ETV Bharat / state

Lok Sabha election 2024: বিজেপিয়ে বিচাৰিলেই হাগ্ৰামা আহিবনে ? ভিতৰি কি অংক কৰিছে বিপিএফ প্ৰধানে ?

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 9:47 PM IST

বিজেপিয়ে 2024 ৰ লোকসভা নিৰ্বাচনত অসমত 11 খন আসনত জয়ী হ’ম বুলি দৃঢ়তা প্ৰকাশ কৰিলেও কিন্তু বৰ্তমানলৈকে আশ্বস্ত হ’ব পৰা নাই গেৰুৱা দলটো ৷ যাৰ বাবে ব্যাপকভাৱে সমীকৰণ কৰিবলগীয়া হৈছে বিজেপিয়ে ৷ এইবাৰ হাগ্ৰামা মহিলাৰীকো নিজৰ ফলীয়া কৰিবলৈ চেষ্টা কৰিছে যদিও এতিয়াও ডাইল সিজা নাই ৷ হাগ্ৰামাও পিচে কম পানীৰ মাছ নহয় যে সহজেই বিজেপিক সংগ দিব ৷ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ৷

BJP BPF probable alliance
Lok Sabha election 2024

গুৱাহাটী, 6 অক্টোবৰ: পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে 2024 ৰ বাবে অসমতো চিন্তিত কৰিছে বিজেপিক । লোকসভা নিৰ্বাচনত অসমত কমেও 11 খন আসন লাভ কৰিব বুলি দাবী কৰি অহা বিজেপিয়ে লোকসভাৰ বাবে অসমত কোনো সুৰুঙা ৰাখিব খোজা নাই ৷ তাৰ পৰিপেক্ষিতত হয়তো অচিৰেই সলনি হ’ব পাৰে বড়োভূমিৰ ৰাজনীতিও ৷ একালৰ বিজেপিৰ মিত্ৰদল এতিয়া বিৰোধী BPF ক পুনৰ বিজেপি মিত্ৰজোঁটলৈ অনাৰ প্ৰস্তুতি বিজেপিৰ ৷

ব্যাপক চৰ্চা চলিছে যে হাগ্ৰামা মহিলাৰী আকৌ মিত্ৰ হ’ব বিজেপিৰ । লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে দ্ৰুতগতিৰে অতি শীতলভাৱে আগবঢ়াই নিছে অসমৰ ভোটৰ একত্ৰীকৰণৰ সমীকৰণ । অসমৰ 15 বিৰোধী দলৰ একত্ৰীকৰণৰ পিছত ৰাজ্যত অধিক সক্ৰিয় হ’বলৈ বাধ্য হৈছে বিজেপি । অসমৰ প্ৰায় আটাইকেইটা লোকসভা আৰু বিধানসভা সমষ্টিত ভোটৰ গাঁথনিৰ পৰিৱৰ্তন ঘটিছে ৷ তাৰ পিছতো কিন্তু এতিয়াও অসমৰ বহু কেইটা সমষ্টিত প্ৰভাৱশালী হৈ আছে BPF ।

BPF এ দাবী কৰা অনুসৰি পূৰ্বে অসমত তেওঁলোক মুঠ 19 টা বিধানসভা সমষ্টিত ভোটৰ অংকৰে প্ৰভাৱশালী আছিল । এতিয়া এই অংক বাঢ়ি গৈ 21 টা সমষ্টি হ’বগৈ ৷ সেয়ে লোকসভা নিৰ্বাচনতো BPFৰ এই সাংগঠনিক ভেঁটি যিকোনো দলৰ বাবেই গুৰুত্বপূৰ্ণ বিবেচিত হৈ আহিছে ৷ BPF ৰ ভিতৰুৱা সূত্ৰই দাবী কৰিছে যে সমষ্টিৰ সীমাৰ পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত এতিয়া চাৰিটা লোকসভা সমষ্টিত BPF এ এইবাৰ প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব ৷

হিচাপ মতে, বিটিচিৰ বাহিৰত প্ৰায় 10 লাখ বড়ো ভোটাৰ আছে ৷ এইখিনি ভোটাৰৰ ক্ষেত্ৰত UPPL তকৈ BPF এ আজিৰ তাৰিখলৈকে বেছি প্ৰভাৱ বিস্তাৰ কৰি আহিছে ৷ সেয়ে বিজেপিৰ অসমৰ 11 খন লোকসভা আসন জয়ৰ স্বপ্ন পূৰ কৰিবলৈ সুৰুঙা নাৰাখিবলৈ হ’লে BPF, অৰ্থাৎ হাগ্ৰামা মহিলাৰীৰ যে সহযোগিতা লাগিব সেয়া একপ্ৰকাৰ নিশ্চিত ৷ BPFৰ সহযোগিতা লাভ কৰিবৰ বাবে বিজেপিয়ে ৰণকৌশল প্ৰস্তুত কৰিছে যদিও সহজে হাগ্ৰামাই ফান্দত ভৰি দিয়া নাই ৷

