ETV Bharat / state

কানাডাত দীপৰ বিল সংৰক্ষণৰ প্ৰচাৰ মেধাবী অসমীয়া ছাত্ৰীৰ - কানাডাৰ ইউনিভাৰ্চিটি অৱ ৱাটাৰলু

দীপৰ বিলক প্ৰদূষণমুক্ত কৰিবলৈ সুদুৰ কানাডাত অধ্যয়নৰত এগৰাকী মেধাবী অসমীয়া ছাত্ৰীৰ বিশেষ পদক্ষেপ ৷ দীপৰ বিলৰ ভয়াৱহ প্ৰদূষণ দেখি উদ্বিগ্ন হৈ গুৱাহাটীস্থিত ৰিয়া ৰাজ গগৈ নামৰ ছাত্ৰী গৰাকীয়ে সজাগতা গঢ়ি তুলিবলৈ প্লাষ্টিকৰ এজোৰ পোছাক তৈয়াৰ কৰে ৷ যিজোৰ পোছাক কানাডাৰ উনিভাৰ্চিটি অৱ ৱাটাৰলুত প্ৰসংশা বুটলিবলৈ সক্ষম হোৱাৰ লগতে ৱাটাৰলু মিউজিয়ামত কৰ্তৃপক্ষই "এলাৰ্ম" নামৰ এক আন্তৰ্জাতিক প্ৰদৰ্শনীত সাত মাহৰ বাবে সংৰক্ষণ কৰে ৷

দীপৰ বিল
কানাডাত দীপৰ বিল সংৰক্ষণৰ প্ৰচাৰ মেধাবী অসমীয়া ছাত্ৰীৰ
author img

By

Published : Feb 10, 2020, 4:45 PM IST

গুৱাহাটী , 9 ফেব্ৰুৱাৰীঃ মনোৰম দীপৰ বিলৰ সমীপত দৈনিক গুৱাহাটী মহানগৰীৰ জাবৰ জোথৰ পেলোৱাৰ ফলত ক্ৰমাৎ বিষাক্ত হৈ পৰিছে বিলখনৰ পানী । এই ভয়ংকৰ প্ৰদূষণে বিপদ মাতি আনিছে বিলৰ জীৱকুললৈ । এনে এক প্ৰাকৃতিক জলাশয় একমাত্ৰ মানৱসৃষ্ট প্ৰদুষণৰ বাবেই ধ্বংসৰ মুখলৈ গতি কৰা কাৰ্যত উদ্বিগ্ন হৈ পৰিছে সুদুৰ কানাডাত অধ্যয়নৰত এগৰাকী মেধাবী অসমীয়া ছাত্ৰী ।

সম্প্ৰতি কানাডাৰ ইউনিভাৰ্চিটি অৱ ৱাটাৰলুত ইংৰাজী সাহিত্য বিভাগত অধ্যয়নৰত এইগৰাকী মেধাবী ছাত্ৰীৰ নাম ৰিয়া ৰাজ গগৈ । ঘৰ গুৱাহাটীৰ জয়ানগৰত । ৰিয়াৰ পিতৃও অসমৰ এটা পৰিচিত নাম । নিজৰ ব্যতিক্ৰমী উদ্ভাৱনী চিন্তাৰ জড়িয়তে ইতিমধ্যে বিভিন্ন অভিযান্ত্ৰিক সামগ্ৰী নিৰ্মাণ কৰি সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰা কনক গগৈ আৰু মঞ্জু ৰাজ গগৈৰ একমাত্ৰ কন্যা ৰিয়া ।

গুৰগাৱঁৰ বিখ্যাত শিক্ষানুষ্ঠান পাথৱেজ ৱৰ্ল্ড স্কুলত দ্বাদশ শ্ৰেণীলৈকে শিক্ষাগ্ৰহণ কৰি উঠিয়েই ৰিয়া উৰা মাৰে কানাডালৈ । নামভৰ্তি কৰে ইউনিভাৰ্চিটি অৱ ৱাটাৰলুত । অধ্যয়নৰ সমানে সমানে ৰিয়া জড়িত হৈ পৰে " প্ৰজেক্ট ট্ৰেশ্বন " নামৰ এটা সংস্থাৰ সৈতে । সেই সংস্থাটোৰ হৈয়েই ব্যতিক্ৰমী চিন্তাৰে ৰিয়াই দীপৰ বিলৰ প্ৰদূষণৰ বিষয়ে মানুহক সজাগ কৰাৰ চেষ্টাত নামি পৰে । পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীৰে ৰিয়াই প্ৰস্তুত কৰা সাজ পোছাকে ভূয়সী প্ৰসংশা লাভ কৰে বিশ্ববিদ্যালয়ত ।

কানাডাত দীপৰ বিল সংৰক্ষণৰ প্ৰচাৰ মেধাবী অসমীয়া ছাত্ৰীৰ

উল্লেখ্য যে, ২০১৯ চনত গুৱাহাটীৰ ঘৰলৈ অহা ৰিয়াই দীপৰ বিলৰ ভয়াৱহ প্ৰদূষণ দেখি উদ্বিগ্ন হৈ পৰে । চহৰৰ পেলনীয়া জাবৰ জোথৰে কেনেদৰে দীপৰ বিললৈ ভয়ংকৰ বিপদ মাতি আনিছে সেই বিষয়ে সজাগতা গঢ়ি তুলিবলৈ প্লাষ্টিকৰ এজোৰ পোছাক তৈয়াৰ কৰে৷ যিয়ে কানাডাৰ কেউদিশে লাভ কৰে ব্যাপক সমাদৰ । আনকি ৰিয়াৰ সেই সৃষ্টিকৰ্মৰ এক ভিডিঅ' শ্বুটো কৰা হয় ।

