ETV Bharat / state

মন্ত্ৰী অজন্তাৰ বাজেটক প্ৰতাৰণাৰ দলিল আখ্যা প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ - minister ajanta's budget as a document of cheating

অসম বিধানসভাত শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা 2021-22 বৰ্ষৰ বিত্তীয় বাজেটত ৰাজ্যৰ বিশেষভাৱে সক্ষম লোকসকলক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে ৷ বাজেটত এই লোকসকলৰ বাবে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ কথা উল্লেখ কৰে সংস্থাৰ সম্পাদক নৃপেন মালাকৰে ৷

pratibandi-suraksha-sangstha-assam-have-termed-minister-ajantas-budget-as-a-document-of-cheating
মন্ত্ৰী অজন্তাৰ বাজেটক প্ৰতাৰণাৰ দলিল আখ্যা প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ
author img

By

Published : Jul 18, 2021, 8:17 PM IST

গুৱাহাটী, 18 জুলাই : অসম বিধানসভাত শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা 2021-22 বৰ্ষৰ বিত্তীয় বাজেটত ৰাজ্যৰ বিশেষভাৱে সক্ষম লোকসকলক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে ৷ সংস্থাৰ সম্পাদক নৃপেন মালাকৰে কয় যে, সদনৰ মজিয়াত বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা বাজেটত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে নতুনকৈ কোনোধৰণৰ আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ নহ’ল ৷ 2017 চনৰ 7 ফেব্ৰুৱাৰীত অসমত বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশনৰ দিনা অসমৰ 4 লাখ 80 হাজাৰ বিশেষভাৱে সক্ষম ব্যক্তিক মাহেকীয়া পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱাৰ কথা ঘোষণা কৰিছিল ৷ সেই অনুসৰি বাজেটত 2.50 কোটি টকা ধাৰ্য কৰিছিল ৷

পৰিতাপৰ বিষয় যে, এই ধনৰাশি পৰ্যায়ক্ৰমে হ্ৰাস কৰি 2021-22 বৰ্ষৰ বাজেটত মাত্ৰ 168 কোটি টকা ধাৰ্য কৰি সেই সময়ত লাভ কৰি থকা 1 লাখ 60 হাজাৰ 612 গৰাকী প্ৰতিবন্ধী ব্যক্তিক পেঞ্চন প্ৰদানৰ লগতে নতুনকৈ 10 শতাংশ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছিল ৷ কাৰ্যতঃ সমাজ কল্যাণ সঞ্চালকালয়ৰ নতুন হিতাধিকাৰীৰ তালিকা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰাৰ পাছতো বিগত বৰ্ষত বিত্ত বিভাগে কোনো সঁহাৰি দিয়া পৰিলক্ষিত নহ’ল ৷ এইবাৰ যিহেতু সমাজ কল্যাণ মন্ত্ৰীগৰাকীয়ে বিত্ত বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে, সেয়েহে বিশেষভাৱে সক্ষম লোকসকলে আশা কৰিছিল যে এইবাৰ অন্তত উপকৃত হ'ব ৷ কিন্তু সেয়া হৈ নুঠিল ।

প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকাৰে আৰু কয় যে বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকৃততে এইবাৰ বিশেষভাৱে সক্ষম লোকসকলৰ আশাত চেঁচাপানী ঢালিছে ৷

মন্ত্ৰী অজন্তাৰ বাজেটক প্ৰতাৰণাৰ দলিল আখ্যা প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

সমগ্ৰ বিষয়টোক তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে চলিত বিত্তীয় বাজেটক 'দিব্যাংগ বিৰোধী বাজেট' আখ্যা দিয়ে মালাকাৰে ৷ শনিবাৰে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত তেওঁ কয় যে বিত্তমন্ত্ৰী গৰাকীয়ে সদনত দাখিল কৰা বাজেটখনে প্ৰতিবন্ধীক প্ৰতাৰণাৰ ইতিহাস ৰচিছে ৷ গতিকে এইখন বাজেট নহয় প্ৰতাৰণাৰ দলিলহে ৷

সেয়েহে সময় থাকোতেই বিশেষভাৱে সক্ষম লোকসকল সমাজত জীয়াই থকাৰ স্বাৰ্থত শীঘ্ৰে পেঞ্চনৰ ধনৰাশি বৃদ্ধিৰ লগতে নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে ৷ অন্যথা প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে ৰাজ্যখনৰ বিশেষভাৱে সক্ষম লোকসকলৰ বৃহত্তৰ স্বাৰ্থত পূৰ্বতকৈও জংগী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব ৷ ইয়াৰ বাবে পোনপটীয়াকৈ জগৰীয়া হ'ব ৰাজ্যৰ বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ আৰু ৰাজ্য চৰকাৰ ৷

লগতে পঢ়ক: অসম আৰক্ষীক নিৰুৎসাহিত কৰাসকলৰ আছে অপৰাধীৰে সম্পৰ্ক: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.