UPPL-ক অসন্তুষ্ট নকৰাকৈ হাগ্ৰামাক বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ কৰাটো বিজেপিৰ বাবে এতিয়া সহজ হৈ থকা নাই ৷ কাৰণ ৰাজনৈতিক চৰ্চা অনুসৰি ইমান দিনে বিজেপিৰ মিত্ৰ হ’বলৈ নিজেই চেষ্টা কৰি অহা BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কেতবোৰ চৰ্ত আৰোপ কৰিছে । তাৰ ভিতৰত UPPLক আঁতৰাই BTCত BPFক পুনৰ শাসনলৈ অনাটো প্ৰধান চৰ্ত হাগ্ৰামাৰ ৷ যিটো বিজেপিৰ বাবে আজিৰ তাৰিখত মুঠেই সম্ভৱপৰ নহয় ৷ এতিয়া লক্ষণীয় হ’ব হাগ্ৰামাৰ সহযোগিতা বিজেপিয়ে নিজৰ অনুকুলে আনিব কেনেকৈ ? স্বাভাৱিকতে প্ৰশ্ন উঠিছে কিয় এনে স্বৰ্ত আৰোপ কৰিছে হাগ্ৰামাই ?

সঁচাকৈ বিজেপিৰ কাষ চাপিবনে বিপি এফ ?

চৰ্চা হোৱাৰ দৰেই সঁচাকৈ লোকসভাত বিজেপিৰ সহযোগী হ’ব নেকি BPF ? BPF ৰ বিধায়ক তথা জ্যেষ্ঠ নেতা দুৰ্গা দাস বড়োৱে ইটিভি ভাৰতক জনাইছে যে আগন্তুক লোকসভা নিৰ্বাচনত BPF এ নিজাকৈ প্ৰাৰ্থী দিব ৷ বিজেপিৰে মিত্ৰতাৰ বাবে কোনো ধৰণৰ কথা-বতৰা হোৱা নাই ৷ এই বাতৰি ভিত্তিহীন ৷ বৰঞ্চ কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত নিজা প্ৰাৰ্থী দিবলৈ প্ৰস্তুতি চলাইছে BPF এ ৷

দুৰ্গা দাস বড়োৰ মতে এইবাৰ লোকসভাত দৰং-ওদালগুৰি সমষ্টিটো BPFৰ বাবে এটা সুবৰ্ণ সুযোগ থকা সমষ্টি ৷ কংগ্ৰেছে নিজা প্ৰাৰ্থী দিলে সমষ্টিটোত তৃতীয় স্থানত থাকিব নিৰ্বাচনত ৷ দ্বিতীয় স্থানত থাকিব বিজেপি দল ৷ BPF এই মাৰিব শেষ হাঁহি ৷

কিয় লাভান্বিত নহ’ব হাগ্ৰামা ?

ৰাজনৈতিক সমীকৰণেৰে চালে বড়োভূমিত UPPL-প্ৰমোদ বড়োৰ কাৰ্যকাল তিনি বছৰ অতিক্ৰম কৰিলে ৷ লোকসভা নিৰ্বাচনৰ পিছত বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ এবছৰতকৈ কেইমাহ মানহে বাকী থাকিব ৷ কাৰ্যতঃ মাত্ৰ এটা বছৰৰ বাবে এতিয়া বিটিচিত শাসনলৈ আহিব বিচৰা নাই হাগ্ৰামা ৷ আনহাতে লোকসভা নিৰ্বাচনৰ পিছতে বিধানসভা নিৰ্বাচনলৈয়ো প্ৰস্তুত হ’বৰ সময় হ’ব ।

সেয়ে কিছুদিনৰ আগলৈকে বিজেপিৰ সৈতে মিত্ৰতাৰে বিটিচিত পুনৰ ক্ষমতালৈ অহাৰ বাবে হাগ্ৰামা আগ্ৰহী আছিল যদিও এতিয়া বিষয়টো লৈ হোঁহকা-পিচলা কৰিছে তেওঁ ৷ সেয়ে সকলো হিচাপ মিলাই আগন্তুক লোকসভা নিৰ্বাচনত বড়োভূমিৰ ৰাজনীতিৰ লগতে সামগ্ৰিকভাৱে হাগ্ৰমাৰ BPFৰ ভূমিকা কি হ’ব এয়া হ’ব মন কৰিবলগীয়া ৷

লগেত পঢ়ক: Hagrama Mohilary in Delhi: দিল্লীত বাহৰ পতা হাগ্ৰামা মহিলাৰী চামিল হ'ব নেকি এন ডি এত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.