গুৱাহাটী, 4 এপ্ৰিল : এটা 25 বছৰীয়া কুঁৱা আৰু ডেৰ শতাধিক পৰিয়াল ৷ কুঁৱাটোৰ পাৰত পুৱতি নিশা 3 বজাৰে পৰা দেখা যায় পানী নিবলৈ অহা লোকৰ ভিৰ ৷ এয়া কোনো জকাইচুকৰ দৃশ্য নহয়, খোদ মহানগৰীৰ মাজমজিয়াতে দেখা গৈছে এনে পৰিৱেশ ৷ এটা 25 বছৰীয়া কুঁৱাৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে মহানগৰীৰ সমীপৰ কমলাবাগান এলেকাৰ প্ৰায় ডেৰ শতাধিক পৰিয়ালে ৷
পৰ্যাপ্ত বৰষুণৰ অভাৱত নৈ-বিল, জান, জুৰি, কুঁৱা আদি শুকাই যোৱাৰ ফলত এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে কমলাবাগান এলেকাৰ বাসিন্দাসকলে (Drinking water crisis in Assam capital city)৷ এনে পৰিস্থিতিত প্ৰয়োজনতকৈ অধিক ধন ব্যয় কৰি প্ৰায় ডেৰ-দুই কিল’মিটাৰ নিলগৰ ফৰেষ্টগেট যুৱ নগৰ নতুবা শান্তিনগৰৰ পৰা পানী ক্ৰয় কৰিবলগীয়া হয় ৰাইজে ৷ খোৱাপানীৰ সমস্যাই মহানগৰীত গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সম্পৰ্কত সংবাদ মাধ্যমে যুগুত কৰা প্ৰতিবেদান সবিস্তাৰে প্ৰকাশ পাই অহাৰ পিছতো গা লৰা নাই জনপ্ৰতিনিধিৰ ৷
লগতে চাওক: মাত্ৰ এমাহৰ ভিতৰতে সমাধান হ'ব মহানগৰবাসীৰ খোৱাপানীৰ সমস্যা
উল্লেখ্য যে, বিভিন্ন সমস্যাৰে জৰ্জৰিত দিছপুৰ সমষ্টিৰ অন্তৰ্গত গুৱাহাটী পৌৰ নিগমৰ 52 নং ৱাৰ্ডৰ নাৰেংগীৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল হৈছে কমলাবাগান অঞ্চল ৷ দেশে স্বাধীনতা লাভ কৰাৰ 74 বছৰ পাৰ হোৱাৰ পিছতো কিন্তু এই অঞ্চলটোত খোৱাপানীৰ সমস্যাৰ কোনো স্থায়ী সমাধান নহ’ল ৷ কেৱল খোৱাপানীয়েই নহয়, ৰাস্তা-ঘাট, বিজুলী, উন্নত চিকিৎসাৰ অভাৱ আদি এশ এবুৰি সমস্যাৰ সৈতে সহাৱস্থান কৰিছে অঞ্চলবাসীয়ে ৷
পানীৰ উপৰিও অঞ্চলবাসীৰ আন এক প্ৰধান সমস্যা হৈছে বাট-পথৰ সমস্যা ৷ অঞ্চলটো পাহাৰীয়া হোৱাৰ বাবে জৰাজীৰ্ণ বাট-পথৰেই যাতায়াত অব্যাহত ৰাখিছে ৰাইজে ৷ বিশেষকৈ কমলাবাগানৰ মূল পথৰ পৰা নাৰেংগী সংযোগী পথটোৰ অধিকাংশই কেঁচা হোৱাৰ পৰিপ্ৰেক্ষিতত বাৰিষাৰ সময়চোৱাত সমগ্ৰ পথটোৱে বোকাময় হৈ পৰে ৷ স্বয়ং ৰাজ্যৰ ৰাজধানী চহৰখনত থকাৰ পিছতো অঞ্চলবাসীয়ে এতিয়াও বাঁহৰ দলঙৰেই যাতায়াত কৰিবলগীয়া হৈছে ৷ অঞ্চলবাসীৰ এনে সমস্যাসমূহৰ সন্দৰ্ভত ইতিমধ্যে বহুবাৰ সমষ্টিটোৰ জনপ্ৰতিনিধিক অৱগত কৰিছিল যদিও আজিলৈকে ইয়াৰ কোনো স্থায়ী সমাধান নোলাল ৷
লগতে চাওক: Drinking Water Problem : নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ কৰিছে মাধৱদেৱ নগৰৰ বাসিন্দাই
উল্লেখ্য যে, চৰকাৰ সলনিহে হৈছে, কিন্তু সলনি হোৱা নাই জনপ্ৰতিনিধিৰ ৰাইজৰ প্ৰতি কৰা অৱহেলাৰ মনোভাৱ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দিছপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক অতুল বৰাই অগপ চৰকাৰে পূৰ্বে শাসনৰ গাদীত অধিষ্ঠিত হৈ থকাৰ সময়তে 1997 চনত ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কমলাবাগান এলেকাত ব্যৱস্থা কৰি দিছিল এটা ৰাজহুৱা কুঁৱাৰ ৷
সম্প্ৰতি শীতকালৰ বাবে কুঁৱাটোৰ পানী শুকাই যোৱাত অঞ্চলবাসীয়ে বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিবলগীয়া হৈছে ৷ একমাত্ৰ দিছপুৰীয়া জনপ্ৰতিনিধিৰ চৰম অমনোযোগিতা আৰু পৌৰ নিগমৰ পানী যোগান আঁচনিয়ে এলেকাতো ঢুকি নোপোৱাৰ যাবে কমলাবাগানবাসীয়ে মহানগৰীত থাকিও এবাল্টি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে স্থানীয় লোকসকলে ৷
লগতে চাওক: মাওবাদে পোখা মেলিছে ৰাজ্যত; টাৰ্গেটত চাহ বাগিছা অঞ্চল