৰ নতুন ভাড়া নিৰিখ সন্দৰ্ভতো ইটিভি ভাৰতৰ সাংবাদিকৰ আগত মনৰ ক্ষোভ উজাৰিলে চুপাৰমাৰ্কেটৰ ব্যৱসায়ীসকলে ৷ ব্যৱসায়ী সকলৰ মন্তব্য- “প্ৰথমে বজাৰ গৃহ সমূহৰ গৃহ পুনৰ নিৰ্মাণ কৰি উপযুক্ত কৰি তোলক ৷ তাৰ পাছত ভাড়া বৃদ্ধি কৰক ৷” উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই নিগমৰ অন্তৰ্গত বজাৰ গৃহ সমূহৰ নতুন ভাড়াৰ নিৰিখ প্ৰতি বৰ্গ ফুটত ৩ টকাৰ পৰা ৫ টকা পৰ্যন্ত বৃদ্ধি কৰিছে ৷ যাৰ বাবে প্ৰতিবাদমুখৰ হৈ পৰিছে ব্যৱসায়ী সকল ৷

লগতে পঢ়ক: পথাৰ আৰু বজাৰ দখলৰ চিন্তাৰে আগবাঢ়িছে জান চাৰিঙীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.