ETV Bharat / state

সম্পূৰ্ণ বিনামূলীয়া হ'ব বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি মাচুল - সম্পূৰ্ণ বিনামূলীয়া হ'ব বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি মাচুল

দেওবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলখনত শিক্ষাখণ্ডৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিষয়ে উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

pressmeet by minister himanta biswa sarma

author img

By

Published : Jun 7, 2020, 8:17 PM IST

গুৱাহাটী, 7 জুনঃ এতিয়াৰে পৰা সম্পূৰ্ণ বিনামূলীয়া হ'ব বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি মাচুল ৷ দেওবাৰে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত অনুষ্ঠিত এক সংবাদযোগে সদৰী কৰে এই কথা ৷ এইসন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি শৰ্মাই কয়, 'বিনামূলীয়া মানে বিনামূলীয়াই হ'ব লাগিব ইয়াত কোনো ধৰণৰ ওপৰি ফ্ৰীজ যেনে মেগাজিন, সৰস্বতী পূজাৰ আদিৰ মাচুল ল'ব নোৱাৰিব ৷ এনে ক্ষেত্ৰত যদি কোনোৱে দূৰ্নীতি কৰিব বিচাৰে তেন্তে তেওঁৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অসমীয়া ভাষাৰ পাঠ্যক্ৰম বাধ্যতামূলক হ'ব

অসম চৰকাৰৰ কেবিনেটত অনুমোদন হোৱা তিনিটা সিদ্ধান্তৰ ব্যাখ্যা দি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে, ২৯৭০১ গৰাকী প্ৰাথমিক টেট শিক্ষকৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে ৷ এতিয়াৰে পৰা টেট শিক্ষক সকলেও অন্য চৰকাৰী কৰ্মচাৰীৰ দৰে বেংক লোন, বানচ, চিকিৎসা বীমা আদি সকলো ধৰণৰ সুবিধা লাভ কৰিব ৷ হাইস্কুল পৰ্যায়ত থকা ৫ হাজাৰ ঠিকা ভিত্তিক শিক্ষকক নিয়মীয়াকৰণো কৰা হ'ব ৷ এতিয়াৰ পৰা এইসকল শিক্ষকেও পাব আন হাইস্কুল শিক্ষকৰ সমপৰ্যায়ৰ দৰমহা ৷

এইবেলি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলক কম্পিউটাৰৰ সলনি দিয়া হ'ব 20 হাজাৰকৈ নগদ ধন

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বিষয়ে তেওঁ কয়, এইবাৰ চৰকাৰী বিদ্যালয়ৰ ফলাফল খুবেই সন্তোষজনক ৷ ১০৯ খন চৰকাৰী বিদ্যালয়ে ১০০ শতাংশ উত্তীৰ্ণ হাৰ দেখুওৱাবলৈ সক্ষম হোৱাৰ বিপৰীতে ৫০৩ খন চৰকাৰী বিদ্যালয়ে ৯০ শতাংশৰ পৰা ১০০ শতাংশ উত্তীৰ্ণৰ হাৰ দেখুৱাবলৈ সক্ষম হৈছে ৷ আনহাতে ১০০ শতাংশই অনুত্তীৰ্ণ হোৱা ১৭ খন বিদ্যালয় বন্ধ কৰি দি এই বিদ্যালয় সমূহৰ শিক্ষক সকলক আন আন স্থানৰ বিদ্যালয়ত নিযুক্তি দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক আন বিদ্যালয়ত নামভৰ্তি কৰাৰ ব্যৱস্থা কৰা হ'ব ৷ ইয়াৰোপৰি ২০১৮-১৯ ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলক কম্পিউটাৰ দিয়া হোৱা নাছিল ৷ সেই ছাত্ৰ-ছাত্ৰী সকলক অহা সপ্তাহৰ বিদ্যালয়ে বিদ্যালয়ে সামাজিক দূৰত্ব বৰ্তাই ৰাখি এমট্ৰনে কম্পিউটাৰ প্ৰদান কৰিব ৷ আনহাতে এইবেলি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলক কম্পিউটাৰৰ সলনি দিয়া হ'ব 20 হাজাৰকৈ নগদ ধন ৷

১০০ শতাংশই অনুত্তীৰ্ণ হোৱা ১৭ খন বিদ্যালয় বন্ধ কৰি দি এই বিদ্যালয় সমূহৰ শিক্ষক সকলক আন আন স্থানৰ বিদ্যালয়ত নিযুক্তি দিয়া হ'ব

বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদানক লৈয়ো সপ্তাহত প্ৰতিটো ক্লাছৰ বাবে এটাকৈ বাৰ ঠিক কৰি পাঠদান কৰা হ'ব ৷ এই সন্দৰ্ভত সোমবাৰে কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰৰ মন্ত্ৰীৰ সৈতে বিশদভাৱে আলোচনা কৰা হ'ব ৷ লগতে এতিয়াৰে পৰা জ্ঞানবৃক্ষ নামৰ শিক্ষামূলক চেনেলটো উপলব্ধ হ'ব জিঅ' টিভিতো ৷ লগতে লক ডাউনৰ মাজতে ল'কডাউনৰ মাজতে গৃহীত হ'ল দুখনকৈ আইন ৷ প্ৰথমখন আইন অনুসৰি এগৰাকী শিক্ষকে চাকৰিত যোগদান কৰাৰ 12 বছৰ পৰ্যন্ত বদলি হ'ব নোৱাৰিব ৷ আনখন আইন অনুসৰি, ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অসমীয়া ভাষাৰ পাঠ্যক্ৰম বাধ্যতামূলক হ'ব ৷

লগতে পঢ়কঃ উন্নত অসমঃ গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.