ETV Bharat / state

অখিলে দিনত এটা কথা কয় আৰু ৰাতি এটা কথা কয় : প্ৰদ্যুৎ বৰদলৈ - মহাজোঁট

"অখিল গগৈৰ কথাৰ কি মূল্য আছে ! তেওঁ দিনত এটা কথা কয়, ৰাতি এটা কথা কয় ।" সংবাদ মেলত এইদৰে ক’লে প্ৰদ্যুৎ বৰদলৈয়ে ৷ তেওঁৰ মতে অখিল গগৈক বিশ্বাসত লোৱাতো সম্ভৱপৰ নহয় ৷

pradyut bordoloi
প্ৰদ্যুৎ বৰদলৈ
author img

By

Published : Sep 6, 2021, 4:48 PM IST

Updated : Sep 6, 2021, 4:55 PM IST

গুৱাহাটী, ৬ ছেপ্টেম্বৰ : প্ৰদেশ কংগ্ৰেছে বাৰম্বাৰ অখিল গগৈ আৰু তেওঁৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগটো নস্যাৎ কৰি আহিলেও দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰি অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱাটো খাটাং বুলি মন্তব্য কৰাৰ পিছত ইজনৰ পিছত সিজনকৈ কংগ্ৰেছ নেতাই উভতি ধৰিছে অখিল গগৈক । মুঠতে অখিল গগৈৰ কাম-কাজ আৰু কেতবোৰ কথা বতৰাই প্ৰদেশ কংগ্ৰেছক অখিলৰ উদ্দেশ্যক লৈও সন্দিহান কৰি তুলিছে ।

লগতে পঢ়ক : ৬৫০ কোটি টকা কাগজ কল কৰ্মচাৰীৰ প্ৰাপ্য; চৰকাৰৰ বদান্যতা নহয় : প্ৰদ্যুৎ বৰদলৈ
সোমবাৰে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এক মন্তব্যৰ জৰিয়তে পুনৰ স্পষ্ট কৰি দিলে যে অখিল গগৈক কোনোমতেই কংগ্ৰেছে বিশ্বাসত লোৱা নাই আৰু লোৱাৰ সম্ভাৱনাও নাই ৷ সোমবাৰে সাংসদ বৰদলৈয়ে গুৱাহাটীত এখন সংবাদমেলত কয় যে, অখিল গগৈৰ দৰে মানুহ এজনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া তেওঁ আচলতে দিবই নিবিচাৰে । "অখিল গগৈৰ কথাৰ কি মূল্য আছে ! তেওঁ দিনত এটা কথা কয়, ৰাতি এটা কথা কয় ।"

প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য

লগতে পঢ়ক : অৱশেষত ভাৰতলৈ উভতি আহিব ছলমান ৰুশ্বদী

তেওঁ লগতে অখিল গগৈ বা ৰাইজৰ দলৰ নাম উল্লেখ নকৰাকৈ অতি কৌশলীভাৱে এইদৰেও মন্তব্য কৰে যে, " উপ নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছে সকলো বিৰোধী ঐক্যবদ্ধ হোৱাটো বিচাৰিছো । কিন্তু তাত বিজেপিৰ বি টীম হৈ কাম কৰা কোনো ব্যক্তি বা দলৰ স্থান নাথাকিব " ৷ একে সময়তে তেওঁ এইদৰেও মন্তব্য কৰে যে ব্যক্তিগতভাবে তেওঁ বিচাৰে কংগ্ৰেছে নিজৰ শক্তিৰে অকলেই উপ-নিৰ্বাচনত অৱতীৰ্ণ হওক ।

লগতে পঢ়ক : ধুবুৰী আৰক্ষীৰ জালত MGNREGA ৰ দুৰ্নীতিত অভিযুক্ত দুই শীৰ্ষ বিষয়া

উল্লেখ্য যে, উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে দল সমূহৰ মাজত তৎপৰতা আৰম্ভ হৈছে ৷ কিন্তু তাৰ মাজতে কংগ্ৰেছৰ মহাজোঁটত মেলিলে এক ফাঁট ৷ মহাজোঁটৰ ৰপৰা আঁতৰাই পঠিওৱা হ’ল এ আই ইউ ডি এফক ৷ সকলোৱে ভািবিছিল এ আই ইউ ডি এফক আঁতৰাই ৰাইজৰ দলক বুকুত সাবটি ল’ব কংগ্ৰেছে ৷ কিন্তু শেহতীয়াকৈ কংগ্ৰেছৰ বহু কেইগৰাকী নেতাই অখিল গগৈৰ প্ৰতি এক বিশ্বাসহীন ধাৰণা লোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাৰ বাবে সাজু অসমৰ ছোৱালী দল

Last Updated : Sep 6, 2021, 4:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.