আৰু পঢ়কঃ ভাইৰাছ-আক্ৰান্ত চীনলৈ WHOৰ নিৰীক্ষণকাৰী দল প্ৰেৰণ

Intro:গুৱাহাটী , ৮ ফেব্ৰুৱাৰীঃ মনোৰম দীপৰ বিলৰ সমীপত দৈনিক গুৱাহাটী মহানগৰীৰ জাবৰ জোথৰ পেলোৱাৰ ফলত ক্ৰমাৎ বিষাক্ত হৈ পৰিছে বিলখনৰ পানী । এই ভয়ংকৰ প্ৰদুষণে বিপদ মাতি আনিছে বিলৰ জীৱকুললৈ । এনে এক প্ৰাকৃতিক জলাশয় একমাত্ৰ মানৱসৃষ্ট প্ৰদুষণৰ বাবেই ধ্বংসৰ মুখলৈ গতি কৰা কাৰ্যত উদ্বিগ্ন হৈ পৰিছে সুদুৰ কানাডাত অধ্যয়নৰত এগৰাকী মেধাবী অসমীয়া ছাত্ৰী । সম্প্ৰতি কানাডাৰ ইউনিভাৰ্চিটি অৱ ৱাটাৰলুত ইংৰাজী সাহিত্য বিভাগত অধ্যয়নৰত এইগৰাকী মেধাবী ছাত্ৰীৰ নাম ৰিয়া ৰাজ গগৈ । ঘৰ গুৱাহাটীৰ জয়ানগৰত । ৰিয়াৰ পিতৃও অসমৰ এটা পৰিচিত নাম । নিজৰ ব্যতিক্ৰমী উদ্ভাৱনী চিন্তাৰ জড়িয়তে ইতিমধ্যে বিভিন্ন অভিযান্ত্ৰিক সামগ্ৰী নিৰ্মাণ কৰি সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰা কনক গগৈ আৰু মঞ্জু ৰাজ গগৈৰ একমাত্ৰ কন্যা ৰিয়া । Body:গুৰগাৱঁৰ বিখ্যাত শিক্ষানুষ্ঠান পাথৱেজ ৱৰ্ল্ড স্কুলত দ্বাদশ শ্ৰেণীলৈকে শিক্ষাগ্ৰহণ কৰি উঠিয়েই ৰিয়া উৰা মাৰে কানাডালৈ । নামভৰ্তি কৰে ইউনিভাৰ্চিটি অৱ ৱাটাৰলুত । অধ্যয়নৰ সমানে সমানে ৰিয়া জড়িত হৈ পৰে " প্ৰজেক্ট ট্ৰেশ্বন " নামৰ এটা সংস্থাৰ সৈতে । সেই সংস্থাটোৰ হৈয়েই ব্যতিক্ৰমী চিন্তাৰে ৰিয়াই দীপৰ বিলৰ প্ৰদুষণৰ বিষয়ে মানুহক সজাগ কৰাৰ চেষ্টাত নামি পৰে । পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীৰে ৰিয়াই প্ৰস্তুত কৰা সাজ পোছাকে ভুয়সী প্ৰসংশা লাভ কৰে বিশ্ববিদ্যালয়ত ।Conclusion:২০১৯ চনত গুৱাহাটীৰ ঘৰলৈ অহা ৰিয়াই দীপৰ বিলৰ ভয়াবহ প্ৰদুষণ দেখি উদ্বিগ্ন হৈ পৰে । চহৰৰ পেলনীয়া জাবৰ জোথৰে কেনেদৰে দীপৰ বিললৈ ভয়ংকৰ বিপদ মাতি আনিছে সেই বিষয়ে সজাগতা গঢ়ি তুলিবলৈ প্লাষ্টিকৰ এজোৰ পোছাক তৈয়াৰ কৰি জলকন্যা সদৃশ এগৰাকী মডেলক পৰিধান কৰোৱাই , যিয়ে কানাডাৰ কেউদিশে লাভ কৰে ব্যাপক সমাদৰ । আনকি ৰিয়াৰ সেই সৃষ্টিকৰ্মৰ এক ভিডিঅ' শ্বুটো কৰা হয় । ৰিয়াৰ ব্যতিক্ৰমী উদ্ভাৱনী চিন্তাৰ সৃষ্টিৰাজিত আপ্লুত হৈ ৱাটাৰলু মিউজিয়াম কৰ্তৃপক্ষই " এলাৰ্ম " নামৰ এক আন্তৰ্জাতিক প্ৰদৰ্শনীত সাত মাহৰ বাবে সংৰক্ষণ কৰিছিল দীপৰ বিলৰ চিন্তাৰে প্ৰস্তুত কৰা এই বিশেষ সাজযোৰ । ৰিয়া ৰাজ গগৈলৈ ই টিভি ভাৰত পৰিয়ালৰ অভিনন্দন !
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.