ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল: ১৩৮ খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী - হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল

ৰাজ্যৰ ৩০ খন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ শূণ্য (Poor results in HSLC 2022) । ১০৮ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০ শতাংশতকৈও কম । শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক তথা অধ্যক্ষসকললৈ অসম মাধ্যমিক শিক্ষা পৰিষদৰ পত্ৰ । এসপ্তাহৰ ভিতৰত দিব লাগিব উত্তৰ ।

Poor results in HSLC 2022
ৰাজ্যৰ ৩০ খন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ শূণ্য
author img

By

Published : Jun 10, 2022, 8:09 PM IST

গুৱাহাটী, ১০ জুন : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC Exam Result 2022) চৰকাৰী বিদ্যালয়ৰ ফলাফল আছিল অতি শোচনীয় । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা ৰাজ্যৰ ১৩৮ খন চৰকাৰী বিদ্যালয়লৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদে (Poor Results in HSLC exam 2022)। সদ্য ঘোষিত পৰীক্ষাৰ ফলাফলত এইবাৰৰ উত্তীৰ্ণৰ হাৰ মাত্ৰ ৫৬.৪৯ শতাংশ আছিল যদিও কাৰণ দৰ্শোৱা জাননী জাৰি কৰা বিদ্যালয় কেইখনৰ ফলাফল ইয়াতকৈও শোচনীয় আছিল ।

চৰকাৰী বিদ্যালয়ৰ শোচনীয় প্ৰদৰ্শনত মাধ্যমিক শিক্ষা পৰিষদ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে ।

লগতে পঢ়ক : 16গৰাকীকৈ শিক্ষকে উত্তীৰ্ণ কৰাব নোৱাৰিলে একমাত্ৰ শিক্ষাৰ্থীগৰাকীকো

ইয়াৰ কাৰণ হৈছে ৩০ খন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ শূণ্য শতাংশ আৰু বাকী ১০৮ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ মাত্ৰ ১০ শতাংশতকৈও কম । শিক্ষা পৰিষদৰ সঞ্চালকে শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক তথা অধ্যক্ষসকললৈ পত্ৰ প্ৰেৰণ কৰি ইয়াৰ কাৰণ ব্যাখ্যা কৰিবলৈ কোৱা হৈছে ।

লগতে বিভাগৰ ফালৰ পৰা বিদ্যালয়সমূহক ৯ জুনৰ পৰা এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে । জানিব পৰা মতে, শেহতীয়া ফলাফলত অত্যন্ত শোচনীয় প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ ভিতৰত আছে কাছাৰ জিলাৰ ১৪ খন বিদ্যালয়, কাৰ্বি আংলং জিলাৰ ১১ খন, গোৱালপাৰা জিলাৰ ৯ খন, যোৰহাট আৰু নগাঁও জিলাত ৮ খনকৈ আৰু কামৰূপ মহানগৰ জিলাত ৬ খন বিদ্যালয় ।

আনহাতে, ডিব্ৰুগড় আৰু কৰিমগঞ্জ জিলাত পাঁচখনকৈ, ধুবুৰী আৰু পশ্চিম কাৰ্বি আংলং জিলাত চৰিখনকৈ আৰু বৰপেটা আৰু দক্ষিণ শালমাৰা জিলাত তিনিখনকৈ বিদ্যালয়ৰ ফলাফল আছিল শোচনীয় ।

লগতে পঢ়ক : ধোঁৱা চাঙত চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক ব্যৱস্থা: ডিব্ৰুগড়ত 69 গৰাকীৰ ভিতৰত উত্তীৰ্ণ কেৱল এগৰাকী শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.